Logo
image

অসমত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ প্ৰয়োজন নাই! মুখ্যমন্ত্ৰী

আছুক জনাই দিছোঁ

আমাৰ অসম, ৭ জুলাইঃ ‘খিলঞ্জীয়াৰ সংজ্ঞা কিয় লাগে? আহোম, কছাৰী, মৰাণ, মটক– আমিয়েই খিলঞ্জীয়া৷ খিলঞ্জীয়াৰ বাবে সংজ্ঞা এটা কিয় লাগে?’ –এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ৷ অসমৰ ইছলাম ধৰ্মাৱলম্বী অসমীয়াভাষী পাঁচটা জনগোটক খিলঞ্জীয়া অসমীয়াৰূপে অসম চৰকাৰে স্বীকৃতি দিয়া আৰু এই সন্দৰ্ভত সৃষ্টি হোৱা মিশ্ৰিত প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বুধবাৰে মুখ্যমন্ত্ৰীয়ে এইদৰে কয়৷ মুখ্যমন্ত্ৰীৰ ভাষ্য– ‘মই নাভাবো খিলঞ্জীয়াৰ সংজ্ঞা এটা লাগে বুলি৷ আছুকো বিভিন্ন সময়ত কৈছো৷ আইনৰ কাৰণে সংজ্ঞা লাগে৷ কিন্তু অসমত আমি খিলঞ্জীয়া কোন বুলি বিষয়টো জটিল কৰি আছোঁ৷ এক অংশক বাদ দিলে আমি সকলো খিলঞ্জীয়া৷ এইটোকে আমি সৰলীকৰণ কৰি দিলোঁ৷ মৰাণ-মটক-আহোম-কোঁচ-কলিতা আমিয়েই খিলঞ্জীয়া৷ সাংবিধানিক সুৰক্ষাৰ বাবে কিবা সংজ্ঞাৰ প্ৰয়োজন হ’ব পাৰে৷ খিলঞ্জীয়া অসমীয়া কোন বুলি ক’লে বুৰঞ্জী অধ্যয়ন কৰিলে এশ বছৰ আগতে কোন আছিল আমি নিজেই গম পাওঁ৷ সৰ্বজনগ্ৰাহ্য সূত্ৰৰ বাবে বিতৰ্ক নালাগে৷ ‘লিগেল ডেফিনেছন’ৰ বাবে আলাপ আলোচনা কৰাটো বেলেগ কথা৷ ইয়াৰ পৰৱৰ্তী পৰ্যায় এই খিলঞ্জীয়া অসমীয়া সমাজখনৰ লোকপিয়ল আৰু তেওঁলোকৰ আৰ্থসামাজিক বিকাশৰ বাবে চৰকাৰে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷ অসমত বহু ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোক আছে৷ ইয়াৰ কিছুমান মুছলমান লোক আছে যিসকলে বিভিন্ন সময়ত অসমলৈ আহিছে৷ যাক আমি অভিভাষী মুছলমান বুলি কওঁ৷ কিন্তু তাৰ বিপৰীতে অসমৰ মাটিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা কেইবাটাও মুছলমান সম্প্ৰদায়ৰ জনগোষ্ঠীয়ে তেওঁলোকৰ সাংস্কৃতিক পৰিচয় অক্ষুন্ন ৰখাৰ বাবে এক দীঘলীয়া সংগ্ৰাম কৰি আহিছে৷ অসম চৰকাৰে এই দীঘলীয়া সংগ্ৰামখনক স্বীকৃতি দি উক্ত জনগোষ্ঠীসমূহক খিলঞ্জীয়া অসমীয়া মুছলমান বুলি তেওঁলোকক সমাহিত কৰিছোঁ৷’

অসম চুক্তিৰ ৬নং দফা কমিটীৰ প্ৰতিবেদনতে আছে খিলঞ্জীয়াৰ সংজ্ঞাঃ সমুজ্জ্বল ভট্টাচাৰ্য

৫ জনগোষ্ঠীক লৈ খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়– অসমৰ ইছলামধৰ্মী জনসাধাৰণ অসমৰ সমাজ জীৱনৰ অংগাংগী হয়েই৷ এইসকলক বাদ দি অসমীয়া জাতি, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহয়৷ মুছলমানসকলৰ অসমৰ অবিচ্ছেদ অংগ৷ এতিয়া মূল বিষয়টো হৈছে অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ পৰা অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠী, জনজাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তীত্ব সুৰক্ষা কৰিব লাগে৷ এইখন অসম আমাৰ৷ এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব, নিয়ন্ত্ৰণ আৰু সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিব লাগিব৷ অসম চুক্তিৰ ছয় নং দফাই সাংবিধানিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে৷ কেন্দ্ৰীয় চৰকাৰে ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকবচ সন্দৰ্ভত এখন উচ্ছস্তৰীয় কমিটী গঠন কৰি দিছে৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন কমিটীখনে সময়মতে প্ৰতিবেদন দিছে৷ প্ৰতিবেদন দাখিল কৰাৰ দুবছৰ হ’ল৷ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব৷ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিলেই খিলঞ্জীয়া মানুহে সাংবিধানিক ৰক্ষাকবচ পাব৷ কিয়নো এই প্ৰতিবেদনতে আছে খিলঞ্জীয়াৰ সংজ্ঞা৷ কিন্তু এইক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিলম্ব হৈছে৷ দিল্লী-দিছপুৰৰ চৰকাৰে বিলম্ব কৰিব নালাগে৷ শীঘ্ৰেই প্ৰতিবেদন মৰ্মে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ দিয়াৰ ব্যৱস্থা কৰক৷ এইটো আমাৰ প্ৰাপ্য৷ এতিয়া আমাক ফলাফল লাগে৷ ফলাফল নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ৷ প্ত জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী স্বীকৃতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই৷ তেওঁ কয়–খিলঞ্জীয়া কোন আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন৷ যদি চৰকাৰে খিলঞ্জীয়াৰ সংখ্যা নিৰ্ধাৰণ কৰিলে তেনেহ’লে অসম চুক্তিকে আদি কৰি সকলো ক্ষেত্ৰত খিলঞ্জীয়াই পাবলগা অধিকাৰ সমুহো প্ৰদান কৰাক চৰকাৰে৷ এটা জনগোষ্ঠী বা সম্প্ৰদায়ক খিলঞ্জীয়া বুলি স্বীকৃতি দিবলৈ যাওতে খিলঞ্জীয়া শব্দটোৰ প্ৰকৃত সংজ্ঞা নিৰূপন কৰাটো উচিত৷ সকলো বিলাক বিষয় ৰাজনৈতিকভাৱে বিশে¡ষণ কৰা উচিত৷ প্ত জনগোষ্ঠীক খিলঞ্জীয়া স্বীকৃতি প্ৰদান সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়–কংগ্ৰেছ-ইউ ডি এফ কেতিয়াও খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপন হোৱাটো নিবিচাৰে৷ বাংলাদেশী মুছলমান আৰু খিলঞ্জীয়া মুছলমানৰ মাজত সংঘাট বিচাৰে কংগ্ৰেছ ইউ ডি এফে৷ আনহাতে প্ত জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া মুছলমান স্বীকৃতি প্ৰদান সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে৷ তেওঁ কয়–চৈয়দ, জলহা, গৰিয়া, মৰিয়া বা দেশী সকলক যে কেবিনেটে খিলঞ্জীয়া স্বীকৃতি দিলে তাৰ মানে তেওঁলোক খিলঞ্জীয়া নাছিল৷ তাৰ অৰ্থ চৈয়দ আব্দুল মালিক খিলঞ্জীয়া নাছিল৷ চৰকাৰে গোটেই বিষয়টো বেলেগ ফালে নিবলৈ চেষ্টা কৰিছে৷ ইফালে ৫ জনগোষ্ঠীক খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰা সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়–খিলঞ্জীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ যে অলপো গুৰুত্ব নাই আজি প্ৰমাণ হৈছে৷ যদি গুৰুত্ব নাই তেনেহ’লে কালি কিয় নাম ধৰি ধৰি ৫টা জনগোষ্ঠীক খিলঞ্জীয়া বুলি ক’লে? প্ৰকৃততে এই বিলাক কৰি থকাতকৈ অসম চুক্তি অনুসৰি যিখিনি সুবিধা অসমীয়াই পাব লাগে তাৰ ব্যৱস্থা কৰক৷