Logo
image

অসমৰ নিউজ চেনেলসহ ভাৰতত ছাইবাৰ এটেক

নূপুৰ-কাণ্ডৰ প্ৰতিশোধ ইছলাম ৰাষ্ট্ৰৰ!

আমাৰ অসম, ৯ জুলাইঃ বিতৰ্কিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাই ইছলামৰ ধৰ্মগুৰু হজৰত মহম্মদৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ প্ৰতিশোধ লৈ দুটাকৈ ইছলামিক সংগঠনে ভাৰতৰ ওপৰত ভয়ংকৰ চাইবাৰ আক্ৰমণ সংঘটিত কৰিছে৷ অসমৰ এটা নিউজ পৰ্টেলকো চাইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ দুটা সংগঠনে ভাৰতৰ মুঠতে ২০০০ ৰো অধিক ৱেবছাইট নিষ্ক্ৰিয় কৰি পেলাইছে৷ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ সময়তে অসমৰ নিউজ পৰ্টেলটোৰ স্ক্ৰীণ সম্পূৰ্ণৰূপে ক’লা কৰি হেকাৰে তাত পাকিস্তানৰ পতাকা দৰ্শকক উদ্দেশ্যি মুকলিভাৱে প্ৰদৰ্শন কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিদেশী মুছলিম সংগঠনৰ আক্ৰমণৰ লক্ষ্য হোৱা দুই সহস্ৰাধিক ৱেবছাইটৰ ভিতৰত আছে বহুকেইটা আৰক্ষীৰ ৱেবছাইট৷ ভাৰতৰ বিৰুদ্ধে এই ভয়ংকৰ ছাইবাৰ আক্ৰমণ সংঘটিত কৰিছে মালয়েছিয়াৰ ‘ড্ৰেগন ফ’ৰ্চ’ আৰু ইণ্ডোনেছিয়াৰ ‘হেক্টিভিষ্ট’ নামৰ হেকাৰ গ্ৰুপে৷ দুয়োটা সংগঠনে টুইটাৰৰ জৰিয়তে তেওঁলোকেই ভাৰতৰ বিৰদ্ধে এই সফল চাইবাৰ আক্ৰমণ সংঘটিত কৰা বুলি দায়িত্ব স্বীকাৰ কৰিছে৷ টুইটাৰত ড্ৰেগন ফ’ৰ্চে লিখিছে– ‘সমগ্ৰ বিশ্বৰ সকলো মুছলিম হেকাৰলৈ এয়া জৰুৰী আহ্বান৷ বিশ্বৰ মানৱাধিকাৰ সংগঠন আৰু বিভিন্ন আন্দোলনকাৰীক আমি ভাৰতৰ বিৰুদ্ধে চলোৱা চাইবাৰ আক্ৰমণৰ ক্ষেত্ৰত একত্ৰিত হ’বলৈ অনুৰোধ জনালোঁ৷ ভাৰতত ইছলামৰ বিৰুদ্ধে কি কি ঘটনা সংঘটিত হৈ আছে সেয়া সকলোৱে জনা প্ৰয়োজন৷ প্ৰত্যেক মুছলিম সংগঠন, হেকাৰ, মানৱাধিকাৰ সংগঠনে ভাৰতত ইছলামৰ বিৰুদ্ধে সংঘটিত হৈ থকা অপৰাধৰ বিষয়ে ব্যাপকভাৱে প্ৰচাৰ চলাওক৷ ইছলাম ধৰ্মাৱলম্বীৰ প্ৰতি ভাৰতে সন্ত্ৰাসবাদীৰ দৰে কৰা আচৰণ, অপৰাধমূলক পদক্ষেপ উন্মোচন কৰক৷’

মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ দুটাকৈ ইছলামিক চাইবাৰ হেকাৰ গ্ৰুপে সংঘটিত কৰা চাইবাৰ আক্ৰমণৰ বলি হৈছে ভাৰতৰ দ্বি-সহস্ৰাধিক ৱেবচাইট আৰু অসমৰ এটা নিউজ প’ৰ্টেল৷  গুৱাহাটীৰ জি এছ ৰোডত কাৰ্যালয় থকা আৰু অসমৰ আটাইতকৈ বেছি ‘ভিৱাৰ’ বা দৰ্শক থকা বুলি দাবী কৰা এই নিউজ প’ৰ্টেলটোৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ সময়তে হেকাৰে আক্ৰমণ সংঘটিত কৰি সম্পূৰ্ণ স্ক্ৰীণ ক’লা কৰি দিয়ে৷ আন্ধাৰ হৈ পৰা স্ক্ৰীণত সেই সময়ত হেকাৰে প্ৰদৰ্শন কৰে পাকিস্তানৰ জাতীয় পতাকা৷ তদুপৰি নিউজ পৰ্টেলটোৰ স্ক্ৰীণত ‘ল’ৱাৰ বেণ্ড’ত সেই সময়ত চলি থকা বাতৰিৰ ‘স্ক্ৰল’ৰ ঠাইত হেকাৰে সম্প্ৰচাৰ কৰে– ‘পয়গম্বৰ হজৰত মহম্মদক সকলোৱে সন্মান কৰক৷’ আৰৱী ভাষাত সেই ঠাইত হেকাৰে লিখে–‘ছাল্লালাহু আল্লাৱাহি ৱা ছালাম’, অৰ্থাৎ আল্লাই তেওঁক সন্মান কৰক আৰু শান্তিৰ বাৰ্তা দিয়ক৷’ দীৰ্ঘ সময় ধৰি নিউজ প’ৰ্টেলটোৰ ‘ল’ৱাৰ বেণ্ড’ত হেকাৰে এই বাক্যটো সম্প্ৰচাৰ কৰে আৰু অসমৰ সেই নিউজ প’ৰ্টেলটোতে তেওঁলোকে ভাৰতৰ অসংখ্য ৱেবচাইট আক্ৰমণ কৰি নিষ্ক্ৰিয় কৰি পেলোৱা বুলি উল্লেখ কৰে৷ তাতে তেওঁলোকে জনাই যে ইছলামিক বৈপ্লৱিক সংগঠন পি কেৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে এই চাইবাৰ আক্ৰমণ সংঘটিত কৰা হৈছে৷

মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ দুটাকৈ ইছলামিক সংগঠনে ভাৰতৰ দুই সহস্ৰাধিক ৱেবচাইট আৰু অসমৰ এটা নিউজ প’ৰ্টেলৰ বিৰুদ্ধে চাইবাৰ আক্ৰমণ চলোৱাক লৈ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাও উদ্বিগ্ন হৈ পৰিছে৷ ইতিমধ্যে থানে আৰক্ষী আৰু অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীয়ে তেওঁলোকৰ ৱেবচাইট হেকাৰে নিষ্ক্ৰিয় কৰি পেলোৱা বুলি স্বীকাৰ কৰিছে৷  ইপিনে একেটা ঘটনাতে বিজেপিৰ বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাৰ ঘৰৰ ঠিকনা, ফোন নম্বৰ আৰু আধাৰ কাৰ্ডত থকা তেওঁৰ ব্যক্তিগত সবিশেষ হেকাৰে উল্লেখ কৰি দিছে৷ হেকাৰৰ এই কাৰ্য অতিশয় স্পৰ্শকাতৰ আৰু বিপজ্জনক বুলি বিবেচিত হৈছে৷ কিয়নো ইতিমধ্যে অনেক খ্যাত-অখ্যাত ইছলামিক মৌলবাদী সংগঠনে নূপুৰ শৰ্মাক হত্যা কৰা আৰু তেওঁৰ জিভা কাটি দিয়াৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে৷ সেয়ে নূপুৰ শৰ্মাৰ ঠিকনাসহ সবিশেষ হেকাৰে প্ৰকাশ কৰি দিয়াত সম্প্ৰতি নিলম্বিত হৈ থকা বিজেপিৰ নেত্ৰীগৰাকী ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে৷ এই হেকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনাৰে ভাৰত চৰকাৰে ইণ্টাৰপ’লৰ ‘লুকআউট নটিচ’ প্ৰেৰণ কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ তদুপৰি আহমেদাবাদৰ আৰক্ষী তথা চাইবাৰ অনুসন্ধান বিভাগৰ আহ্বানমৰ্মে ভাৰত চৰকাৰে ইণ্ডোনেছিয়া আৰু মালয়েছিয়া চৰকাৰক এই ইছলামিক হেকাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে৷