Logo
image

সিদ্ধাৰ্থৰ ৰবট, সিংঘালৰ ছুপাৰ ছাকাৰ এতিয়া ‘আৱৰ্জনা’

আমাৰ অসম, ১৬ জুনঃ বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰতে সৃষ্টি হোৱা দুৰ্যোগপূৰ্ণ অৱস্থাৰ বাবে মূলতঃ দায়ী কোন? গুৱাহাটীত কৃত্ৰিম বানে কিয় তাণ্ডৱ চলাই থাকে? গুৱাহাটীৰ কৃত্ৰিম বানৰ ভয়াৱহতা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসন সদায় কিয় ব্যৰ্থ হৈ আহিছে? এনে বহুবোৰ প্ৰশ্নৰ কোনো ধৰণৰ সদুত্তৰ আজিপৰ্যন্ত লাভ নকৰিলে গুৱাহাটীবাসীয়ে৷ এইবাৰৰ বানে গুৱাহাটীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰত সুদীৰ্ঘ তিনি বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই অৱশ্যে গুৱাহাটীত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে বুধবাৰে মূলতঃ চৰকাৰ আৰু প্ৰশাসনৰ অব্যৱস্থাকে জগৰীয়া কৰে৷ সংবাদ মাধ্যমৰ আগত নিজৰ দলৰে চৰকাৰখনৰ ভূমিকা আৰু কামক মুকলি সমালোচনা কৰি তেওঁ কয়– সময়চিত পদক্ষেপ নোলোৱা বাবে এই ভয়াবহতা বৃদ্ধি পাইছে৷ গুৱাহাটীত বৰষুণ হয়৷ গোটেইদশকটোৰ ভিতৰত ২০২০ চনত হোৱা বৃষ্টিপাত সৰ্বাধিক আছিল৷ সাধাৰণতে সময়লৈ কামবোৰ আগবঢ়াব লাগে৷ বৰষুণ জুলাই মাহত আহিব বুলি মই যদি জুলাই মাহতে নলা চাফা কৰাৰ কাম আৰম্ভ কৰোঁ সেইটোৱে সমস্যা সমাধান নকৰে৷ ইয়াৰ বাবে অক্টোবৰ মাহৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিব লাগে৷ এইবাৰ নিৰ্বাচনৰ কাৰণে হওক বা অন্যান্য কাৰণতে হওক এই প্ৰস্তুতি কৰা নহ’ল৷ কিছুমান প্ৰক্ৰিয়া হাতত লোৱা হ’ল, কিন্তু সেই প্ৰক্ৰিয়াৰে বান নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়৷ যেনে ছুপাৰ ছাকাৰ৷ মই যেতিয়া মন্ত্ৰী আছিলোঁ তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহিছিলে৷ তেওঁলোকৰ এটা ডেমনেষ্টে˜চন চায়ে মই ক’লোঁ যে এইটো আমাৰ ইয়াত ফলপ্ৰসূ নহ’ব৷ গতিকে আমাক ছুপাৰ ছাকাৰ নালাগে৷ মই নল’লোঁ৷ সেই সময়তে এই বিষয়টোক লৈ যথেষ্ট চৰ্চাও হৈছিলে৷ আজিৰ দিনত কিন্তু বাল্টি লৈয়ে  নলাত নামি চাফা কৰিবলগীয়া হৈছে৷ গুৱাহাটীৰ সমস্যা সমাধান কৰিবলৈ সুপৰিকল্পনা লাগিব৷ সময়োচিত পদক্ষেপ ল’ব লাগিব৷ এই দুটা কাম কৰিব নোৱাৰিলে ভয়াৱহতা আৰু বাঢ়ি যাব৷ প্লাষ্টিকৰ প্ৰয়োগ কমা নাই, বাঢ়িছেহে৷ প্লাষ্টিকে নলা-নৰ্দমাত যি সমস্যাৰ সৃষ্টি কৰে তাক আমি সময়ে সময়ে পৰিষ্কাৰ কৰিব লাগিব৷ লাচিত নগৰত বহুওৱা পাম্পৰ দায়িত্ব যাক দিয়া হৈছে তেওঁ বেজেৰাৰ পিনে থাকে৷ কাকো নোকোৱাকৈ শুকুৰবাৰে তেওঁ ঘৰলৈ গুচি গ’ল৷ শনিবাৰে বৰষুণ দিওতে পাম্প আছে, চলাবলৈ মানুহ নাই৷ কতৃৰ্পক্ষই এই বিষয়টোত অধিক চকু দিব লাগে৷ উদ্ধাৰ আৰু সাহাৰ্যই সমস্যাৰ সমাধান নহয়৷ আমি প্ৰতিৰোধমূলক ব্যৱস্থা ল’ব লাগিব৷ জুন-জুলাই মাহত বৰষুণ আহিব৷ গতিকে মাৰ্চ মাহতহে কামৰ নিবিদা দিম৷ যদি এনে মনোভাৱ হয় তেতিয়াহ’লে কিন্তু কোনোদিনে নলা চাফ নহয়৷ টকাহে বৰবাদ হ’ব৷ অক্টোবৰ মাহত নিবিদা দিয়ক৷ ২ মাহ সময় দিয়ক৷ ডিচেম্বৰত ৱাৰ্ক অডাৰ দিব৷ তেতিয়াহে জানুৱাৰী-ফেব্ৰুৱাৰীলৈ নলা চাফা কৰিব পাৰিব৷ নহ’লে বৰষুণ দিলে গেদবিলাক আকৌ নলালৈ গুচি যাব৷ তিনিটা বছৰ মই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী আছিলোঁ৷ মোৰ কাৰ্যকালত এনেধৰণে বানপানী হ’বলৈ দিয়া নাছিলোঁ৷ আমাৰ নলাবিলাকত পাহাৰৰ মাটি আহি ১/২ ফুটৰ এটা গেদৰ তৰপ সৃষ্টি কৰে৷  এই তৰপটো ছুপাৰ ছাকাৰে পৰিষ্কাৰ কৰিব নোৱাৰে৷ গতিকে ছুপাৰ ছাকাৰ কিনি কি লাভ আছে৷ মইতো ছুপাৰ ছাকাৰ নালাগে বুলি পঠিয়াই দিছিলোঁ৷ কিন্তু যিজনে কিনিলে তেওঁহে ক’ব পাৰিব কিয় কিনিলে৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত নলাবোৰৰ পৰিবহন ক্ষমতা বৃদ্ধি কৰিব লাগিব৷ আমাৰ নলাবোৰ বোকাৰে ভৰি আছে৷ ফলত নলাৰে পানী নগৈ ৰাস্তাৰে পানী গৈছে৷ মেঘালয়ৰ পৰা নামি অহা পানীৰ লগত নামি অহা বোকা পশু চিকিৎসা মহাবিদ্যালয়ত ব্যৱস্থা কৰি ৰখাই দিছিলোঁ৷ বিগত দুটা বছৰে সেইবিলাক চাফা কৰা নহ’ল৷ সম্পূৰ্ণ অব্যৱস্থাৰ কাৰণে ৰাইজে ভুগিবলগীয়া হৈছে৷ স্মাৰ্ট চিটীৰ পুঁজিৰে মই ঠিকাদাৰক ধনী কৰিব বিচৰা নাছিলোঁ৷ খৰচ নহ’লে চৰকাৰৰ ঘৰত এই টকা জমা থাকিব৷ কিন্তু অবাবত ঠিকাদাৰক কিয় ধনী কৰিম৷’ উল্লেখ্য, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি যি ছুপাৰ ছাকাৰৰ ব্যৰ্থতাৰ প্ৰসংগ সজোৰে উত্থাপন কৰিছে সেই চুপাৰ ছাকাৰ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ক্ৰয় কৰা৷ ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ পুঁজিৰ পৰা ২৫ কোটি টকা ব্যয় কৰি গুৱাহাটী পৌৰ নিগমৰ বাবে ১০খন ছুপাৰ ছাকাৰ ক্ৰয় কৰিছিলে৷ প্ৰতিখন ছুপাৰ ছাকাৰৰ বিপৰীতে চৰকাৰে দুখনকৈ ডাম্প টেংকাৰো একেলগে ক্ৰয় কৰিছিল৷ উল্লেখ্য, প্ৰতিখন ছুপাৰ ছাকাৰৰ দৈনিক ব্যৱহাৰৰ বাবদ ব্যয় হয় ৰ লাখকৈ টকা৷ কিন্তু এই অত্যাধুনিক যন্ত্ৰটোৰ পৰা আশাব্যঞ্জক ফলাফল লাভ নকৰিলে পৌৰ নিগম কতৃৰ্পক্ষই৷ যাৰ ফলত পৌৰ নিগম কতৃৰ্পক্ষৰ বাবে ই এক বৃহৎ আৰ্থিক বোজাত পৰিণত হয়৷ গুৱাহাটীৰ নলা-নৰ্দমাৰ পৰা জাবৰ নিষ্কাশনৰ বাবে অনা এই দহখন ছুপাৰ ছাকাৰ আজিৰ তাৰিখত অব্যবহূত অৱস্থাত পৌৰ নিগমৰ বশিষ্ঠত থকা যানশালা শাখাত পৰি আছে৷ এখন ছুপাৰ ছাকাৰৰ ব্যৱহাৰ কৰিবলৈ প্ৰায় ১২জন লোকৰ প্ৰয়োজন হয়৷ কিন্তু এনে লোকক প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক মাহিলী দৰমহা দিবলৈ পুঁজি নাই পৌৰ নিগমৰ ওচৰত৷ যাৰ ফলত ২৫ কোটি টকাৰে ক্ৰয় কৰা ছুপাৰ ছাকাৰ আজি ভালুকৰ সাঙিত পৰিণত হৈছে৷ মন্ত্ৰী অশোক সিংঘালৰ উদ্যোগত ক্ৰয় কৰা ছুপাৰ ছাকাৰ সেৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ বৰ্ষৰ ১০ ডিচেম্বৰৰ দিনাখন ফ্লেগ অফ কৰি আৰম্ভ কৰিছিল৷ উল্লেখ্য, গুৱাহাটীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ নলা-নৰ্দমাৰ জাবৰ ছাফাৰ বাবে ছুপাৰ ছাকাৰ মেছিন ক্ৰয়ৰ পূৰ্বে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্ত্ৰিত্বৰ সময়ত ক্ৰয় কাৰ হৈছিল বেণ্ডিকোট ৰবট৷ গুৰগ্ৰাম আৰু কোয়েম্বাটোৰৰ পিছত গুৱাহাটীয়ে আছিল এই ৰবট ব্যৱহাৰ কৰা দেশৰ তৃতীয়খন চহৰ৷ কিন্তু আজিৰ তাৰিখত এই ৰবট ক’ত আছে সেই বিষয়ে পৌৰ নিগম কতৃৰ্পক্ষৰ ওচৰত কোনো উত্তৰ নাই৷ মানুহৰ পৰিৱৰ্তে ৰবটৰ দ্বাৰা গুৱাহাটীৰ নলা চফা কৰাৰ পৰিকল্পনাৰে এই ৰবট ক্ৰয় কৰিছিল প্ৰাক্তন মন্ত্ৰী ভট্টাচাৰ্যই৷ উল্লেখ্য, গুৱাহাটী পৌৰ নিগমৰ অধীনত ৩৩০টা নলা-নৰ্দমা আছে৷ ইফালে গুৱাহাটীৰ বানপানীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ বৰষুণ বেছি হৈছে৷ যাৰ বাবে এই পৰিস্থিতি৷ একে কথা ডিমা হাচাও জিলাত হৈছে৷ এইটোতোকোনেও কৰা কথা নহয়৷ প্ৰকৃতিৰ ওপৰত কাৰ হাত আছে৷ সেয়ে আমি বৰষুণ নিদিবলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ৷ ছুপাৰ ছাকাৰে পানী ক’লৈ উলিয়াই পঠিয়াব৷ শিলসাকোঁত উচ্ছেদ কৰিলে একাংশই ধৰ্ণা দিয়ে৷ যিসকল পানী ওলাই যোৱা স্থানত আছে তেওঁলোকক উচ্ছেদ কৰা হৈছে৷ পানী ওলাই যোৱা স্থানত ডাঙৰ বিল্ডিং থাকিলেও ভঙা হ’ব৷ মই আগতে ডাঙৰ বিল্ডিং ভঙা নাই নেকি৷ কংগ্ৰেছে গুৱাহাটীৰ বানপানীক লৈ আজি কৰা প্ৰতিবাদক নাটক, এয়া নাটক কৰাৰ সময় নহয়৷ এতিয়া আমি মানৱীয়তাৰে ৰাইজক সহায় কৰাৰ সময়৷ আনহাতে, শেহতীয়া বানপানী সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অশোক সিংহালে আত্মপক্ষ সমৰ্থন কৰি কয়– এইবাৰ গুৱাহাটীত বৰষুণ বেছি হোৱা বাবে পানী বেছি হৈছে৷ মই নিজে ভৰলু, চাবিপুল আদি অঞ্চল পৰিদৰ্শন কৰিছোঁ৷ তাত কাম ঠিকে চলি আছে৷ পানীও ওলাই গৈ আছে৷ কিন্তু বৰষুণৰ পানী বেছি হোৱা বাবে কিছু সময় লাগিছে৷ নলা- নৰ্দমাৰ পৰা বহু পৰিমাণৰ জাৱৰ-জোথৰ ওলোৱা হৈছে৷ কিন্তু এতিয়াও বহু উঠাব আছে৷ ছুপাৰ ছাকাৰ ব্যৱহাৰ কৰা হৈছে৷ কিন্তু যিমান কাম হ’ব লাগিছিল সেয়া হোৱা নাই৷ সেই কথা আমি স্বীকাৰ কৰোঁ৷ ছুপাৰ ছাকাৰ দিনে জ্জ্ব ঘণ্টাকৈ ব্যৱহাৰ কৰিব লাগে৷ কিন্তু জিএমচিৰ কৰ্মচাৰীৰ ভাল মনোভাবৰ অভাৱ বাবে কৰিব পৰা নাই৷ জিএমচিয়ে এই ক্ষেত্ৰত কিয় কাম কৰিব পৰা নাই তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷ গুৱাহাটীত বান নিয়ন্ত্ৰণৰ কাৰণে দুটা নতুন নলা নিৰ্মাণ কৰা হ’ব৷ এটা চান্দমাৰী ৰেল পথৰ কাষৰে গৈ ভৰলুত পানী পেলোৱাৰ ব্যৱস্থা হ’ব৷ আনটো মেঘালয় পৰা নামি অহা পানী শিলসাঁকোত পেলাবৰ বাবে নিৰ্মাণ কৰা হ’ব৷ এতিয়াও নলাত থকা বহু জাৱৰ নিষ্কাশন কৰিব লগা আছে আৰু দুই- তিনি বছৰ লাগিব৷ সেয়ে ছুপাৰ ছাকাৰ অনা হৈছিল৷ মই নিজে আহমেদাবাদ, চেন্নাই, মহাৰাষ্ট্ৰ আদিত দেখিছোঁ মেচিনেৰে চাফা কৰা৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য মোতকৈ জ্যেষ্ঠ৷ সেয়ে তেওঁ কোৱা কথা মই পৰামৰ্শ হিচাপে গ্ৰহণ কৰিছোঁ৷ নলা-নৰ্দমা চাফা কৰিবলৈ মেচিন ব্যৱহাৰ কৰিবই লাগিব৷ কাৰণ কিছু কিছু নলাত কোৰ বা মানুহে চাফা কৰিব নোৱাৰে৷ তাত মেচিন ব্যৱহাৰ কৰিবই লাগিব৷

মুখ্যমন্ত্ৰীৰে বিধায়কৰ কাজিয়া লগাব খুজিছে কোনে

কালিৰে পৰা ডিফুত চলি থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে ৷ আজি গুৱাহাটীৰ বানক লৈ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যই বিস্ফোৰক মন্তব্য কৰে৷ সভাৰ শেষত মুখ্যমন্ত্ৰীক সাংবাদিকে গুৱাহাটীৰ বানক লৈ ইটোৰ পিছত সিটো প্ৰশ্ন কৰি গৈছে৷ তাৰ মাজতে  সাংবাদিকে সুধিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে  নলা-নৰ্দমা সময়ত পৰিষ্কাৰ  নকৰাৰ বাবে এনে হৈছে৷  আকৌ সাংবাদিকৰ প্ৰশ্ন সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে নলা পৰিষ্কাৰ কৰিবলৈ অনা গাড়ী কেইখনেৰে  কাম নহ’ব বুলিয়ে তেওঁ অনা নাছিল আপুনি কি ক’ব৷ মুখ্যমন্ত্ৰীয়ে ক’লে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কি কৈছে মই নাজানোঁ৷ আপোনালোকে টি আৰ পিৰ কাৰণে বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ মাজত সংঘাত লগাব  বিচাৰিছে৷

কৃত্ৰিম বানৰ কবলত তেজপুৰ চহৰ

কেৱল গুৱাহাটী মহানগৰীয়েই নহয় বৰ্তমান ধাৰাবাহিক বৰষুণত  বানত  তেজপুৰ পৌৰসভা অন্তৰ্গত বহুকেইটা অঞ্চল ডুব যোৱাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে৷ আজি তেজপুৰ চহৰৰ একাধিক অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে  লোকনিৰ্মাণ বিভাগৰ কেইবাটাও পথৰ ওপৰত একাঁঠু  পানীত ডুব যায়৷ জমা হোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনেদৰে দিনকদিনে তেজপুৰ  পৌৰসভা, তেজপুৰ নগৰ উন্নয়ন কৰ্তপক্ষ, তেজপুৰ ৰাজহ চক্ৰ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ ৰহস্যজনক উদাসীনতাৰ সুযোগ লৈ ইমানদিনে বৰষুণৰ পানী ওলাই যোৱা পূৰ্বৰ সকলো পথ ক্ৰমান্বয়ে নিঃশেষ হোৱাৰ পাছত বৰ্তমান কৃত্ৰিম বানৰ সমস্যা তেজপুৰৰ নতুন নতুন অঞ্চললৈ বিয়পি পৰিছে৷ উল্লেখ্য যে, আজিও তেজপুৰ একাডেমী, বাণ থিয়েটাৰৰ সমীপত,  সদৰ থানাৰ উত্তৰ দিশে থকা পথ, ঈদগাহ ফিল্ডৰ সন্মুখত, আইএমএ বিল্ডিঙৰ পৰা গাৰোৱানপট্টি  সংযোগী পথৰ দুয়োকাষে তথা আৱৰ্ত্ত ভৱনৰ কাষতো কৃত্ৰিম বানৰ সৃষ্টি হয়৷ প্ৰাকৃতিক জলাশয়, চৰকাৰী হোলাৰ মাটিত অবাধ বেদখল চলি অহা সত্ত্বেও সংশি¡ষ্ট চৰকাৰী পক্ষই এইক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই৷ দৰ্প, অহংকাৰত মত্ত একাংশ বিষয়াৰ বাবে এনেবোৰ সমস্যাৰ প্ৰতি চকু দিবলৈ সময়ৰ অভাৱ৷ সম্প্ৰতি তেজপুৰৰ কাষৰীয়া সকলো অঞ্চলতে দ পথাৰ, হোলা আদি পুতি থকা হৈছে৷ চহৰখনৰ কাষৰীয়া অঞ্চলত কৃষি পথাৰৰ অস্তিত্ব শূন্য৷ উল্লেখ্য যে, প্ৰকৃততে কৃষিভূমি ক্ৰয়-বিক্ৰয় হ’লেও ভূমি আইন অনুসৰি ইয়াত কৃষিকাৰ্যৰ বাহিৰে আন কামত ব্যৱহাৰ  কৰিব নোৱাৰি যদিও তেজপুৰত এবাৰ ক্ৰয়-বিক্ৰয় হোৱাৰ পাছত এনে ভূমিত কি কামত ব্যৱহাৰ কৰা হৈছে সেয়া চোৱাৰ সময় কাৰো নাই৷ পূৰ্বৰ কৃষিপ্ৰধান অঞ্চল, ডিপোতা, গটঙা, গৰৈমাৰী, ডেকাৰগাঁও, মাজগাঁও, তৰাজান কুমাৰগাঁও, ডেউৰীগাঁও আদিত বৰ্তমান কৃষিপথাৰ প্ৰায় নিঃশেষ হৈছে৷ তদুপৰি, পুনৰ মাটিৰ দালাল সক্ৰিয় হৈ উঠা চহৰখনৰ কাষৰীয়া অঞ্চলত বিঘাই বিঘাই দ পথাৰ দালালে ক্ৰয় কৰি সেয়া কেইদিনমানৰ পাছতে অধিক মূল্যত বিক্ৰী কৰা কাৰ্য অব্যাহত আছে৷ পূৰ্বৰ পিতনিসদৃশ প্ৰাকৃতিক হোলাসমূহ ইচ্ছামতে দখল কৰি লোৱা সত্ত্বেও চৰকাৰী বিভাগসমূহ ৰহস্যজনকভাৱে হাত সাবটি বহি থকাত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ল’বলৈ আৰম্ভ কৰাত তেজপুৰৰ বহুসংখ্যক লোক ক্ষোভিত হোৱাৰ লগতে এনে হোলাসমূহ পূৰ্বৰ তথ্য অনুসৰি এতিয়া এক জৰীপ চলাই এই হোলাসমূহত হোৱা বেদখল, বিভিন্ন নিৰ্মাণ, গোহালি আদিৰ লগতে সকলোধৰণৰ আৱৰ্জনা পেলোৱা কাৰ্য বন্ধ কৰা নতুবা প্ৰয়োজন অনুসৰি উচ্ছেদ কৰাৰো দাবী উত্থাপন হৈছে৷ তেজপুৰ পৌৰ অঞ্চলতে একাধিক হোলাত গোহালিৰ আৱৰ্জনা পেলোৱা হয় যদিও এইসমূহ জনবহুল অঞ্চলৰ পৰা স্থানান্তৰৰ ব্যৱস্থা নকৰাকলৈও স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

ভূমিস্খলনত খহি পৰিল অশ্বক্লান্ত দেৱালয়ৰ ৱাল

উত্তৰ গুৱাহাটীত পুনৰ ভূমিঙ্খলনৰ ঘটনা সংঘটিত হৈছে৷ যোৱা কেইবাদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ বাবে এইবাৰ খহি পৰিল উত্তৰ গুৱাহাটীৰ পুৰাণপ্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়লৈ আহ-যাহ কৰা মূল পথৰ এখন প্ৰকাণ্ড দেৱাল৷ দেৱালখন নিৰ্মাণ কৰিছিল ‘জাইকা’ নামৰ প্ৰতিষ্ঠানটোৱে৷ কিন্তু নিৰ্মাণকাৰ্যত বিসংগতি থকাৰ বাবেই দেৱালখন ভাঙি যোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ ইতিমধ্যে ‘উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ’ৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে ঘটনাস্থলী পৰিদৰ্শন কৰি ‘জাইকা’ পানী যোগান প্ৰকল্পক গাৰ্ড ৱালখন পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে৷  উল্লেখ্য, পুৰাণপ্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণু পদৰ কাষতে আছে জাইকাৰ নিৰ্মাণৰত পানী প্ৰকল্পটো৷ যাৰ বাবে উক্ত পথটোৰে নিতৌ আহ-যাহ কৰে জাইকাৰ গধুৰ যান-বাহনসমূহ৷ গধুৰ যান-বাহনৰ বাবেই পথটোৰ বিস্তৰ ক্ষতি হোৱাত কোম্পেনীটোৱে গাৰ্ডৱাল দি ইয়াক মেৰামতি কৰিছিল৷ কিন্তু কামৰ মান নিম্নমানৰ হোৱা বাবেই মুষলধাৰ বৰষুণত ৱালখন খহি পৰাৰ অভিযোগ উঠিছে৷ ইফালে,  ২৪ঘণ্টাৰ ভিতৰত উত্তৰ গুৱাহাটীত এয়া দ্বিতীয়টো ভূমিঙ্খলনৰ ঘটনা৷ মুষলধাৰ বৰষুণৰ বাবে মঙলবাৰে নিশা উত্তৰ গুৱাহাটী কৃষ্ণ নগৰৰ সুন্তি দাস নামৰ লোকজনৰ ঘৰত পাহাৰৰ মাটি খহি পৰিছিল যদিও দৈৱক্ৰমে ৰক্ষা পৰে ঘৰটোত ভাৰাতীয়া হিচাপে থকা জাইকা পানী যোগান প্ৰকল্পত কৰ্মৰত প্ৰায় ১০জন শ্ৰমিক-কৰ্মচাৰী৷ ঘটনা সংঘটিত হোৱাৰ পাছতে ঘৰটোত ভাৰাতীয়া হিচাপে থকা জাইকা পানী যোগান প্ৰকল্পৰ কৰ্মচাৰীসকলক প্ৰকল্প কতৃৰ্পক্ষই তাৰ পৰা আন স্থানলৈ স্থানান্তৰিত কৰে৷ এইদৰে বৰষুণ দি থাকিলে অঞ্চলটোত আৰু অধিক ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে বুলি শংকা প্ৰকাশ কৰিছিল স্থানীয় ৰাইজে৷ আজিৰ ঘটনাটোৱে সেয়া সত্য প্ৰমাণিত কৰিলে৷ আনহাতে, উত্তৰ গুৱাহাটী অশ্বক্লান্ত দেৱালয়লৈ উঠি যোৱা পথৰ কাষত নিৰ্মাণ কৰা সুৰক্ষা দেৱালখন যিকোনো সময়তে খহি পৰাৰ সম্ভাৱনা আছে বুলি ‘আমাৰ অসম’ত বাতৰি পৰিৱেশন কৰা হৈছিল৷ সুৰক্ষা দেৱালখন নিৰ্মাণ কৰাৰ সময়ত মাটিৰ যিমান গভীৰতা পৰা নিৰ্মাণ কৰিব লাগিছিল সেইদৰে নিৰ্মাণ কৰা হোৱা নাছিল৷ ফলত সুৰক্ষা দেৱালখন নিৰ্মাণৰ পাছতেই দেৱালখনৰ প্ৰতি ভাবুকি আহিছিল৷ অতি হাস্যকৰ কথাটো হ’ল পকী দেৱালখন বাগৰি নপৰিবৰ বাবে তলত বাঁহেৰে ঠেকা দি ৰখা হৈছিল৷ তদুপৰি, দেৱালখনৰ বিভিন্ন স্থানত ফাট মেলিছিল৷ যোৱা কেইবাদিন ধৰি হোৱা প্ৰবল বৰষুণৰ ফলত দেৱালখন হালি অহা সকলোৱে প্ৰত্যক্ষ কৰিছিল৷  আজি দেৱালখন বাগৰি পৰাত উচ্ছ ক্ষমতাসম্পন্ন বিদু্যৎ পৰিবাহী খুঁটা এটাও বাগৰি পৰে৷ এই বাতৰি প্ৰস্তুত কৰা সময়লৈ জাইকা নামৰ কোম্পেনিটোৱে বন্ধ হৈ পৰা পথটো মুকলি কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷

খহনীয়াৰ কবলত মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে বানৰ৷ বানৰ ফলত ঠায়ে ঠায়ে বিঘ্নিত হৈ পৰিছে যাতায়াত ব্যৱস্থা৷ সমান্তৰালকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান-বৰপেটাৰোড সংযোগী মুখ্য পথত হোৱা ভয়ংকৰ খহনীয়াৰ বাবে বিচ্ছিন্ন হৈ পৰিছে যাতায়াত৷ মানাহ-বৰপেটাৰোড সংযোগী পথৰ কুঠৰিঝাৰৰ এটি কালভাৰ্টত হোৱা ভয়ংকৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে পথছোৱা৷ যাৰ বাবে প্ৰশাসনে ততাতৈয়াকৈ সেই পথটোৰে আজি যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী অতি ব্যস্ত পথছোৱা বন্ধ হৈ পৰাত ভীষণ অসুবিধাত পৰিছে অঞ্চলবাসীৰ লগতে ভিন্ন প্ৰান্তৰ ৰাইজ৷ যাৰ বাবে শীঘ্ৰেই পথছোৱা মেৰামতি কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে৷ ইতিমধ্যে বাঁহবাৰী আৰক্ষীয়েও উক্ত স্থানত কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহ’বৰ বাবে বিশেষভাৱে তৎপৰ হৈ বাঁহ-কাঠেৰে পথছোৱা বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে৷