Logo
image

তুলিৰামেই পুনৰ মুখ্য কাৰ্যবাহী, ২০ জুনত শপত

আমাৰ অসম, ১৬ জুনঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হ’ব তুলিৰাম ৰংহাং৷ প্ৰত্যাশিতভাৱেই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে ডিফুত চলি থকা বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু সাংবাদিকৰ লগত বাৰ্তালাপত৷  ২০ জুনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে পৰিষদৰ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰাব৷ প্ৰথমবাৰৰ বাবে পৰিষদৰ সদস্যসকলক ৰাজ্যপালে শপতবাক্য পাঠ কৰাব৷ পূৰ্বে ৰাজ্যপালৰ হৈ উপায়ুক্তই পৰিষদলৈ নিৰ্বাচিত হৈ অহাসকলক শপতবাক্য পাঠ কৰায়৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে শপত লোৱাৰ পাছতে তুলিৰাম ৰংহাঙক নেতা নিৰ্বাচিত কৰা হ’ব৷ তাৰ পাছতে আনুষ্ঠানিকভাৱে অধ্যক্ষ পদৰ বাবে মনোনয়ন-পত্ৰ দাখিল আৰু নিৰ্বাচন হ’ব৷ ইয়াৰ পাছতে হ’ব মুখ্য কাৰ্যবাহী পদৰ নিৰ্বাচন৷ মুখ্য কাৰ্যবাহী সদস্যই পৰৱৰ্তী সময়ত কাৰ্যবাহী সদস্যৰ তালিকা প্ৰস্তুত কৰি পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ জৰিয়তে অনুমোদনৰ বাবে ৰাজ্যপাললৈ প্ৰেৰণ কৰিব৷ ৰাজ্যপালৰ অনুমোদনৰ পিছতহে পৰিষদখনে পূৰ্ণাংগ ৰূপ পাব৷  উল্লেখ্য যে, এইবাৰ পৰিষদৰ নিৰ্বাচনত বিজেপি দলে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ’ব৷

ডিফুত বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহকৰ সামৰণি

১৪ জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি পৰে৷ আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা সামৰণি কাৰ্যসূচীত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত হোৱা সভাত ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃপ্ৰভাৰী পৱন শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা উপস্থিত থকা সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদ্যসমাপ্ত নিৰ্বাচনত জয়লাভ কৰা বিজেপিৰ চ্ছজন এমএচিক সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ পাছতেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আদৰণি ভাষণ প্ৰদান কৰে৷ পৰিষদৰ সদ্যসমাপ্ত নিৰ্বাচনৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ বাবে এই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাত যদি কোনো ক্ৰুটি ৰৈ গৈছে তাৰ বাবে তেওঁ বিজেপি কাৰ্যকৰ্তাৰ লগতে কাৰ্যনিৰ্বাহক সকলো সদস্যক ক্ষমা বিচাৰে৷ সভাত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে অসম মন্ত্ৰীসভাত স্থান পোৱা দুই মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু জয়ন্ত মল্ল বৰুৱাক অভিনন্দন জনায়৷ লগতে ২৬খন আসনত বিজয় প্ৰদান কৰাৰ বাবে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ জনতাক কেন্দ্ৰীয় মন্ত্ৰীজনে ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮ বছৰীয়া কাৰ্যকালৰ কৰ্ম ব্যাখ্যা কৰে মন্ত্ৰী সোণোৱালে৷ প্ৰধানমন্ত্ৰীৰ বাবেই অসমত বিদ্যুৎ চালিত ৰে’ললাইন হোৱা বুলি উল্লেখ কৰি সভাত উপস্থিত থকা প্ৰাক্তন ৰে’লমন্ত্ৰী ৰাজেন গোহাঁইৰ দিনতেই এই কাম হোৱা বুলি প্ৰকাশ কৰে৷ অনাময় আঁচনিৰ লগতে ঝাৰু লৈ প্ৰধানমন্ত্ৰীয়ে দেশত আন্দোলন কৰা বুলি উল্লেখ কৰি ১৩ কোটি লোকক অনাময় আঁচনি প্ৰদান কৰা বুলিও উল্লেখ কৰে৷ আয়ুষ মন্ত্ৰণালয়ৰ সৌজন্যত বিশ্বৰ বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা বুলি উল্লেখ কৰি প্ৰতিজন পঞ্চায়ত সভাপতিলৈ প্ৰধানমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দি এইবাৰ ২৫ কোটি ভাৰতীয়ই যোগ দিৱসত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী সোণোৱালে৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ১০ মে’ত আমাৰ চৰকাৰে দ্বিতীয়টো কাৰ্যকাল সম্পূৰ্ণ কৰিলে৷ ঠেঙাল কছাৰী পৰিষদ, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকে ধৰি কাৰ্বি আংলঙৰ নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত আমাৰ অকণো সন্দেহ নাছিল৷ কাৰণ, আমি উন্নয়নমূলক কাম-কাজেৰে নিশ্চিত হৈ আছিলোঁ৷ প্ৰতিটো নিৰ্বাচনত প্ৰেৰণা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ডিফুৰ পৰাই কৃতজ্ঞতা জনোৱাৰ লগতে সুস্বাস্থ্য কামনা কৰে৷ বিজেপিৰ কাৰ্যকৰ্তাসকলক অহংকাৰৰ পৰা দূৰত থাকি আমি এভাৰেষ্টৰ দিশত আগবাঢ়ি যাম বুলিও তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হোৱাৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি ভাৰতক উন্নতিৰ শিখৰলৈ নিবলৈ হ’লে আৰু দুটা কাৰ্যকাল বিজেপি শাসনত থাকিব লাগিব বুলিও শৰ্মাই উল্লেখ কৰে৷ এইক্ষেত্ৰত সাম্প্ৰদায়িক শক্তিয়ে বাধা প্ৰদান কৰাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এচাম লোকে ভাৰতক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে বুলিও দাবী কৰে৷ আমি এভাৰেষ্টৰ দিশত ধাৱমান হৈছোঁ যদিও এভাৰেষ্ট পাবলৈ ২০৩১ চনলৈ জয়ৰ ধাৰা বৰ্তাই ৰাখিব পাৰিব লাগিব বুলিও শৰ্মাই উল্লেখ কৰে৷ ২০৩০ চনলৈ ভাৰত তথা অসমত এজনো বিজেপি বিৰোধিতা কৰা ব্যক্তি নথকা দেশ কৰিবলৈও তেওঁ কাৰ্যকৰ্তাসকলক আহ্বান জনায়৷ অসম গণ পৰিষদৰ সময়ত অসমত কৃষি বিপ্লৱ হোৱা বুলি উল্লেখ কৰি চৰকাৰে ধান ক্ৰয় নকৰাৰ বাবে এই বিপ্লৱ মষিমূৰ হোৱা বুলি উল্লেখ কৰি বৰ্তমান চৰকাৰে কৃষকৰ পৰা উচিত মূল্যত ধান ক্ৰয় কৰাত গুৰুত্ব দিয়াৰ লগতে ৮০০ ৰো অধিক মূল্যৰ ধান ইতিমধ্যে ক্ৰয় কৰা বুলি উল্লেখ কৰি অসম চৰকাৰে ৪ লাখ টন ধান কৃষকৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰে৷ আনহাতে, ৩০ জুনৰ ভিতৰত জাগীৰোড পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ সকলো বকেয়া প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কয় যে আমি কল্পনা কৰা নাছিলোঁ ২৬টাকৈ সমষ্টিত বিজয়ী হ’ম বুলি৷ ইয়াৰ বাবে নেতৃত্ব প্ৰদান কৰা তুলিৰাম ৰংহাঙক ধন্যবাদ জনোৱাৰ লগতে দুয়োখন জিলাৰ জনতাক ধন্যবাদ জ্ঞাপন কৰে৷ ড॰ শৰ্মাই লগতে কয় যে ভাল কাম কৰাৰ বাবে আমি এই সফলতা লাভ কৰিছোঁ, যদি পৰিষদে বেয়া কাম কৰে তেনেহ’লে ৰাইজে ইয়াৰ বিপৰীত স্থিতি ল’বলৈ কুণ্ঠাবোধ নকৰে বুলিও উল্লেখ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ উল্লেখ কৰি অগ্নিবীৰসকলক লৈ অসম চৰকাৰে পৰৱৰ্তী সময়ত অসম আৰক্ষীত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব বুলিও ঘোষণা কৰে৷ প্ৰতি বছৰে ৫০-৬০ লাখ অগ্নিবীৰ এই আঁচনিত নিযুক্ত হ’ব বুলি উল্লেখ কৰি সকলো জিলা সমিতিক যুৱকসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ লগতে অসম চৰকাৰে জলজীৱন মিছনৰ লগতে এই আঁচনি সফল কৰাৰ বাবে আৰু জনতাৰ বাবে পানী খুলি দিয়া যুৱকসকলক নিযুক্তি প্ৰদানৰ বাবে জলমিত্ৰৰূপে নতুন নিযুক্তিও ঘোষণা কৰে৷ ২৬ হেজাৰ যুৱকক মাহে ৬৫০০ টকাকৈ দৰমহা প্ৰদান কৰি এই নিযুক্তি প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ চৰকাৰী মাটি দখল কৰি চাহ খেতি কৰি থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাটিও পট্টাকৰণ কৰা হ’ব বুলিও শৰ্মাই ঘোষণা কৰে৷ অসম এতিয়া বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল নহয় যদিও অহা ৩ বছৰ ৬ মাহৰ ভিতৰত অসমে ৩০০০ মেগাৱট বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য লোৱা বুলিও প্ৰকাশ কৰে৷ ২ অক্টোবৰৰ পৰা অসমৰ সচিবালয় আৰু সকলো উপায়ুক্ত কাৰ্যালয় পেপাৰমুক্ত হৈ ই- কাৰ্যালয় হৈ পৰিব বুলি উল্লেখ কৰি এটা ফাইল ১০ দিনৰ ওপৰত এজন কৰ্মচাৰীৰ হাতত থাকিব নোৱাৰিব বুলিও দাবী কৰে৷ মিছন ভূমিপুত্ৰৰ জৰিয়তে বিদ্যালয়তে জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দি অহা মাহৰ পৰা পুনৰ মিছন বসুন্ধৰা-২ আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কৰ্মকৰ্তাসকলক সাজু হ’বলৈ আহ্বান জনাই জ্ঝখনৰ অধিক আসন লাভৰ বাবে এতিয়াৰে পৰা সাজু হ’বলৈ আহ্বান জনায়৷ অসমৰ স্বাভিমান গামোচাখন প্ৰধানমন্ত্ৰীয়ে দেশত জনপ্ৰিয় কৰি তোলা বুলি উল্লেখ কৰি তেওঁ আমাক যিমান দিছে তেওঁকো আমি সিমান মূল্য ঘূৰাই দিব লাগিব বুলি উল্লেখ কৰি ‘ইয়ে ডিল মাংগে ম’ৰ শ্ল’গানেৰে দলীয় কৰ্মকৰ্তাসকলক উৎসাহিত কৰে৷ অসমৰ মানুহে আমাক আস্থাৰে দায়িত্ব দিয়া বুলি উল্লেখ কৰি অসমত বৰ্তমান বিৰোধী নাই বুলি দাবী কৰি ৰাইজে আমাৰ চকুত আশাৰ পোহৰ দেখিছে বুলি উল্লেখ কৰি আমাৰ গুণৰ বাবে ভোট দিয়া নাই বুলি কৈ কয় যে যি দিনাই আমাৰ অহংকাৰ হ’ব অসমৰ ৰাইজে আমাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব৷ কংগ্ৰেছেও এদিন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ২০-২৩খন আসন পাইছিল আজি এখনো পোৱা নাই৷ সেয়ে সকলোৱে সেৱাৰ মানসেৰে জনতাক সেৱা কৰিবলৈ আহ্বান জনায়৷ আনহাতে, ২০ জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত সদস্যসকলে অসমৰ ৰাজ্যপালৰ উপস্থিতিত শপতগ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ ইয়াৰ পিছতেই সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০ জুনৰ ১২ বজাত নৱ-নিৰ্বাচিত এমএচিসকলে শপত গ্ৰহণ কৰিব৷ ইয়াৰ পিছতেই গণতান্ত্ৰিক প্ৰক্ৰিয়া অনুসৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ পৰিষদৰ বাবে মুখ্য কাৰ্যবাহী সদস্যৰূপে তুলিৰাম ৰংহাঙে শপতগ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ গুৱাহাটীৰ বান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এইবাৰ অভাবনীয় বৰষুণ হোৱা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে বতৰ বিজ্ঞানে আৰু অধিক পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ এয়া এক প্ৰাকৃতিক দুৰ্যোগ৷ আমি আশা কৰিছোঁ বৰষুণ সোনকালে বন্ধ হওক৷ আজি যিমান এমএম বৰষুণ গুৱাহাটীত হৈছে সেয়া বিগত ২০ বছৰত গুৱাহাটীত হোৱা নাই৷ গতিকে এইবাৰ পৰিস্থিতি অস্বাভাৱিক৷ এই মুহূৰ্তত ছুপাৰ চাকাৰে একো কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ছুপাৰ চাকাৰে পানী শুহিব নোৱাৰে৷ এই মুহূৰ্তত নলাত ছুপাৰ চাকাৰ লগাই দিলে ই আৱৰ্জনাহে কঢ়িয়াব বুলি উল্লেখ কৰে৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জনতাই প্ৰদান কৰা এই ৰায়দান সন্দৰ্ভত জিলাবাসীক চৰকাৰে কি প্ৰদান কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনৰ সময়ত মই ভাষণত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি মই পালন কৰিম৷ বিশেষকৈ এইবাৰ কাৰ্বি আংলঙত আমি পথ যোগাযোগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিম৷ মই নিৰ্বাচনৰ সময়ত প্ৰচাৰলৈ যাওঁতে পথ আৰু দলঙৰ অভাৱৰ কথা অৱগত হৈছিলোঁ৷ পৰিষদে দায়িত্ব লোৱাৰ লগে লগে এই কাম আৰম্ভ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ কাৰ্বি আংলং-ডিমা হাচাও জিলাত নতুন কোনো হাইড্ৰ’ প্ৰকল্প নিৰ্মাণ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগত আমি হাইড্ৰ’ প্ৰকল্পৰ বিভীষিকা প্ৰত্যক্ষ কৰিছোঁ সেয়ে মই ইয়াৰ পক্ষপাতি নহয়৷ উত্তৰ কাছাৰ-কাৰ্বি আংলঙত সৌৰপ্ৰকল্প হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ইয়াৰ উদাহৰণস্বৰূপে বিলাসীপাৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আমি তিনি হাজাৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ৷ বিৰোধী নেতা ভূপেন বৰাই গুৱাহাটীত পানীত নমা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয় যে পানীত নমাটো ভাল, কিন্তু এই মুহূৰ্তত মানুহক সহায় কৰিব লাগে ড্ৰামা-নাটক কৰি আমি মানুহৰ সমস্যা সমাধান কৰিব নোৱাৰোঁ৷ ময়ো কংগ্ৰেছত আছিলোঁ কংগ্ৰেছৰ সময়তো বান হৈছিল, বান কেৱল বিজেপি দিনত হোৱা সমস্যা নহয় বুলি শৰ্মাই কটাক্ষ কৰে৷ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটীৰ কামৰ নিবিদাৰ সময় ভাল নোহোৱাৰ কথা উল্লেখ কৰা বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এয়া কামৰ সময়ৰ কথা নহয় প্ৰাকৃতিক দুৰ্যোগ যিকোনো মুহূৰ্তত ঘটিব পাৰে৷ মানুহ প্ৰকৃতিৰ ওপৰত যাব নোৱাৰে বুলিও শৰ্মাই মন্তব্য কৰে৷ কোনো জিলাত বান কেতিয়াবা বেছি হয় এইটো আমি জন্মৰ পৰাই দেখি আহিছোঁ কাৰণ অসমৰ ভৌগলিক স্থিতিয়েই এনেকুৱা৷ শিলসাঁকো বান্ধ খুলিব গ’লেই আন্দোলনকাৰী উপস্থিত হয় বুলি মুখ্যমন্ত্ৰীয়ে বিৰোধীক দোষাৰোপ কৰে৷ শিলসাঁকো মুকলি কৰিব নোৱাৰালৈকে গুৱাহাটীৰ বান সমস্যা সমাপ্ত নহয় বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ কাৰণ ব্ৰহ্মপুত্ৰত পানী যোৱাৰ সেইটোৱেই একমাত্ৰ জান৷ শিলসাঁকোত উচ্ছেদ হ’বই বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ আগষ্ট মাহৰ পাছত হাফলঙৰ নৱ-নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷