Logo
image

মেটাভাৰ্ছৰ পূৰ্বেই ছ’চিয়েল মিডিয়াত নিজকে হেৰুৱাইছে নতুন প্ৰজন্মই

ওছাকা নহয়, ড॰ সুকৃতিৰ ‘অস্তিত্ব’ পোৱা গৈছে আমেৰিকাত!

আমাৰ অসম, ১৪ জুনঃ মেটাভাৰ্ছৰ দুনিয়াত আপুনি ঠগ খাই গ’ল৷ ফেচবুকে মেটাভাৰ্ছ পূৰ্ণৰূপত আৰম্ভ নৌকৰোতেই ডাঃ সুকৃতি চৌধুৰীয়ে অসমৰ ফেচবুক ব্যৱহাৰকাৰীক টিলিকতে বুৰ্বক বনাই দিলে৷ বহুতৰে জীৱনৰ গোপন কথা-সমস্যা ফেচবুক-মেচেঞ্জাৰৰ জৰিয়তে সমাধান কৰি ডাঃ সুকৃতি চৌধুৰী অসমৰ নেটিজেন বা নেট-নাগৰিকৰ ইমানেই আপোন হৈ পৰিল, তেওঁ কেনেকৈ, কেতিয়ানো সকলোৰে আবেগৰ সৈতে মোকাবিলা কৰি ফেচবুকৰ পৰাই হাজাৰ হাজাৰ ডলাৰ ঘটিলে, কোনেও তাৰ ফুটকে নাপালে৷ ১১ জুনত ডাঃ সুকৃতি চৌধুৰীয়ে ফেচবুকৰ পৰা অহফুট দিলে, মানে তেওঁৰ মৃত্যু হ’ল অথবা মৃত্যু ঘটোৱা হ’ল৷ সেই মৃত্যু হ’ল একোটা জনপ্ৰিয় ছিৰিজৰ নায়ক বা নায়িকাৰ দৰে, যাক অভিহিত কৰা হয় ‘কিলিং অফ’ [KILLING OFF] বুলি৷ ‘কিলিং অফ’ত নায়ক বা নায়িকাৰ মৃত্যুৰ পাছতো, লাগিলে সেয়া সাহিত্যই হওঁক বা টেলিভিছনৰ ধাৰাবাহিক, ভিডিঅ’ গেমেই হওঁক বা এনিমে– সদায় কাহিনী উত্থান-পতনৰ মাজেৰে আগবাঢ়ি যায়৷ পিছে ডাঃ সুকৃতি চৌধুৰীৰ ‘কিলিং অফ’ত তেওঁক ‘হত্যা’ কৰাৰ লগে লগে চিৰতৰে আঁতৰি গ’ল ইমানদিনে তেওঁ ফেচবুকত দিয়া পোষ্ট, সমস্ত লিখনি৷ যাতে কোনেও, কেতিয়াও ডাঃ সুকৃতি চৌধুৰীৰ  অস্তিত্ব আৰু স্ৰষ্টাক বিচাৰি নাপায়, জবাবদিহি কৰাৰ সুযোগ নাথাকে৷ কিন্তু সকলো অপৰাধীয়েই যিদৰে অপৰাধ সংঘটিত কৰোতে এটা হ’লেও ‘ক্লু’ এৰি থৈ যায়, তাৰ ব্যতিক্ৰম ডাঃ সুকৃতি চৌধুৰীৰ ‘হত্যা’ৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহ’ল৷ প্ৰায় সকলো পোষ্ট সৃষ্টিকৰ্তাই ‘ডিলিট’ কৰিলেও ডাঃ সুকৃতি চৌধুৰীৰ  ফেচবুক একাউণ্ট ‘ডি-এক্টিভেট’ কৰিলেও, ভুলতে স্ৰষ্টাই এৰি গ’ল তেওঁৰ এটা ‘ব্লগ’৷ সেই ব্লগৰ সূত্ৰৰ পম খেদিয়েই উদ্ধাৰ হৈছে ডাঃ সুকৃতি চৌধুৰীৰ ফেচবুক একাউণ্টৰ ‘আই পি এড্ৰেছ’৷ সেই ‘আই পি এড্ৰেছে’ই সন্ধান দিছে, ডাঃ সুকৃতি চৌধুৰীৰ নামত যিটো ভাৰ্চুৱেল চৰিত্ৰ সৃষ্টি কৰা হৈছিল, সেয়া পৰিচালিত হৈছিল– আমেৰিকাৰ পৰা, জাপানৰ ওছাকাৰ পৰা নহয়৷  সম্ভৱতঃ কেলিফ’ৰ্নিয়া অথবা চিকাগো চহৰৰ পৰা৷ কিয়নো বিশেষ ‘ছাৰ্ছ টুল’ৰ জৰিয়তে ডাঃ সুকৃতি চৌধুৰীৰ  ‘আই পি এড্ৰেছ’ ১৪২.২৫১.৪৬.২...ৰ [সম্পূৰ্ণকৈ উল্লেখ কৰা নাই] সন্ধান চলোৱাত দেখা গ’ল ২০২১ চনৰ জুনৰ পৰা এতিয়ালৈকে এই একাউণ্ট পৰিচালিত হৈ আছে আমেৰিকাৰ পৰা৷ 

ইণ্টাৰনেট নেটৱৰ্কৰ নূন্যতম জ্ঞান নোহোৱাকৈ বহু নেট নাগৰিকে ডাঠি মতামত ব্যক্ত কৰাৰ দৰে এই চৰিত্ৰ সৃষ্টি অসমত হোৱা নাই বা অনেকৰ পৰিচিত জনপ্ৰিয় লিখকে সৃষ্টি কৰা নাই৷ অৱশ্যে তাৰ মাজতো আছে জটিল কাৰিকৰী কথা৷ যদিহে ডাঃ সুকৃতি চৌধুৰীৰ সৃষ্টিকৰ্তাই তেওঁৰ ‘আই পি এড্ৰেছ’ ‘ডাইনেমিক’ কৰি থৈছিল অথবা তেওঁ ভিপিএন ব্যৱহাৰ কৰিছিল, তেন্তে তেওঁ ইণ্টাৰনেট নেটৱৰ্ক থকা বিশ্বৰ যিকোনো স্থানৰ পৰাই পৰিচালনা কৰিব পাৰিব এই একাউণ্ট৷ কিন্তু সেই সম্ভাৱনা তেনেই ক্ষীণতম৷

ফেচবুক-পাগল অসমীয়াৰ বাবে ছাগৈ বিষয়টো জটিল হৈ পৰিছে৷ এই ‘আই পি এড্ৰেছ’, ‘ভিপিএন’ লৈ মূৰঘমোৱা অসমীয়া নেট নাগৰিকো নাই, সাংবাদিকো বিৰল৷ সেয়ে ডাঃ সুকৃতি চৌধুৰীৰ কায়িক অস্তিত্ব আছিল নে নাই, সেয়া নজনাকৈ অথবা সামান্য অনুসন্ধান নকৰাকৈ অসমৰ টেলিভিছন চেনেলে দেওবাৰে ব্ৰেকিং নিউজ বজাই দিলে ডাঃ সুকৃতি চৌধুৰীৰ  অকাল মৃত্যুৰ, ডাল-পাত জোৰা কথাৰে সোমবাৰে চলাই দিলে এঘণ্টাৰ টক শ্ব’৷ যাৰ ‘নিট’ ফল শূন্য৷ অনস্বীকাৰ্য যে, এই সকলোবোৰৰে সমল হৈছে অসমীয়া দৰ্শকৰ অপ্ৰয়োজনীয় বিষয়ৰ প্ৰতি অহেতুক আগ্ৰহ আৰু ছ’চিয়েল মিডিয়া বা তাতকৈ স্পষ্টভাষাত ক’বলৈ হ’লে ফেচবুকে গ্ৰাস কৰা এখন অসমীয়া সমাজ৷ 

সম্প্ৰতি অসমৰ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, তাৰ চমু সাৰাংশ হৈছে,  ১] অসমক ফেচবুকে গ্ৰাস কৰি পেলাইছে, ২] বিষয় যিমানেই অপ্ৰয়োজনীয় নহওঁক কিয় সকলোৱেই ছ’চিয়েল মিডিয়াত জপিয়াই পৰে আৰু ৩] সকলোৱে হকে-বিহকে ছ’চিয়েল মিডিয়াত বিজ্ঞৰ দৰে মতামত ব্যক্ত কৰে৷ সেই তিনিটা কাৰণতে অসমত বিগত দুদিন ধৰি মেইনষ্ট্ৰীম মিডিয়া আৰু ছ’চিয়েল মিডিয়াত কেৱল চলিছে  ডাঃ সুকৃতি চৌধুৰী৷ যি আচলতে ভাৰ্চুৱেল– অপাৰ্থিব৷ সকলোৱেই এতিয়া ফেচবুকৰ এই ভাৰ্চুৱেল জগতখনত নিবিড়ভাৱে জড়িত হৈ পৰিছে, কাৰো সৈতে পৰিচয় নথকাকৈয়ে, কায়িক উপস্থিতি আছেনে নাই সেয়া নজনাকৈয়ে৷ অসমত ফেচবুকৰ আসক্তি ইমানেই বাঢ়িছে যে নাচাওঁ নাচাওঁ বুলি কোৱা ব্যক্তিজনেও দিনটোত জ্জযজ্জ্ব ঘণ্টা সময় ফেচবুকত ব্যয় কৰে৷ সঁচাসচিকৈ ফেচবুক কৰি থকাসকলে কিমান ঘণ্টা এই মাধ্যমত ব্যয় কৰে তাৰ সীমা নাই৷ প্ৰকৃততে এনে এক ছ’চিয়েল মিডিয়াই অসমৰ এটা প্ৰজন্মক বাস্তৱৰ পৰা ভাৰ্চুৱেল জগতলৈ আঁতৰাই লৈ গৈছে৷ বাস্তৱ এৰি আৱদ্ধ হৈ পৰিছে এখন ভাৰ্চুৱেল বা অপাৰ্থিব জগতত৷ তেনে লোকৰ বাস্তৱ জগতত হৈ থকা ঘটনাৰ প্ৰতি মুঠেই দৃষ্টি নাই৷ ম’বাইলৰ স্ক্ৰীণত যন্ত্ৰৱৎ আৱদ্ধ হৈ ৰৈছে অমূল্য জীৱনৰ ততোধিক অমূল্য সময়৷ 

এতিয়াও ফেচবুকৰ মেটাভাৰ্ছ পূৰ্ণৰূপত আৰম্ভ হোৱা নাই৷ মেটাভাৰ্ছৰ পূৰ্বেই ছ’চিয়েল মিডিয়াত নিজকে হেৰুৱাইছে নতুন প্ৰজন্মই৷ সেই জগতত নিজকে বিলীন কৰি দিয়া অলেখ বৰ্ষীয়ান আৰু কিশোৰ-কিশোৰীও আছে৷ ২০২১ত ফেচবুকে আৰম্ভ কৰিছে তেওঁলোকৰ মেটা প্লেটফৰ্ম৷ সেই মেটা প্লেটফৰ্মৰ এতিয়া সূচনাহে হৈছে, ই গতি লোৱা নাই৷ মেটাভাৰ্ছ কি বুলি প্ৰশ্ন কৰিলে পোনপটীয়া উত্তৰ হ’ব– ই দূৰৈৰ পৃথিৱী৷ মেটা মানে পশ্চাৎ বা পিছৰ৷ ভাৰ্ছ আহিছে বিশ্বব্ৰহ্মাণ্ড বা ইউনিভাৰ্ছৰ ‘ভাৰ্ছ’ৰ পৰা৷ ইয়াৰ অন্যাৰ্থ হৈছে ভৱিষ্যতৰ মহাবিশ্ব৷ ১৯৯২ চনত নীল ষ্টিফেনচন নামৰ এজন ছবি নিৰ্মাতাই বিজ্ঞানৰ কল্প কাহিনীক লৈ ‘স্নো ক্ৰাছ’ নামৰ এখন ছবি নিৰ্মাণ কৰিছিল৷ য’ত তেওঁ মানুহক প্ৰগ্ৰেম কৰিব পৰা বা প্ৰগ্ৰেমেবল অৱতাৰ হিচাপে উপস্থাপন কৰিছিল আৰু তাৰ নাম দিছিল মেটাভাৰ্ছ৷ এই মেটাভাৰ্ছ হৈছে এখন ভাৰ্চুৱেল জগত৷ ফেচবুকে সকলোকে অচিৰেই মেটাভাৰ্ছৰ জৰিয়তে এখন কল্পজগত বা ভাৰ্চুৱেল জগতলৈ লৈ যাব৷ তাত ফেচবুক ব্যৱহাৰকাৰীয়ে নিজকে ‘থ্ৰি ডাইমেনচনেল’ বা ত্ৰিমাত্ৰিক ৰূপত আৱিষ্কাৰ কৰিব৷ সন্দেহ নাই, ফেচবুকৰ সেই মেটাভাৰ্ছ ৰূপত দুনিয়াৰ সকলো নেটিজেনৰ সৈতে উন্মাদভাৱে জপিয়াই পৰিব অসমৰ এই নেট- নাগৰিকসকল৷ যি অসমীয়া নেটিজেন এতিয়া ভাৰ্চুৱেল চৰিত্ৰ ডাঃ সুকৃতি চৌধুৰীৰ আখৰ আৰু মাজনিশা মেছেঞ্জাৰত আগবঢ়োৱা গোপন পৰামৰ্শৰ বানত বিদ্ধ, সেই অসমীয়া নেটিজেন মেটাভাৰ্ছৰ কামশৰত একেকোবে লুটি খাই যে বাগৰি পৰিব সেয়া অৱধাৰিত৷ ডাঃ সুকৃতি চৌধুৰীৰ ভাৰ্চুৱেল চৰিত্ৰৰ বিষয়ে ‘আমাৰ অসমে’ উন্মোচন কৰাৰ পাছত অসমৰ ডেকা-বুঢ়া, পুৰুষ-মহিলা অনেক নেটিজেনেই  এতিয়া লাজত মুখ দেখুৱাব নোৱাৰা হৈছে৷ কিয়নো তেওঁলোকৰ অনেকে মাজনিশা মেছেঞ্জাৰত ডাঃ সুকৃতি চৌধুৰীৰ সৈতে আলাপ কৰিছিল৷ তেওঁক মনস্তত্ববিদ বুলি জানি নিজৰ জীৱনৰ বহু গোপন কথা জনাইছিল আৰু তেওঁৰ পৰ পৰামৰ্শও লৈছিল৷ এতিয়া সেই চৰিত্ৰ কাল্পনিক বুলি জানি অসমৰ লাখ লাখ নেট-নাগৰিকে পস্তাবলৈ আৰম্ভ কৰিছে– কি যে কৰিছিলো মই/ দেওবাৰে তেনে অসংখ্য নেটিজেনে তেওঁলোকৰ মৰমৰ ডাঃ সুকৃতি চৌধুৰীৰ জাপানৰ ওছাকাত মৃত্যু হোৱা বুলি জানি শোকত হায়ৈ-বিয়ৈ কৰিছিল৷ পিছে ‘আমাৰ অসম’ত  ডাঃ সুকৃতি চৌধুৰীৰ ৰহস্য উন্মোচিত হোৱাৰ পাছত সোমবাৰে অসমৰ সেই সেই নেট -নাগৰিকৰ মুখ বিস্ময়ত মেল খাই গৈছে৷ এনে এক কল্পচৰিত্ৰৰ সৈতে ইমান সময় কেনেকৈ কটাইছিল বুলি ভাবি আশ্চৰ্যান্বিত হৈছে৷ পিছে এটা কথাত কাৰো আক্ষেপ নাই– ডাঃ সুকৃতি চৌধুৰীয়ে সকলোকে সদুপদেশ দিছিল, কাৰো অপকাৰ কৰা নাছিল৷ পিছে তেওঁ অনেকৰে জীৱনৰ গোপন কথা জানি পেলোৱাক লৈহে উদ্বিগ্ন হৈ আছে তেনে নেট-নাগৰিক৷ কোৱা বাহুল্য মাথোঁ, যিজন স্ৰষ্টাই ডাঃ সুকৃতি চৌধুৰীক সৃষ্টি কৰিছিল তেওঁ এতিয়াও  জীৱিত৷ নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি তেওঁ এতিয়া ৰং চাই আছে অসমৰ নেট-নাগৰিকৰ৷ খুব সম্ভৱতঃ আমেৰিকাৰ কেলিফ’ৰ্ণিয়া অথবা চিকাগোত বহি সকলো কথাৰে উমান লৈ আছে সেই ফেচবুকৰ দ্বাৰাই৷  তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, ডাঃ সুকৃতি চৌধুৰীৰ মৃত্যুৰ সমান্তৰালকৈ ভাগ্যশ্ৰী নামৰ আন এক ভাৰ্চুৱেল চৰিত্ৰৰো মৃত্যু ঘটিছে৷ সেই ভাগ্যশ্ৰীৰ স্ৰষ্টাও একেজনেই৷ অনেকে এই কথা জানি  আচৰিত হ’ব, ফেচবুকত অসংখ্য ‘ফলোৱাৰ’ সৃষ্টি কৰি ডাঃ সুকৃতি চৌধুৰীৰ স্ৰষ্টাই বহু হাজাৰ মাৰ্কিন ডলাৰ ফেচবুকৰ পৰাই উপাৰ্জন কৰি ল’লে, অসমৰ লাখ লাখ নেটিজেনৰ সমৰ্থনত, কিন্তু অজ্ঞাতে৷ সেই অধ্যায় অচিৰেই মুকলি হ’ব৷ ফিক্‌চনত কাল্পনিক চৰিত্ৰ অবৈধ নহয়, কিন্তু ফেচবুকত ভুৱা একাউণ্ট খোলাটো ভাৰতীয় আইন অনুসৰি শাস্তিযোগ্য অপৰাধ৷ তেন্তে কি হ’ব ডাঃ সুকৃতি চৌধুৰীৰ স্ৰষ্টাৰ৷ উদ্ধাৰ হ’বনে তেওঁৰ প্ৰকৃত পৰিচয়৷ অচিৰেই তাকো জানিব পাৰিব ‘আমাৰ অসম’ৰ পাঠকে৷