Logo
image

জাগীৰোড, কাছাৰত স্বস্তি

কাগজ কলৰ ২,৭৫১ কৰ্মচাৰীক ৮১০ কোটিৰ সাহায্য, ৮৪জনক পুনৰসংস্থাপন

আমাৰ অসম, ৮ জুলাইঃ মৰি মৰি জীয়াই থকা একাংশ কৰ্মচাৰীয়ে অৱশেষত  স্বস্তিৰ নিশ্বাস ল’লে৷ সুদীৰ্ঘ ৬৪ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত এইসকল দুৰ্ভগীয়া কৰ্মচাৰীৰ মুখলৈ আহিল হাঁহি৷ প্ৰাপ্য দৰমহা তথা বকেয়াৰ পৰা বঞ্চিত কৰ্মচাৰীসকলৰ মাজৰে ১০৬জনে ইতিমধ্যে ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ কৰুণ মৃত্যুকো সাৱটি ল’লে৷ অনাকাংক্ষিতভাৱে জীৱনৰ আধা বয়সতে কৰ্মহীন হৈ পৰা চাৰিজন কৰ্মচাৰীয়ে পৰিয়াল পোহ-পাল দিব নোৱাৰি চৰমপন্থা হিচাপে আত্মহননৰ পথ বাছি ল’লে৷ কিন্তু সুদীৰ্ঘ ৫-৬ বছৰ অন্তত অসমৰ অন্যতম দুটা ৰাজহুৱা খণ্ডৰ উদ্যোগ কাছাৰ আৰু জাগীৰোড কাগজ কলৰ দৰমহা বঞ্চিত কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ তৎপৰতাত অৱশেষত প্ৰাপ্য বকেয়াৰ কিছু হ’লেও লাভ কৰিবলৈ সক্ষম হ’ল৷ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই জাগীৰোড আৰু কাছাৰ কাগজকলৰ ২,৭৫১জন কৰ্মচাৰীক প্ৰাপ্য বকেয়াৰ চেক প্ৰদান কৰে৷ হিন্দুস্তান পেপাৰ কৰ্প’ৰেছনৰ অন্তৰ্গত কাগজ কল দুটাৰ ভূমি-সম্পত্তি লিকুইডেটৰৰ জৰিয়তে নিবিদাৰ মাধ্যমেৰে ৩৫০ কোটি টকাত ক্ৰয় কৰি কৰ্মচাৰীৰ বকেয়া হিচাপে সৰ্বমুঠ ৮১০ কোটি টকা মোকলাই দিয়ে ৰাজ্য চৰকাৰে৷ তদুপৰি কাগজ কলৰ যোগ্য ৮৪জন কৰ্মচাৰীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তিও প্ৰদান কৰে৷ অৱশ্যে ৰাজ্যৰ অন্যতম লাভজনক কাগজ কল দুটাৰ ভিতৰত কাছাৰ কাগজ কলটোক ব্যক্তিগত খণ্ডৰ জৰিয়তে পুনৰুজ্জীৱিতকৰণ কৰা হ’ব যদিও জাগীৰোড কাগজ কলটোৰ পুনৰুজ্জীৱিত নোহোৱাটো নিশ্চিত হৈ পৰিল৷ জাগীৰোড কাগজ কলৰ ভূমিত গুৱাহাটীৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ অংশ হিচাপে বিধানসভাকে ধৰি চৰকাৰী অফিচ-কাছাৰী নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দুয়োটা কাগজ কলৰ কৰ্মচাৰীক চেক বিতৰণ কৰি কাগজ কলৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবেই ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটাৰ মৃত্যু হোৱা বুলি ৰাজহুৱাকৈ আক্ষেপ কৰা দেখা গ’ল৷ চেক বিতৰণ অনুষ্ঠানত কৰ্মচাৰীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ৰাজহুৱাখণ্ডৰ দুয়োটা পেপাৰ মিল বন্ধ হোৱা ঘটনা কাৰো বাবে সুখকৰ নাছিল৷ কিন্তু কিয় এই মিল বন্ধ হ’বলগীয়া হ’ল আৰু ইয়াৰ বাবে কোন দায়বদ্ধ আমি সকলোৱে কম বেছি পৰিমাণে অৱগত৷ বিভিন্ন সময়ত চলি থকা গোচৰ, দুৰ্নীতিৰ অভিযোগ আদিয়ে আমাৰ মনত নি(য় চিন্তাৰ উদ্বেগ কৰে৷ যি সময়ত ব্যক্তিগত খণ্ডৰ পেপাৰ মিল ঠিক মতে চলি আছে, তেনে সময়ত এই পেপাৰ মিল দুটাৰ মৃত্যুয়ে বহু নক’বলগীয়া কথা কৈ যায়৷ এক কথাত ক’বলৈ গ’লে এই পেপাৰ মিলক যিসকল বিষয়া-কৰ্মচাৰীয়ে পৰিচালনা কৰিছিল তেওঁলোকে আমাৰ জাতিটোক যে ভীষণ ক্ষতি কৰিলে তাক সময়ে প্ৰমাণ কৰি দিছে৷ যি সকলৰ বাবে  পেপাৰ মিলৰ এই অৱস্থা হৈছে সেই সকলে হয়তো এতিয়া সুন্দৰ জীৱন-যাপন কৰি আছে৷ আজি তেওঁলোকক মই অসমৰ ৰাইজৰ হৈ তীব্ৰ ঘৃণা আৰু গৰিহণাই উপচাই দিব বিচাৰো৷ সময়ে সময়ে আমি পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ ওচৰত থিয় হৈ আহিছো৷ সমালোচনা হৈছিল চৰকাৰে কাম কৰিব লাগিছিল৷ কিন্তু ২০১৪ চনৰ পৰা বিনামূলীয়া বিদু্যতৰ যোগান ধৰি আহিছে কাগজ কলৰ কৰ্মচাৰীক৷ লগতে বিভিন্ন সময়ত কৰ্মচাৰীসকলক বৃত্তি দিয়াৰো ব্যৱস্থা কৰা হৈছিল৷ কিন্তু কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহু কথা ভাবিবলগীয়া হয়৷ ৮১০ কোটি টকা আজি ৩,০০০ কৰ্মচাৰীক বিতৰণ কৰিম, যদি এই ধন বিতৰণ কৰিব নালাগিলহেঁতেন তেন্তে সেই টকাৰে কোনোবা গাঁৱৰ হাস্পতাল, ৰাস্তা-পথ নিৰ্মাণ হ’লহেঁতেন৷ চৰকাৰৰ হাতত যি টকা থাকে সেয়া ক’ত খৰচ কৰিব তাত গুৰুত্ব দিয়ে৷ কাগজ মিল দুটাৰ ইউনিয়নৰ লগত কথা পাতি সিদ্ধান্ত লোৱা হৈছিল যে মিলটো বন্ধ হোৱা দিনলৈকে কৰ্মচাৰী সকলে দৰমহা পাব আৰু উপযুক্তসকলে চাকৰি পাব৷  ৩৫০ কোটি আমি লিকুইডিটৰক দিছো, তাৰে ৫০ কোটি কৰ্মচাৰীয়ে পাব৷ পেঞ্চন ফাণ্ডৰ টকা আমি পিএফ অফিচত দি দিম৷ লিকুইডিটৰে দিয়া ধন কৰ্মচাৰীসকলৰ মাজত ভগাই দিয়া হ’ব৷ গ্ৰেছুইটি আৰু পেঞ্চন ফাণ্ডৰ ধনো ৰাজ্য চৰকাৰে দিব৷ নগাঁও পেপাৰ মিলক ৮০.৭০ কোটি টকা, কাছাৰ পেপাৰ মিলক ৮৬.১২, কলকাতাৰ কৰ্মচাৰী সকলক ১২ কোটি টকা মোকলাই দিয়া হ’ব৷ বিগত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত আমাৰ চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ বাবে ৭০০ কোটি টকাৰ এক সাহায্য পেকেজত অনুমোদন জনাইছিল৷  চলিত বৰ্ষৰ ১১ মে’ত এইচ পি চি এলৰ অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ আলোচনা মৰ্মে চৰকাৰে পূৰ্বে ঘোষণা কৰা ৭০০ কোটি টকাৰ সাহায্য পুঁজিৰ উপৰি কৰ্মচাৰী আৰু কৰ্মীসকলৰ গ্ৰেচুইটী পেমেণ্টৰ বাবে অতিৰিক্ত ১১০ কোটি টকা প্ৰদান কৰিবলৈ সিদ্ধান্ত লয়৷  এই পদক্ষেপৰ ফলত ৮১০ কোটি টকাৰ এই সাহায্য পুঁজিয়ে কাগজ কল দুটাৰ ২০০৩জন নিয়মীয়া কৰ্মচাৰী আৰু ৭৪৮জন ঠিকাভিত্তিক কৰ্মীকে ধৰি সৰ্বমুঠ ২৭৫১জন কৰ্মচাৰীক উপকৃত কৰিব৷  এই সাহায্য পেকেজৰ অধীনত ২৫ কোটি টকাৰ বৰ্ধিত পুঁজিৰে এইচ পি চি এলৰ ‘প্ৰাক্তন কৰ্মচাৰী আৰু ছুপাৰভাইজাৰ ৱেলফেয়াৰ ফাণ্ড’ গঠন কৰা হ’ব৷ এই ন্যাসৰ পুঁজিৰ পৰা বছৰি লাভ কৰা সুতৰ টকা কৰ্মচাৰীসকলৰ চিকিৎসা, শৈক্ষিক আৰু সামাজিক সুৰক্ষাৰ দিশত ব্যয় কৰা হ’ব৷ উল্লেখ্য, আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ, যোগেন মহন, ৰণজিৎ কুমাৰ দাস, সঞ্জয় কিষাণ, ইউ জি ব্ৰহ্ম, বিমল বড়া, পীয়ূষ হাজিৰকা, নন্দিতা গাৰ্লোছা, এ আই ডি চিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনৰ উপৰি শীৰ্ষ বিষয়াসকল, কাগজ কলৰ কৰ্মচাৰীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ অৱশ্যে মেঘালয়ত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকল গুৱাহাটীলৈ আহিব নোৱাৰাত শিলচৰতে প্ৰশাসনে ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠানটোত অংশ লোৱাৰ ব্যৱস্থা কৰে৷