Logo
image

কামাখ্যাত পূজা দি গুৱাহাটী এৰিলে দ্ৰৌপদী মুৰ্মুৱে

আমাৰ অসম, ৮ জুলাইঃ চাৰিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ বাবে সোমবাৰে নিশা আহি গুৱাহাটীত উপস্থিত হোৱা তথা আগন্তুক ৰাষ্ট্ৰপতি পদৰ শাসকীয় এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে বিয়লি শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰে৷ প্ৰায় ৪.৪৫ বজাত গৈ মন্দিৰ চৌহদত উপস্থিত হোৱা এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালকে ধৰি কেইবাজনো বিজেপি নেতাই৷ আনহাতে দ্ৰৌপদী মুৰ্মুৱে পূজা-অৰ্চনা কৰা কাৰ্যত সহযোগিতা আগবঢ়ায় কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা কামাখ্যা বৰদেউৰীৰ সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই৷ আনহাতে পূজা-অৰ্চনা কৰাৰ অন্তত দ্ৰৌপদী মুৰ্মুক বৰদেউৰী সমাজৰ কাৰ্যালয়ত কামাখ্যাৰ পৰম্পৰাগত স্মাৰক প্ৰদান কৰি বিপুলভাৱে আদৰণি জনায় বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই৷ উভতি যোৱাৰ সময়ত আগন্তুক দিনত পুনৰ মা-কামাখ্যাৰ আশীষ ল’বলৈ আহিব বুলি বৰদেউৰী সমাজৰ কাৰ্যালয়ত ব্যক্ত কৰে দ্ৰৌপদী মুৰ্মুৱে৷ ইফালে সন্ধিয়াৰ ভাগত হোটেল তাজ ভিভাণ্টাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সাংসদ আৰু বিধায়কৰ সৈতে এক বৈঠকত মিলিত হয় দ্ৰৌপদী মুৰ্মুৱে৷ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰাকে ধৰি মিত্ৰজোঁটৰ অংশীদাৰী দলৰ কেইবাজনো নেতা উপস্থিত থাকে৷ আনহাতে বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ পৰা এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে ভবাতকৈ অধিক ভোট লাভ কৰিব বুলি সদিৰ কৰে৷ আনকি অসমতো শাসকীয় দলৰ উপৰি বিৰোধী দলৰো বহু ভোট লাভ কৰিব বুলি ড॰ শৰ্মাই সদৰি কৰি আগন্তুক নিৰ্বাচনত দ্ৰৌপদী মুৰ্মু বিপুল ভোটত জয়ী হোৱাৰ লগতে নিৰ্বাচনটো এটা আনুষ্ঠানিকতা আৰু সময়ৰহে অপেক্ষা মাথোন বুলি ব্যক্ত কৰে৷ ইফালে বৈঠকত দ্ৰৌপদী মুৰ্মুৱে সকলোৰে পৰা সহযোগিতা লাভ কৰিব বুলি আশা ব্যক্ত কৰি নিশা ৯ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ অভিমুখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাওনা হয়৷ বিমান বন্দৰৰ পৰা চাৰিদিনীয়া ভ্ৰমণসূচী সামৰি নিশা ১০ বজাত বিশেষ বিমানেৰে নতুন দিল্লীলৈ উভতি যায় দ্ৰৌপদী মুৰ্মু৷