Logo
image

সঞ্জয় কিষাণৰ পাছত ‘আলফা’ক গামোচা পিন্ধাই মহাবিতৰ্কত মন্ত্ৰী যোগেন মোহন

ৰত্নাকৰৰ পৰা বাল্মিকী হ’বলৈ কিমান পৰ লাগে!

আমাৰ অসম, ১৩ জুনঃ দস্যু ৰত্নাকৰে বহু যুগ ধ্যান আৰু তপস্যাৰ বলত মহৰ্ষি বাল্মীকি হৈছিল৷ নাৰদ মুনিয়ে দস্যু ৰত্নাকৰক তেওঁ কৰা পাপ কৰ্মৰ চকু খুলি দিয়াৰ পাছতেই ধ্যানত মগ্ন হৈছিল ৰত্নাকৰ৷ বাল্মীকি হ’বলৈ বছৰ বছৰ ধৰি তপস্যা কৰোতে দস্যু ৰত্নাকৰৰ দেহত উঁই হাফলুৱেও বাহ বান্ধিছিল৷ দস্যু ৰত্নাকৰে মহৰ্ষি বাল্মীকি হ’বলৈ বহু যুগ লাগিছিল যদিও আধুনিক দস্যুৰ পৰা ঋষি হ’বলৈ বেছি সময়ৰ প্ৰয়োজন নহয়৷ বৰ্তমান সময়ত দস্যুৰ পৰা মহামানৱ হ’বলৈ এবছৰ, দুবছৰ বা সৰ্বাধিক পাঁচ বছৰ সময়েই যথেষ্ট৷ তাতে যদি এনে দস্যুৱে ৰাজনৈতিক দল বিশেষকৈ বিজেপিত যোগদান কৰে তেনেহ’লে বাল্মীকি হ’বলৈ কোনো সময়েই যেন নালাগে৷ দাগী অপৰাধী, একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী, হাজাৰ কোটি টকীয়া কেলেংকাৰিত জড়িতসকলে শাসকীয় ৰাজনৈতিক দলত যোগদান কৰা মানে গংগাত গা ধুই পৱিত্ৰ হোৱা কাৰ্য৷ কিছুদিন পূৰ্বে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাক ‘মিছলীয়া’ আখ্যা দি আলফাৰ ৰোষত পৰা মন্ত্ৰী সঞ্জয় কিষাণে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ বাধ্য হৈছিল৷ সাৰ্বভৌমত্বৰ ৰক্ষাৰ বাবে সংবিধানৰ শপত লোৱা এজন দায়িত্বশীল মন্ত্ৰীয়ে বিচ্ছিন্নতাবাদী সংগঠনৰ ওচৰত আঁঠু লোৱাত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধমক দিবলগীয়াও হৈছিল৷ মন্ত্ৰী সঞ্জয় কিষাণৰ এই বিতৰ্কৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ তথাকথিত ‘আলফা’ক গামোচা পিন্ধাই বিতৰ্কত সোমাই পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আন এজন মন্ত্ৰী৷  আলফাৰ নামত গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰি আৰক্ষী হাতত গ্ৰেপ্তাৰ হৈ জে’লৰ ভাত খোৱা অভিযুক্তকে মন্ত্ৰী যোগেন মহনে গামোছা পিন্ধাই আদৰণি জনোৱাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীজনে মাহমৰাৰ নিজ বাসগৃহতে সদস্যভৰ্তিৰ এখন সভা আয়োজন কৰি দুবছৰ পূৰ্বে মৰাণৰ হাজোৱা চাহবাগানত আলফাৰ হৈ গুলী ফুটাই গ্ৰেপ্তাৰ হোৱা উত্তম তেলেংগাক বিজেপিলৈ আদৰি আনিলে৷ উল্লেখ্য দুবছৰৰ পূৰ্বে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত অসম চাহ কোম্পানীৰ অধীনস্থ হাজোৱা চাহ বাগিচাত আলফাই গুলীবৰ্ষণ কৰি ধন দাবী কৰিছিল৷ এই ঘটনাৰ সংক্ৰান্ততে তদানীন্তন চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে  এটা পইণ্ট ২২ পিষ্টল, এখন পালচাৰ মটৰ চাইকেল, আলফাৰ নামত ধনদাবী পেড আৰু  আপত্তিজনক নথি পত্ৰসহ উত্তম তেলেংগাক  গ্ৰেপ্তাৰ কৰিছিল৷  আৰক্ষীয়ে তেলেংগাক জিম্মাত লৈ পৰৱৰ্তী সময়ত জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ তেনে এজন আলফাৰূপী অভিযুক্তকে গামোচা পিন্ধাই বিজেপিলৈ আদৰণি জনাই বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী মহন৷ যোগেন মহন এই কাৰ্যক লৈ এতিয়া দলৰ বাহিৰে ভিতৰে আনকি তৃণমূল পৰ্যায়তো ক্ষোভৰ উদগীৰণ ঘটিছে৷ ইপিনে, এজন দাগী অভিযুক্তক বিজেপি দলত ৰাজনৈতিক সংস্থাপন দি মন্ত্ৰী যোগেন মহনে উত্তম তেলেংগাক অপৰাধৰ গোচৰৰ পৰা ক্লীনশ্বীট দিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো ইতিপূৰ্বে বিজেপিয়ে বিৰোধী কেইবাজনো নেতাক পূৰ্বৰ গোচৰত গ্ৰেপ্তাৰৰ ভয় দেখুৱাই দলত যোগদান কৰোৱাৰ লগতে মৌনব্ৰত পালন কৰিবলৈ বাধ্য কৰোৱাৰো অনেক উদাহৰণ আছে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন হয় আধুনিক ৰত্নাকৰ স্বৰূপ এনে দাগী অভিযুক্ত তথা অপৰাধীসকল বিজেপিত যোগদান কৰিলেই বাল্মীকি হৈ পৰে নেকি? বিজেপিৰ আদৰ্শ ল’লেই পূৰ্বৰ অপৰাধ অৰ্থাৎ সাত খুন মাফ হৈ যায় নেকি? কিয়নো একে অভিযোগত বিৰোধী বিধায়কক পোতাশাললৈ নিক্ষেপ কৰাৰ পাছতো সতীৰ্থ বিজেপি বিধায়কক খোদ মুখ্যমন্ত্ৰীয়েই ক্লীনশ্বীট দিয়াহে দেখা গৈছে৷ বিধায়ক পুঁজিৰ অনিয়মৰ অভিযোগত নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক চি এম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল যদিও বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজিৰ অনিয়মৰ চি এম ভিজিলেন্সে তদন্ত কৰিলেও এই অনিয়মৰ বাবে তদানীন্তন জিলা উপায়ুক্তকহে জগৰীয়া বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাও দেখা গৈছে৷