Logo
image

বানত বিধবস্ত প্ৰতিটো ঘৰৰ জৰীপ কৰিব চৰকাৰে

আামৰ অসম, ১ জুলাইঃ চলিত বানত ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য লাগে মুখ্যমন্ত্ৰীক৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰলয়ংকাৰী বানে নিশ্চিহ্ন কৰা ঘৰ-ভেটিৰ লগতে ধবংস কৰি কৰি থৈ যোৱা বাসগৃহৰ তালিকা ১৫ জুলাইৰ ভিতৰত দাখিল কৰাৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিছে৷ এইবাৰৰ বলিয়া বানে ৰাজ্যৰ ১.৩৫ লাখ পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ সন্দৰ্ভত ‘আমাৰ অসম’ত প্ৰকাশিত বাতৰিৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এই নিৰ্দেশ প্ৰদান কৰে৷ বৃহস্পতিবাৰে বান পৰিস্থিতি বুজ লোৱাৰ বাবে উপায়ুক্তসকলৰে  ভিডিঅ’ কনফাৰেন্সিং যোগে হোৱা বৈঠকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত বাসগৃৰ তালিকা প্ৰস্তুত কৰি ১৫ জুলাইৰ ভিতৰত চৰকাৰক দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উপায়ুক্তৰ জৰিয়তে ১৫ আগষ্টৰ ভিতৰত ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও স্পষ্ট কৰি দিয়ে৷ লক্ষণীয় যে, ‘আমাৰ অসম’ কাকতৰ বৃহস্পতিবাৰৰ সংখ্যাত ৰাজ্যৰ প্ৰলয়ংকাৰী বানে বাসগৃহ ধবংস কৰা ১.৩৫ লাখ পৰিয়ালৰ কৰুণ  কাহিনী প্ৰকাশ পাইছিল৷ বানত ঘৰ-ভেটি হেৰুৱাই গৃহহীন হোৱা লোকসকলে কি দৰে আশ্ৰয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে তাৰ বাস্তৱ ছবিখন উন্মোচিত হৈছিল৷ এইবাৰৰ বানত ১৭,৩১৫টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে নিশ্চিহ্ন হোৱাৰ বিপৰীতে আন ১.১৮ লাখ পৰিয়ালৰ বাসগৃহও আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ ঘৰ-ভেটি হেৰুৱাই এইসকল লোকৰ বহুতেই এতিয়া আশ্ৰয় শিবিৰ তথা মথাউৰিৰ ওপৰতে দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ ‘আমাৰ অসম’ৰ এই বাতৰিৰ পাছতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই উপায়ুক্তসকলক ক্ষেত্ৰ ভিত্তিক জৰীপ কৰি সম্পূৰ্ণ ক্ষতিগ্ৰস্ত আৰু আংশিক ক্ষতিগ্ৰস্ত বাসগৃহৰ পৰিয়ালৰ তথ্য ১৫ জুলাইৰ ভিতৰত দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ উপায়ুক্তৰ এই প্ৰতিবেদন অনুসৰি জিলাসমূহৰ অভিভাৱক মন্ত্ৰীয়ে বাসগৃহসমূহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ পৰীক্ষা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে৷