Logo
image

এইবাৰ ফিনলেণ্ডত সোণ বুটলিলে নীৰজে

আমাৰ অসম, ২০ জুনঃ বিভিন্ন মেল-মিটিং, সম্বৰ্ধনা সভা আৰু বিজ্ঞাপনৰ শ্বুটিঙত ব্যস্ত থকাৰ ফলত মনঃসংযোগ বিচ্ছিন্ন হোৱাত আৰু অনুশীলনৰ বাবে পৰ্যাপ্ত সময় নোপোৱাৰ বাবে অসমৰ একমাত্ৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্যৰ্থ হৈছিল৷ সেয়া তেওঁ নিজ মুখেৰেই কোৱা কথা৷ পিছে একেখন টকিঅ’ অলিম্পিকত জেভেলিনত স্বৰ্ণপদক অৰ্জন কৰি ভাৰতীয় এথলেটিকছত নতুন ইতিহাস সৃষ্টি কৰা নীৰজ চোপ্ৰা তেওঁৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাই৷ শনিবাৰে অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাই কুৱোৰটন গেমছত পুনৰ স্বৰ্ণ পদক অৰ্জন কৰি বিশ্বত আৰু এবাৰৰ বাবে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিলে৷ শনিবাৰে নীৰজ চোপ্ৰাই ৮৬.৬৯ মিটাৰ দূৰলৈ জেভেলিন দলিয়াই স্বৰ্ণ পদক নিশ্চিত কৰে৷  অলিম্পিকৰ পাছত এয়াই নীৰজ চোপ্ৰাৰ প্ৰথমটো স্বৰ্ণ পদক৷ যিখন প্ৰতিযোগিতাত তেওঁ শীৰ্ষস্থান অৰ্জন কৰিলে, বিশ্ব এথলেটিকছত এই প্ৰতিযোগিতাৰ মান হৈছে ছিলভাৰ পৰ্যায়ৰ৷ তিনিদিন পূৰ্বে তেওঁ পাভো নুৰ্মি গেমছত ৮৯.৩০ মিটাৰ দূৰলৈ জেভেলিন দলিয়াই ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছিল৷ পিছে দুৰ্ভাগ্যবশতঃ সেই প্ৰতিযোগিতাত তেওঁ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়৷  প্ৰতিযোগিতাখনত ৮৯.৮০ মিটাৰ দূৰলৈ জেভেলিন দলিয়াই স্বৰ্ণ পদক অৰ্জন কৰে ফিনলেণ্ডৰ স্থানীয় এথলীট অলিভাৰ হেলাণ্ডাৰে৷ উল্লেখ্য, নীৰজ চোপ্ৰাৰ লক্ষ্য হৈছে ৯০ মিটাৰৰ পৰিধি পাৰ কৰা৷ পাভো নুৰ্মিত তেওঁ ০.৭০ মিটাৰৰ বাবে সেই লক্ষ্য স্পৰ্শ কৰাৰ পৰা বঞ্চিত হয়৷ পিছে লক্ষ্যৰ পৰা বিচলিত নোহোৱা নীৰজ চোপ্ৰাই অচিৰেই ৯০ মিটাৰৰ সীমা পাৰ কৰিবলৈ বদ্ধপৰিকৰ৷ প্ৰসংগতঃ উল্লেখযোগ্য অলিম্পিকৰ পদক অৰ্জন কৰাৰ পাছত অসমৰ লাভলীনাই ইখনৰ পিছত সিখন  সম্বদ্ধৰ্না সভা আৰু মেল-মিটিং তথা বিজ্ঞাপনৰ শ্বুটিঙত ব্যস্ত হৈ অনুশীলনৰ বাবে সময় নোপোৱা হৈছিল৷ ইয়াৰ বিপৰীতে নীৰজ চোপ্ৰাই তেনে সম্বদ্ধৰ্না সভাৰ পৰা আঁতৰি আছিল৷ কেৱল সেয়াই নহয়, তেওঁক সম্বদ্ধৰ্না জনাবলৈ উদগ্ৰীৱ হৈ থকা চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংগঠনক তেতিয়াই কৈছিল যে, খেলুৱৈক অনুশীলনৰ বাবে সময় দিব লাগে, সম্বদ্ধৰ্না জনাই তেওঁৰ অনুশীলনৰ সময় ক্ষতি কৰিব নালাগে৷ নীৰজ চোপ্ৰাই সেয়ে তেনে সম্বদ্ধৰ্না সভা উপেক্ষা কৰি একেৰাহে অনুশীলনত মগ্ন হৈ আছিল৷