Logo
image

মেট্ৰিক ফেইল স্কুলক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৪ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শতাধিক বিদ্যালয়ৰ শূন্য ফলাফলক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মেট্ৰিকত শূন্য ফলাফল প্ৰদৰ্শন কৰা ১০২ খন বিদ্যালয়ৰ শিক্ষকক এইবাৰ গামোচা পিন্ধাই শাস্তিমূলক ব্যৱস্থা ল’ব মুখ্যমন্ত্ৰীয়ে৷ বেয়া ফলাফল প্ৰদৰ্শন কৰা হাইস্কুলৰ শিক্ষকে শাস্তি পাবই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ ইতিমধ্যে মেট্ৰিকত নিম্ন ফলাফল প্ৰদৰ্শন কৰা ১০২ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকে৷ সংশ্লিষ্ট বিদ্যালয় কেইখনৰ মূৰব্বী কেইজনক হতাশজনক ফলাফলৰ বাবে কিয় বৰ্খাস্ত কৰা নহ’ব সেই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈও নিৰ্দেশ দিছে৷ মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা শ্ব’কজ লাভ কৰা বিদ্যালয়সমূহৰ ২৫ খনৰে মেট্ৰিকত ফলাফল আছিল শূন্য৷ বাকী ৭০ খন বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ১০ শতাংশৰ তলত আৰু আন ৭ খন বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ১০ শতাংশ৷ শিক্ষা বিভাগৰ পৰা জাননী লাভ কৰা বিদ্যালয়ৰ মুৰব্বী সকলে প্ৰত্যুত্তৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে যদিও ইয়াৰ মাজতে ফলাফল শূন্য বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–ক’ভিডৰ বাবে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বিগত আঢ়ৈ বছৰ ধৰি বন্ধ হৈ আছিলে৷ তাৰ প্ৰৰিপ্ৰেক্ষিতত মেট্ৰিকৰ যি ফলাফল আহিছে তাক লৈ মই অসন্তুষ্ট নহয়৷ এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৬০ শতাংশ যথেষ্ট ভাল ফলাফল বুলি ক’ব পাৰি৷ অসমত সচৰাচৰ মেট্ৰিকত ৬৫ শতাংশতকৈ অধিক উত্তীৰ্ণৰ হাৰ নহয়৷ সমস্যা হৈছে কিছুসংখ্য্য বিদ্যালয়ৰ ফলাফল শূন্য হ’ল৷ সেই ফলাফল শূন্য ১০৩ খন হাইস্কুলৰ শিক্ষকসকলৰ ওপৰত চৰকাৰে ব্যৱস্থা ল’ব৷ কাৰণ এইসকল শিক্ষকৰ ওপৰত যদি আমি ব্যৱস্থা নলও, তেনেহ’লে ১০০ শতাংশ উত্তীৰ্ণ শিক্ষানুষ্ঠান সমূহে ভাবিব আমি ভাল ফলাফল দেখুৱালৈও পুৰস্কাৰ নিদিয়ে আৰু বেয়া ফলাফল দেখুৱা সকলকো সম দৃষ্টিৰে চাই৷ গতিকে আমি ভাল ফলাফল নোহোৱা স্কুল সমূহৰ শিক্ষকসকলৰ সৈতে কিছু কথা বতৰা পাতিব লাগিব৷ সাংবাদিকসকলে এই ১০৩ খন বিদ্যালয়ৰ শিক্ষকসকলক ৰূপালী জয়ন্তী বৰ্ষ গৰকা শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু সকলৰ সৈতে একেশাৰীত ৰাখিব বিচৰা কাৰ্যত মোৰ আপত্তি আছে৷ আমাৰ মাজত বহু শিক্ষাগুৰু আছে তেওঁলোক প্ৰাতঃস্মৰণীয়৷ কিন্তু আমাৰ মাজত এনে শিক্ষকো আছে যি এল আই চি এজেণ্ট৷ সাংবাদিকে এই শিক্ষকসকলক একেলগ কৰিব নালাগে৷ চাকৰি মানবীয়তাৰ খাতিৰত নহয়, চাকৰি হয়  ছাত্ৰৰ খাতিৰত৷ গতিকে বহু কথা নতুনকৈ চিন্তা কৰিবলগীয়া আছে৷ প্ৰাদেশিকীকৰণ তথা টে’ট অবিহনে শিক্ষক নিযুক্তিয়ে শিক্ষা ব্যৱস্থাটোক বহু তললৈ লৈ গ’ল৷ যিসল শিক্ষকে এল আই চি এজেণ্ট কৰিছে, সাংবাদিকতা কৰিছে বা ৰাজনৈতিক দলত ঘূৰিছে, সেইসকলক আমি দুষাৰ টান কৰি কলে, সাংবাদিকসকল ইয়াৰ মাজত সোমবাব নালাগে৷ বেয়া ফলাফল কৰা ১০৩ খন শিক্ষানুষ্ঠানৰ শিক্ষকক মাতি আনি আমি গামোছা পিন্ধালে, সাংবাদিকসকলে বেয়া পাব নালাগে৷ প্ৰকৃত শিক্ষাগুৰু সকলে তেতিয়াহে ভাল পায়, যেতিয়া শিক্ষকৰ মুখা পিন্ধি বেলেগ কাম কৰি থকা সকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লয়৷ নহ’লে প্ৰকৃত শিক্ষকসকলে নিৰুৎসাহিত হৈ পৰে৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ফলাফল বেয়া হোৱা বুলি চলা প্ৰচাৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ ক’ভিডৰ বাবে ৬ মাহ ল’ৰা-ছোৱালীয়ে স্কুল যোৱা নাছিল, অনলাইন ক্লাছৰ বাবেও মোবাইল নাছিল৷ তাৰ পাছতো বহু স্কুলৰ পৰা ১০০ শতাংশই পাছ কৰিছে৷ মই ভাবো সেয়েহে সকলো শিক্ষককে নিৰুৎসাহিত কৰিব নালাগে৷ বেয়া ফলাফল কৰা কিছুমান স্কুলক আমি অনিচ্ছা স্বত্বেও প্ৰাদেশিকীকৰণ কৰিছিলো৷ আমি জানিছিলো এই সমূহ স্কুলত ভাল ফলাফল নহয়৷ ১০৩ খন বিদ্যালয়ৰ ৭০ খন বিদ্যালয়কে অনিচ্ছা স্বত্বেও প্ৰাদেশিকীকৰণ কৰা হৈছিল৷

অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ফলাফল বেয়া হোৱা বুলি চলা চৰ্চা অসত্যঃ মুখ্যমন্ত্ৰী

‘ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ সপক্ষে থিয় দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যৰ পৰিশ্ৰম কৰা শিক্ষকসকলৰ সৈতে এল আই চি কৰা শিক্ষকসকলক একাকাৰ নকৰিবলৈ সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰী ড॰  শৰ্মাই৷ তেওঁ লগতে কয় যে, ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকল আঢ়ৈ বছৰে বিদ্যালয়লৈ যাব পৰা নাছিল ক’ভিডৰ বাবে৷ তেনে অৱস্থাত ৬০শতাংশ উত্তীৰ্ণ হোৱাটো কোনো বেয়া ফলাফল নহয় বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীজনে আৰু কয় যে, এই ফলাফলক লৈ তেওঁ সন্তুষ্ট৷ তেওঁ আৰু কয় যে, উত্তীৰ্ণৰ সংখ্যা শূন্য হোৱাটোহে চিন্তনীয় আৰু এনে ১০৩খন বিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব৷ ইয়াৰ সপক্ষে যুক্তি আগবঢ়াই মুখ্যমন্ত্ৰীজনে কয় যে যদিহে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহ’লে এশ শতাংশ উত্তীৰ্ণ হোৱা বিদ্যালয়সমূহৰ শিক্ষকসকলে ভাবিব যে, তেওঁলোকৰ কষ্টৰ বিপৰীতে চৰকাৰে পুৰস্কাৰো নিদিয়ে আৰু বেয়া ফলাফল কৰা সকলকো সমান চকুৰেই চায়৷ এনে কথাই কষ্টকৰা শিক্ষকসকলক হতাশ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীজনে তেজপুৰৰ ঐতিহ্যমণ্ডিত ছিলভাৰ জুবিলি বিদ্যালয়ৰ নাম উল্লেখ কৰি এনে বিদ্যালয়ৰ শিক্ষকৰ সৈতে এল আই চি এজেণ্ট কৰা শিক্ষকসকলক তুলনা নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়৷ তেওঁ ৰাজ্যখনত বহু প্ৰাতঃস্মৰণীয় শিক্ষক আছে বুলিও মন্তব্য কৰে৷ তেওঁ কষ্ট কৰা শিক্ষকসকলৰ সৈতে এল আই চি কৰা শিক্ষকসকলক একে বুলি ধৰিব নালাগে বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীজনে কয় যে, যোৱা তিনি-চাৰিদিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ যিবোৰ কথা সংবাদ মাধ্যমত চৰ্চা হৈছে সেয়া সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ এনেদৰে পৰিশ্ৰমী শিক্ষকসকলক হতাশ নকৰিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয় যে, এনে কিছুমান বিদ্যালয় আছে য’ত আচলতে বিদ্যালয় স্থাপনেই কৰিব নোৱাৰি৷ এইবোৰ বিদ্যালয় তেনেদৰেই চলি আহিছে৷ তেওঁ লগতে কয় যে, বহুসংখ্যক আহে মানৱতাৰ নামত চাকৰি এটা বিচাৰি৷ ‘মানৱতাৰ নামত চাকৰি কেনেকৈ হ’ব! চাকৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হ’ব লাগিব’ বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ পুনৰ কয় যে, বেয়া ফলাফলৰ লোকক তথা টেটৰ অবিহনে বিদ্যালয়ত হোৱা নিযুক্তিৰ বাবেই এনে অৱস্থা হৈছিল যিবোৰৰ এতিয়া পৰিৱৰ্তন হৈ আছে৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে, ফলাফল শূন্য হোৱা বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতেও এই সকলো বিষয় আলোচনা কৰা হ’ব৷ তেওঁ কয় যে, এই বিদ্যালয়সমূহত ৰিক্সাচালক, ঠেলাচালক, কৃষকৰ সন্তান তথা বহুসংখ্যক দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে পঢ়ে৷ ক’ভিডৰ ছমাহ সময়ত তেওঁলোকে পঢ়িব নোৱাৰিলেই বুলি প্ৰকাশ কৰি তেওঁ আৰু কয় যে, ক’ভিডকালিন পৰিস্থিতিৰ বাবে ছমাহকাল বিদ্যালয়সমূহ বন্ধ হৈ আছিল আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ হাতত অনলাইন শ্ৰেণী কৰিব পৰাকৈ একোটা স্মাৰ্ট ফোন নথকাৰ বিষয়টো তেওঁ আঙুলিয়াই দিয়ে৷ অৱশ্যে বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰি তেওঁ কয় যে সকলোকে সমালোচনা কৰাৰ ফলত বেয়া ফলাফলৰ লগতে ভাল ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়ৰ শিক্ষকসকলৰ মনতো হতাশাৰ সৃষ্টি হ’ব৷ তেওঁ ৰাজ্যৰ কিছুমান অঞ্চলৰ বিদ্যালয় স্থাপনৰ উপযুক্ত পৰিৱেশেই নাই বুলি উল্লেখ কৰি লগতে কয় যে ৰাজ্যৰ কিছুমান বিদ্যালয় চৰকাৰে অনিচ্ছাসত্ত্বেও প্ৰাদেশিকীকৰণ কৰিবলগীয়া হৈছে৷ ১০৩খন বিদ্যালয়ৰ ভিতৰত প্ৰায় ৭০খন এনে বিদ্যালয় আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমীয়া মাধ্যমৰ বহু বিদ্যালয়ৰ পৰা এশ শতাংশ উত্তীৰ্ণ হৈছে, টিচি বিদ্যালয়ৰ পৰা ষ্টেনো কৰিছে৷

অসমত এতিয়া বিজেপিৰ বিৰোধী কোনো নাই! মুখ্যমন্ত্ৰী

তেজপুৰৰ বাটমাৰিস্থিত সন্মিলন কেন্দ্ৰতে অহা ছমাহৰ পাছতেই অনুষ্ঠিত হ’ব ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন৷ আজি মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে এই কথা৷ তদুপৰি, ছমাহৰ পাছতে তিনিচুকীয়াত পুনৰ উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী ড॰  শৰ্মাই উপায়ুক্ত সন্মিলনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, অহা সময়চোৱাত ৰাজ্যৰ ছবি সলনি হৈ যাব৷ ইয়াৰ বাবে সকলোৱে যোগাত্মক মানসিকতাৰে আগবাঢ়িব লাগিব বুলিও তেওঁ কয়৷ উপায়ুক্তসকলে ভাল কাম কৰি আছে বুলিও দোহাৰে ড॰  শৰ্মাই৷ যোৱা নিশা ডেৰ বজালৈকে অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনৰ পাছত আজি পুৱা ৯-৩০ বজাৰ পৰা মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পুনৰ আৰম্ভ হয় উপায়ুক্ত সন্মিলন৷ আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী অজন্তা নেওঁগ, অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, পীয়ূষ হাজৰিকা আদি কেইবাটাও বিভাগৰ মন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত সম্প্ৰতি ৰাজ্যৰ বিভিন্ন স্থানত চলা উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমত বৰ্তমান বনাঞ্চলকে ধৰি এইক্ষেত্ৰত যেনেদৰে কাম হৈছে সেয়া আন কোনো ৰাজ্যৰ লগতে তুলনাই নহয়৷ লামডিং, লাহৰিজান, গৰুখুটি আৰু লাওখোৱাৰ উচ্ছেদৰ উদাহৰণ ডাঙি ধৰি মুখ্যমন্ত্ৰীজনে আৰু কয় যে, উচ্ছেদ চলাবলৈ বুলড’জাৰ, জে চি বি লাগিবই৷ সেয়া যন্ত্ৰহে বুলি প্ৰকাশ কৰি তেওঁ আৰু কয় যে, সেইবুলি কোনেও বুলড’জাৰ বা জেচিবিৰ কোনেও প্ৰম’ট কৰা নাই, উচ্ছেদকহে গুৰুত্ব দিছে৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, বুলড’জাৰৰ বিষয়টো সংবাদ মাধ্যমেহে গুৰুত্ব দিছে৷ এটা ঘৰ ভাঙিবলৈ যাওঁতে এইবোৰ যন্ত্ৰৰ ব্যৱহাৰ হয়েই বুলি তেওঁ পুনৰ দোহাৰে৷ অসম আৰু উত্তৰ প্ৰদেশত বিজেপি চৰকাৰে বুলড’জাৰখন প্ৰদৰ্শন কৰা নাই বুলিও তেওঁ মন্তব্য কৰে৷ আনহাতে, অপৰাধৰ বিৰুদ্ধে অপৰাধৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যিমান কঠোৰ হৈছে তাৰ বাবে উচ্ছন্যায়ালয়ত শপতনামা দাখিল কৰিয়েই থাকিব লাগে বুলি টিপ্পনী কৰা মুখ্যমন্ত্ৰী ড॰  শৰ্মাই আৰু এই প্ৰসংগত কয় যে ৰাজ্য চৰকাৰৰ এনে ভূমিকাৰ বাবে ৰাজ্যত বৰ্তমান অশান্তি নোহোৱা হৈ পৰিছে৷ দেশৰ আন স্থানত হোৱাৰ দৰে অসমত তেনেধৰণৰ ঘটনা ঘটা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয় যে আমাৰ লগত সকলো শ্ৰেণীৰ ৰাইজ আছে ক’তো একো ঘটা নাই৷ তেওঁ প্ৰসংগক্ৰমে কয় ‘সকলো ভালে থাকিলে এনেই কিবা এটা কৰি থাকিব নালাগে৷ ’৷এতিয়া ৰাইজে নিজেই খেতি কৰিম, ধান উৎপাদন কৰিম বুলি কোৱা বুলিও মন্তব্য কৰি ড॰  শৰ্মাই এই সন্দৰ্ভত কয় যে, আমি মাজত গৈ হুলস্থূল কৰি থকাতো বেয়া৷ তেওঁ আৰু কয় যে, এতিয়া ৰাজ্যত ধানৰ মূল্য প্ৰতি কুইণ্টলত ২০৪০টকা হ’ব, কিন্তু এইক্ষেত্ৰত শোণিতপুৰ আৰু বিশ্বনাথ পিছ পৰি থকা বুলি লগতে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এইক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজক খেতি কৰাৰ প্ৰতি আকৰ্ষণ কৰাৰ প্ৰচেষ্টা কৰিব লাগে যাতে আমাৰ যুৱক-যুৱতীসকল খেতি পথাৰলৈ পুনৰ উভতি আহে৷ নহ’লে মাজতে আমাৰ যুৱক-যুৱতীসকল আন দিশত গুছি গৈছিল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে, এতিয়া আমি সোণালী শইচ উৎপাদন কৰিব লাগে আৰু অসমখনক স্বাৱলম্বী কৰিব লাগে৷ ইফালে, ৰাজ্যত এতিয়া এতিয়া বিৰোধীৰ ভূমিকাও বিজেপিয়েই ল’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰  শৰ্মাই৷ তেওঁ কয় যে, ৰাজ্যৰ সকলো লোকেই বিজেপিৰ লগত আছে৷ অসমীয়া সমাজ, বাঙালীভাষী সমাজ, হিন্দীভাষী সকলোৰে লগতে অনুসূচিত, জনজাতি, খিলঞ্জীয়া মুছলমান, গোৰ্খা সমাজ সকলো বিজেপিৰ লগতে থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীজনে কয় যে কাৰ্বি আংলঙৰ পৰিষদীয় নিৰ্বাচনত ইয়াত থকা প্ৰায় ২৫শতাংশ খ্ৰীষ্টান ভোটাৰেও বিজেপিকে ভোটদান কৰিছে৷ এনেস্থলত ৰাজ্যত বিজেপিৰ বিৰোধী বুলিবলৈ আন দল নাই বুলি দাবী কৰি তেওঁ কয় যে, বিজেপিৰ বিধায়ক তথা মানুহেহে বেয়া কাম কৰি কৰিহে ৰাজ্যত বিজেপিয়েই বিৰোধীৰ ভূমিকা ল’ব লাগিব৷ গতিকে আমি ভাল কাম কৰিব লাগিব বুলি কৈ সকলো শ্ৰেণীৰ ৰাইজ বৰ্তমান বিজেপিৰ পক্ষত বুলিও তেওঁ দাবী কৰে৷ আনহাতে, কাৰ্বি অংলঙৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফলতো চমকপ্ৰদ সাফল্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় ৰাইজৰ ইমান মৰম দেখি অভিভূত হৈ পৰিছোঁ৷ ইমান মৰমো ভাল নহয়৷ ৰাইজে যেতিয়া বিজেপি দলক ইমান দিছে গতিকে বিজেপিৰো দায়িত্ব বৃদ্ধি পাইছে৷ আগন্তুক দিনত কিদৰে ৰাইজৰ আশা-আকাংক্ষা পূৰ কৰিব তাক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছোঁ বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি আৰু কয় যে সেয়ে তেওঁ মুকলিকৈ আনন্দ প্ৰকাশ কৰিব পৰা নাই৷ তেওঁ আৰু কয় যে, বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত দুইলাখ ২৫হাজাৰ ৯৯৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬০হাজাৰ ভোট লাভ কৰিছে আৰু আপ বা আন দলে লাভ কৰিছে মাত্ৰ ১৫হাজাৰ ভোট৷ আনহাতে, এইচ এছ এল পি চি নামৰ দলটোৱে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি তেওঁ কয় যে, নিৰ্দলীয়ই মুঠ ভোট লাভ কৰিছে প্ৰায় ৯০হাজাৰ আৰু ইয়াৰে এইচ এছ এল পি চিয়ে ৫০-৬০হাজাৰ লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰  শৰ্মাই কয় যে, বিৰোধীয়ে বিজেপিৰ চাৰিভাগৰ এভাগহে ভোট লাভ কৰিছে৷ তেওঁ পুনৰ কয় যে পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে চ্ছখন আসনেই লাভ কৰিব বুলি জানিছিল যদিও ইমান বৃহৎ ব্যৱধানত জয়ী হ’ব বুলি তেওঁ ভবা নাছিল বুলিও কয়৷ পূৰ্বে ৬০টা, এশটা ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ বিপৰীতে এইবাৰ বিজেপিৰ প্ৰাৰ্থীসকল ন-১০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হোৱা বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ শলাগ লৈ ৰংহাঙক কাৰ্বি আংলঙৰ ৰাইজে গ্ৰহণ কৰাটোকে সূচাইছে বুলিও কয়৷

কংগ্ৰেছৰে এতিয়াও আছে সাংগঠনিক ভেটিঃ জয়ন্তমল্ল

কংগ্ৰেছৰ নেতৃত্বত যদিহে কষ্ট কৰা মানুহ আহে তেনেহ’লে দলটো কিছু উঠিব পাৰে৷ এই মন্তব্য ৰাজ্য চৰকাৰৰ নৱ-নিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ৷ আজি তেজপুৰত তেওঁ ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভত মন্তব্য কৰি আৰু কয় যে, সকলো ফালৰ পৰা চাবলৈ গ’লে দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত আটাইতকৈ বেছি বছৰ কংগ্ৰেছ দলে শাসন কৰিছে৷ সেয়ে কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়লৈকে এটা সংগঠন আছে৷ গতিকে বেছিভাগ অঞ্চলতে বিৰোধীৰ ৰূপত কংগ্ৰেছকে দেখা যায় আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চলবোৰত এ আই ইউ ডি এফক বিৰোধী ৰূপত দেখা যায়৷ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথম বাৰলৈ তেজপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত উপস্থিত থাকিব নোৱৰাৰ বিষয়ে প্ৰকাশ কৰি কয় যে বিজেপি দলৰ প্ৰভাৰী হিচাপে তেওঁ ত্ৰিপুৰালৈ যোৱাৰ বাবে ইয়াত উপস্থিত থাকিব নোৱাৰিলে৷ সেয়ে আজি তেওঁ উপায়ুক্ত সন্মিলনত অংশগ্ৰহণ কৰে বুলিও কয়৷ আজি তেজপুৰত উপস্থিত হোৱা মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে কাৰ্বি আংলঙৰ ফলাফলে সকলোকে আনন্দিত কৰিছে৷ এই ফলাফল আকাংক্ষিত আছিল তথা চ্ছখন আসনৰ চ্ছখনেই জিকিব বুলি অনুমান কৰাৰ বিষয়ে প্ৰকাশ কৰি বৰুৱাই পুনৰ কয়, কাৰণ কাৰ্বি পাহাৰৰ ৰাইজে বিজেপিক হিয়া উজাৰি ভাল পায়৷ তদুপৰি, মন্ত্ৰীজনে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাৰে কাৰ্বি আংলং যিধৰণে আগবঢ়ি গৈছে সেইকাৰণে কাৰ্বি আংলঙৰ ৰাইজে এইবাৰ এশ শতাংশই বিজেপিৰ পক্ষত আছিল৷ আনহাতে, বিৰোধীৰ সন্দৰ্ভত বৰুৱাই কয় যে বিৰোধী বুলি ক’লে বিৰোধীৰ এটা সংখ্যা সদায় থাকে আৰু সেই ভোটখিনি সংগ্ৰহ কৰিব পৰাজনেই বিৰোধী হৈ পৰিছে আৰু আজিৰ তাৰিখত যিয়ে যেনেকৈ কৈ নাথাকক কিয় শেষত গৈ বিৰোধী বুলি ক’লে কংগ্ৰেছেই ওলাব বুলিও তেওঁ কয়৷ তদুপৰি, বৰুৱাই বিৰোধীৰ অৱস্থাৰ বিষয়ে কয় যে, এতিয়া ক’ৰবাত স্থানীয়ভাৱে কিছুমান মানুহে টিকট নোপোৱাৰ লগে লগে বেলেগ এটা দললৈ জাপ মাৰে৷  আচলতে ব্যক্তিজনৰ কাৰণে সেই দলটোৱে ভোট পায় বা তেওঁৰ বাবে ভোট পোৱা বুলি যদি আমি ভাবি লওঁ তেতিয়া হ’লে সেই দলটোৰ কিবা উত্থান হৈছে বুলি ভবাটো ভুল হ’ব বুলি মন্তব্য কৰে৷ নৱ-নিযুক্ত মন্ত্ৰীজনে কোনো এটা দলেই একেবাৰে নিঃশেষ হৈ যাব নেলাগে বুলিও উল্লেখ কৰি লগতে কয় যে,  কংগ্ৰেছ দলটো বৰ্তমান ক্ৰমান্বয়ে বেয়াৰ ফালে গৈছে৷ একেলগে আঠটা নিৰ্বাচন হৰাটো কংগ্ৰেছ দলটোৰ চৰম বিফলতা আৰু দলটোক পৰিৱত্তৰ্ন কৰা, উন্নয়ন কৰাৰ কোনো চেষ্টাও কৰা নাই বুলি উল্লেখ কৰে তেওঁ৷ আনহাতে, আপক সমালোচনা কৰি মন্ত্ৰী বৰুৱাই কয় যে, দলটো এনেই বহি থাকে আৰু যেতিয়াই আন দলৰ পৰা কোনোবা ওলাই যায় তেতিয়াই আপে সেই মানুহৰ ওচৰলৈ গৈ টিকট দিয়ে৷

তেজপুৰৰ সন্মিলন কক্ষৰ সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে

তেজপুৰৰ বাটমাৰিত নৱনিৰ্মীত সন্মিলন কেন্দ্ৰৰ সুৰক্ষাৰ দায়িত্ব লৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ পৰা গজাল এটাও কোনেও নিবলৈ সাহস কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে শেহতীয়া তিনিদিন ধৰি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু উপায়ুক্ত সন্মিলনৰ সমাপ্তিৰ পাছতে এই আটকধুনীয়া সন্মিলন কেন্দ্ৰটো যাতে পৰিত্যক্ত হৈ নপৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ইয়াত ছমাহৰ পাছতে পুনৰ ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ’ব৷ ইয়াৰ মাজৰ ছমাহত কোনো লোকে ইয়াৰপৰা যদি গজাল এটাও চুৰি কৰাৰ সাহস কৰে তেতিয়া তেনেলোকক চৰকাৰে ‘মৰমৰ চুমা’ দিব বুলি সতৰ্ক কৰি দি কয় এই সন্মিলন কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্ব মোৰ৷ ইয়াৰ পৰা কোনেও গজাল এটাও চুৰ কৰিব নোৱাৰে৷ আপোনালোক নিশ্চিত থাকক৷ উল্লেখ্য যে, ছবিঘা সাতকঠা আঠ লেছা মাটিত প্ৰায় ১৭কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই সন্মিলন কেন্দ্ৰটো৷ সকলো আধুনিক সা-সুবিধাসম্পন্ন এই কেন্দ্ৰটো ১১জুনত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতে ইয়াত আৰম্ভ হয় ৰাজ্যৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক৷ বিভিন্ন ছবি, দৃশ্য আৰু কাৰুকাৰ্যৰে সজাই তোলা এই সন্মিলন কেন্দ্ৰটো তেজপুৰৰ বাবে এক প্ৰয়োজনীয় সম্পদ হোৱাৰ বিপৰীতে চহৰখনৰ সৰ্বত্ৰে চোৰৰ সন্ত্ৰাস অব্যাহত থকাত এই কেন্দ্ৰটোৰ মূল্যৱান সা-সম্পত্তিসমূহ সুৰক্ষিতে থাকিবনে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰে৷