Logo
image

উইম্বলডনৰ মহিলাৰ নতুন চেম্পিয়ন এলেনা ৰীবাকিনা

আমাৰ অসম, ১০ জুলাইঃ জন্ম হৈছিল ৰাছিয়াত৷ কিন্তু টেনিছ খেলাৰ বাবে চাৰি বছৰ পূৰ্বে কাজাখস্তানৰ নাগৰিকত্ব লৈছিল এলেনা ৰীবাকিনাই৷ এই ৰীবাকিনাই শনিবাৰে টিউনিছিয়াৰ অ’ন্স জাবেউৰক  ৩-৬, ৬-২, ৬-২ ছেটত পৰাস্ত কৰি উইম্বলডনৰ মহিলাৰ নতুন চেম্পিয়নৰ সম্মান লাভ কৰিলে৷ দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে উইম্বলডনৰ ফাইনেল খেলিছিল৷ উইম্বলডনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত উপনীত হোৱা দুগৰাকী খেলুৱৈৰ মাজত হৈছিল খিতাপৰ যুঁজ আৰু এই যুঁজত জয় হ’ল অভিজ্ঞতাৰ৷ প্ৰথমটো ছেটত পিছ পৰি ৰোৱাৰ পাছতো এঘণ্টা ৪৮ মিনিটৰ যুঁজৰ  পৰৱৰ্তী দুটা ছেট অনায়াসে আয়ত্ত্বলৈ আনি গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা কাজাখস্তানৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে স্বীকৃত হ’ল ২৩ বছৰীয়া ৰীবাকিনা৷ কেৱল কাজাখস্তানেই নহয়, এছিয়াৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে উইম্বলডনৰ মহিলাৰ ছিংগল্‌ছৰ খিতাপ জয় কৰিলে ৰীবাকিনাই৷ নাগৰিকত্ব সলনি নকৰা হ’লে হয়তো ৰীবাকিনাৰ পক্ষে এই প্ৰাপ্তি সম্ভৱ নহ’লহেঁতেন৷ কিয়নো, ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণৰ বাবে ৰাছিয়াৰ খেলুৱৈক উইম্বলডনত ভাগ লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ খিতাপৰ যুঁজত অৱশ্যে জাবেউৰকে সম্ভাব্য বিজয়ী হিচাপে গণ্য কৰা হৈছিল৷ বাছনিতো টিউনিছিয়াৰ খেলুৱৈগৰাকী আছিল আগস্থানত৷ ৰীবাকিনাই টুৰ্নামেণ্টখনত প্ৰতিদ্বন্দ্বিতা কৰিছিল সপ্তদশ বাছনিৰ খেলুৱৈ হিচাপে৷ তাৰ বিপৰীতে জাবেউৰ আছিল তৃতীয় বাছনিপ্ৰাপ্ত খেলুৱৈ৷ কিন্তু ফাইনেলত সকলো হিচাপ-নিকাচ সলনি কৰি দিছিল ৰীবাকিনাই৷

ইতিহাস গঢ়াৰ সময়ত অৱশ্যে ৰীবাকিনাই তেওঁৰ কাষত পোৱা নাছিল পিতৃ-মাতৃক৷ তেওঁলোক আছিল ৰাছিয়াতে৷ অৱশ্যে, অতিথিৰ বক্সত থাকি ৰীবাকিনালৈ সমৰ্থন আগবঢ়াইছিল ভগ্নীয়ে৷ ৰীবাকিনাই কাজাখস্তানৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল ২০১৮ চনত৷ আমেৰিকাত টেনিছৰ প্ৰশিক্ষণ লোৱাৰ বাবে তেওঁক প্ৰয়োজন হৈছিল বৃহৎ অংকৰ ধনৰ৷ ৰাছিয়ান টেনিছ ফেডাৰেশ্বনৰ পৰা ইতিবাচক সঁহাৰি নোপোৱাত খেলুৱৈগৰাকী কাষ চাপিছিল কাজাখস্তান টেনিছ ফেডাৰেশ্বনৰ৷ সহায় কৰাৰ বিনিময়ত তেওঁলোকৰ এটাই চৰ্ত আছিল– ৰীবাকিনাই ল’ব লাগিব কাজখস্তানৰ নাগৰিকত্ব৷ ৰীবাকিনায়ো সেই চৰ্ত মানি লৈছিল আৰু তেওঁৰ সেই সিদ্ধান্তৰ বাবেই সম্ভৱ হ’ল উইম্বলডনৰ দৰে এটা সন্মানীয় খিতাপ জয় কৰাটো৷