Logo
image

বুমৰাৰ বিশ্বৰেকৰ্ড

আমাৰ অসম, ৩ জুলাইঃ ষ্টুৱাৰ্ট ব্ৰডে পেভিলিয়ন এণ্ডৰ পৰা নহয়, যেন ‘নৰক-এণ্ড’ৰ পৰাহে যশপ্ৰীত বুমৰালৈ বল কৰিবলৈ ৰান আপ লৈছিল৷ এজবাষ্টন টেষ্টৰ ৮৪ অ’ভাৰটোত ষ্টুৱাৰ্ট ব্ৰডক নৰকৰ পথ দেখুৱাই দিলে টীম ইণ্ডিয়াৰ ষ্টেণ্ড-ইন-কেপ্টেইন যশপ্ৰীত বুমৰাই৷ যিটো অ’ভাৰ ব্ৰডে বাৰে বাৰে পাহৰি যাবলৈ চেষ্টা কৰিলেও জীৱনত পাহৰিব নোৱাৰে৷  যিদৰে ষ্টুৱাৰ্ট ব্ৰডে পাহৰি যাব পৰা নাই ২০১৭ চনত টি-২০ বিশ্বকাপত যুৱৰাজ সিঙক কৰা অ’ভাৰটো৷ শনিবাৰে ষ্টুৱাৰ্ট ব্ৰডৰ কপালত ক্ৰিকেটৰ ঈশ্বৰে একেলগে সুখ-দুখ দুয়োটাই লিখিছিল৷ কিন্তু দিনান্তত সুখৰ পৰিমাণতকৈ দুখৰ পৰিমাণ অধিক হ’ল, কিয়নো ক্ৰিকেটৰ বাইবেলত তেওঁৰ টেষ্ট কেৰিয়াৰৰ ৫৫০সংখ্যক উইকেটটোৰ বিষয়ে এটা শাৰী বাক্যতে সামৰণি মাৰিলেও শতাব্দীপ্ৰাচীন টেষ্ট ইতিহাসৰ সৰ্বাধিক খৰছী অভাৰটোৰ বিষয়ে কেইবাটাও শাৰী লিখা থাকিব৷ একেদিনাই এটা এটাকৈ তেওঁ দুটা অনাকাংক্ষিত অভিলেখৰ গৰাকী হৈ পৰিল, সেয়াই ষ্টুৱাৰ্ট ব্ৰডৰ ক্ৰিকেটীয় অদৃষ্ট৷

এজবাষ্টন টেষ্টৰ ৮৪সংখ্যক অভাৰটোত ব্ৰিটিছ বলাৰ ষ্টুৱাৰ্ট ব্ৰডে ৩৫ ৰান ব্যয় কৰি টেষ্ট ক্ৰিকেটৰ এটা অভাৰত সবাটোকৈ অধিক ৰান খৰছ কৰা বলাৰত পৰিণত হ’ল৷ ব্ৰডৰ ক্ৰিকেট ভাগ্যত এই কলংকৰ ইতিহাস লিখি দিলে ভাৰতৰ ভাৰপ্ৰাপ্ত অধিনায়ক যশপ্ৰীত বুমৰাই, যি প্ৰকৃততে কেতিয়াও ‘জেনুইন’ বেটাৰ নহয়, ত্ৰাস সৃষ্টিকাৰী এজন পেচ বলাৰ হিচাপেহে পৰিচিত৷ কিন্তু হাতত বেট থাকিলে, তাক ৰূপোৱালী ব্লেডৰ দৰে চিকমিকোৱাব পাৰিলে ‘অকেজ’নেল বেটাৰ’ বা এজন টেইল এণ্ডাৰেও যে বিশ্বখ্যাত বলাৰক লিলিপুটলৈ পৰ্যবসিত কৰিব পাৰে সেয়া মাথোঁ এটা উজ্জ্বলতম অভাৰ খেলিয়েই গালিভাৰ হৈ প্ৰতীয়মান কৰিলে যশপ্ৰীত বুমৰাই বাৰ্মিংহামৰ এজবাষ্টন টেষ্টত৷ সীমিত এদিনীয়া আৰু টি-২০ৰ প্ৰাচুৰ্যৰ দিনত ক্ৰমাত হ্ৰাস পাই অহা ক্ৰিকেটৰ প্ৰকৃত সংস্কৰণ টেষ্ট মেচত বুমৰাৰ এই কৃতিত্ব সঁচাই হীৰকোচিত উজ্জ্বল৷

মাথোঁ আগৰ অভাৰটোত জেমছ এণ্ডাৰছনে ৰবীন্দ্ৰ জাডেজাক শতৰানৰ পাছতে বিদায় দি ভাৰতীয় ইনিংছ চমু কৰাৰ পৰিকল্পনা কৰিছিলহে৷ দ্বিতীয়টো নতুন বলেৰে এণ্ডাৰছনে জাডেজাক ঘূৰাই পঠোৱাৰ পাছত ষ্টুৱাৰ্ট ব্ৰডৰ হাতত বলটো পৰোতে সি সিমানেই নতুন হৈ আছিল, যিধৰণৰ বল হাতত ল’বলৈ ছিমাৰৰ মন লকলকাই থাকে৷ ব্ৰডো ব্যতিক্ৰম নাছিল৷ কিয়নো সন্মুখত তেওঁৰ প্ৰতিপক্ষৰ একাদশতম বেটাৰ, যাক পেভিলিয়নমুখী কৰাতো ব্ৰডৰ বাবে কেৱল সময়ৰ অপেক্ষা৷ কিন্তু ৩৭৭ ৰানত ৯ উইকেট বিসৰ্জন দিলেও ভাৰতীয় দলৰ ষ্টেণ্ড-ইন-কেপ্তেইন যশপ্ৰীত বুমৰাই তেতিয়াও ‘ইংলিছ ছামাৰ’ আৰু উত্তপ্ত কৰাৰ সংকল্প লৈছিল৷ সেয়ে ষ্টুৱাৰ্ট ব্ৰডে শৰীৰ উদ্দেশ্যি ডেলিভাৰী কৰা ৮৪ অভাৰৰ প্ৰথম বলটো হুক কৰি বাউণ্ডেৰীৰ সিপাৰলৈ পঠিয়াইছিল বুমৰাই৷ অভাৰৰ দ্বিতীয় বলটো আছিল ৱাইড আৰু বাউণ্ডেৰী৷ সামান্য নাভাৰ্ছ হৈ ষ্টুৱাৰ্ট ব্ৰডে তৃতীয় বলত ‘অভাৰ ষ্টেপ’ কৰিলে আৰু বল হ’লগৈ ন’৷ কিন্তু বুমৰাই সেই বলটোক বাউণ্ডেৰীৰ ওপৰেৰে ৰছীৰ সিপাৰলৈ পঠিয়ালে৷ চতুৰ্থ বল আছিল ফুলটছ আৰু ভুল নকৰাকৈ বুমৰাৰ মিড অন বাউণ্ডেৰী৷ পঞ্চমটো বলত পুনৰ ফাইন লেগৰ দিশত বুমৰাৰ বাউণ্ডেৰী৷ ষষ্ঠ বলত আন এটা বাউণ্ডেৰী বুমৰাৰ, এইবাৰ মিড উইকেটৰ দিশে৷ সপ্তম বলত বুমৰাৰ ছিক্সাৰ আৰু লগে লগে এটা টেষ্ট অভাৰত সৰ্বাধিক ৰান লোৱাৰ বাবে বুমৰাৰ বিশ্বাভিলেখ আৰু সৰ্বাধিক ৰান খৰছ কৰাৰ বাবে ষ্টুৱাৰ্ট ব্ৰডৰ অনাকাংক্ষিত বিশ্বাভিলেখ৷ অন্তিমটো বলত বুমৰাই এক ৰান লৈ ষ্ট্ৰাইক নিজৰ হাতত ৰাখিলে, কিন্তু তাৰ পূৰ্বেই তেওঁ সোমাই পৰিল ক্ৰিকেট ইতিহাসৰ নতুন পৃষ্ঠাত৷ অভাৰৰ ৰান সংখ্যা আছিল– ৪, ৫ [ৱাইড], ৬ [ন’বলঋৰ], ৪, ৪, ৪, ৬, ১ ৃ ৩৫৷ পৰিসংখ্যাই কয়, পূৰ্বে ২৮ ৰানেই আছিল টেষ্টৰ এটা অভাৰৰ সৰ্বাধিক ৰান, যিটো অভিলেখ দুই ব্ৰিটিছ বলাৰ জেমছ এণ্ডাৰছন, জো ৰুটৰ উপৰি দক্ষিণ আফ্ৰিকাৰ ৰবিন পিটাৰছনৰ নামত আছিল৷ প্ৰসংগতঃ একেদিনাই ষ্টুৱাৰ্ট ব্ৰডে মহম্মদ ছামিক বিদায় দি টেষ্টত ৫৫০টা উইকেট সম্পূৰ্ণ কৰিছিল৷ সেইদিশৰ পৰা ষ্টুৱাৰ্ট ব্ৰডৰ সন্মুখত আছে মুথায়া মুৰলীধৰণ [৮০০], শ্বেন ৱাৰ্ণ [৭০৮], জেমছ এণ্ডাৰছন [৬৫৬], অনিল কুম্বলে [৬১৯] আৰু গ্লেন মেকগ্ৰাথ [৫৬৩]৷ পিছে সেই কৃতিত্ব আজি ম্লান হৈ পৰিল যশপ্ৰীত বুমৰাৰ অদম্য শক্তিত৷ উল্লেখ্য, ২০১৭ চনৰ টি -২০ বিশ্বকাপত যুৱৰাজ সিঙে ষ্টুৱাৰ্ট ব্ৰডৰ এটা অ’ভাৰত ৬ টাকৈ ছিক্সাৰ কোবাই যিকোনো আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথমটো এনে কৃতিত্বৰ অধিকাৰী হৈছিল৷ ইয়াৰ পূৰ্বে ৰঞ্জি ট্ৰফীৰ মেচত বৰোদাৰ বিৰুদ্ধে মুম্বাইৰ ৰবি শাস্ত্ৰীয়ে তিলকৰাজৰ ৬ টা বলত ৬ টা ছিক্সাৰ কোবোৱাটো আছিল বিশ্বৰ যিকোনো প্ৰথম শ্ৰেণীৰ মেচৰ একমাত্ৰ ঘটনা৷ ২০১৭ চনৰ টি -২০ বিশ্বকাপত যুৱৰাজ সিঙে ষ্টুৱাৰ্ট ব্ৰডৰ এটা অ’ভাৰত ৬টাকৈ ছিক্সাৰ কোবোৱাৰ ঘটনাৰ পাছত ব্ৰডৰ কেৰিয়াৰৰ সামৰণি পৰিব বুলি আশংকা কৰা হৈছিল৷ পিছে তেওঁ সেই ঘটনা চম্ভালি লৈ পুনৰ ক্ৰিকেটলৈ সফলতাৰে উভতি আহি ৫৫০ টেষ্ট উইকেটৰ গৰাকী হ’ল৷ পিছে বুমৰাৰ এই বিধবংসী অ’ভাৰটোৱে পুনৰ ব্ৰডৰ কেৰিয়াৰলৈ শংকা কঢ়িয়াই আনিছে৷