Logo
image

ব্ৰিজ শ্ৰেষ্ঠ ছবি! চেমখৰ, মানাহ আৰু মানুহ, কাচিচিনিথুলৈও বঁটা

ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত অসমলৈ পাঁচটা স্বীকৃতি

আইমী বৰুৱাৰ অভিনয়কো স্বীকৃতি

আমাৰ অসম, ২৩ জুলাইঃ ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত অসমে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত শুকুৰবাৰে ঘোষিত ২০২০ বৰ্ষৰ ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত অসমৰ জয়যাত্ৰাত চলচ্ছিত্ৰ প্ৰেমী উৎফুল্ল হৈ উঠিছে৷ এই বঁটাত শ্ৰেষ্ঠ পৰিৱেশমূলক ছবিৰ বাবে নন-ফিচাৰ শাখাত দীপ ভূঞাৰ ‘মানাহ আৰু মানুহ’, ফিচাৰ ফিল্ম শিতানত আইমী বৰুৱাই অভিনেত্ৰীৰ বিশেষ স্বীকৃতি, শ্ৰেষ্ঠ অসমীয়া চলচ্ছিত্ৰ ‘ব্ৰিজ’,  আইমী বৰুৱা পৰিচালিত ‘চেমখৰ’লৈ শ্ৰেষ্ঠ ডিমাচা  ছবিৰ ৰজতকমল বঁটা, খঞ্জন কিশোৰ নাথৰ ‘কাচিচিনিথু’ শীৰ্ষক কাৰ্বি ভাষাৰ ছবিখনলৈ নন-ফিচাৰ শাখাত শ্ৰেষ্ঠ চুটি ছবি [ফিকচন], হাওবাম পৱন কুমাৰৰ ‘পাবুঙ শ্যাম’লৈ শ্ৰেষ্ঠ জীৱনীভিত্তিক ছবিৰ ৰজতকমল বঁটা, কামাখ্যা নাৰায়ণ সিঙৰ ‘জাষ্টিছ ডিলেইড বাট ডেলিভাৰড’লৈ শ্ৰেষ্ঠ সামাজিক বিষয়ৰ ছবিৰ ৰজতকমল বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে৷ ‘চেমখৰে’ শ্ৰেষ্ঠ ডিমাচা ছবিৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰ ৰজতকমল বঁটা লাভ কৰাৰ লগতে ছবিখনত অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰ ‘জুৰীৰ বিশেষ সন্মান’ প্ৰদান কৰাত আইমী বৰুৱাই আনন্দ প্ৰকাশ কৰি সংবাদ মাধ্যমক কয়– ‘মোৰ দৰে সাধাৰণ ছোৱালীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰাটো বহু ডাঙৰ কথা৷ এয়া এক বুজাব নোৱৰা প্ৰাপ্তি৷ নিজৰ ঠাই, স্ব-ভাষা, আপোন মানুহখিনিৰ জীয়া কথাবোৰক সামৰি নিৰ্মাণ হোৱা ‘চেমখৰ’ৰ এই প্ৰাপ্তি সকলোৰে৷ তেনেই সাধাৰণভাৱে সদায় শিকি যোৱাৰ মানসিকতাৰে মই কাম কৰি গৈছোঁ৷ এই অনন্য প্ৰাপ্তিৰ বেলিকা অনুভৱখিনি ব্যক্ত কৰিবলৈ ভাষাৰ অভাৱ অনুভৱ কৰিছোঁ৷ চেমখৰৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত প্ৰত্যকগৰাকী কলা-কুশলী তথা জ্ঞাত-অজ্ঞাত সকলো শুভাকাংক্ষীক এই মুহূৰ্তত আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷ বিশেষভাৱে দৰ্শক-শুভাকাংক্ষীয়ে প্ৰতি মুহূৰ্তত দি অহা সাহস আৰু প্ৰেৰণাই এই প্ৰাপ্তিৰ অন্যতম শক্তি৷ এই সন্মান আমাৰ ছবিখনৰ সকলো কলা-কুশলী আৰু শুভকাংক্ষী ৰাইজৰ৷ মই সকলোৰে ওচৰত কৃতজ্ঞ, সকলোকে ধন্যবাদ জনালোঁ৷’ তদুপৰি, ৰজতকমল লাভ কৰা খঞ্জন কিশোৰ নাথৰ পৰিচালিত কাৰ্বিভাষাৰ চুটিছবি ‘কাচিচিনিথু’ সম্পৰ্কে পৰিচালক নাথে কয়– ‘মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ৷ একবিংশ শতিকাৰ সন্ত্ৰাসজৰ্জৰ কাৰ্বি আংলঙৰ পটভূমিত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাৰ্তাৰে এইখন সন্ত্ৰাসবিৰোধী চুটি ছবিখন নিৰ্মাণ কৰিছিলোঁ৷ এইখন ১৫ মিনিট দৈৰ্ঘ্যৰ চুটি ছবি৷ এইখন ২০১৯ বৰ্ষত নিৰ্মাণ কৰিছিলোঁ৷ এই চলচ্ছিত্ৰখনৰ ইংৰাজী নাম দিয়া হৈছে দা বয় উইথ এ গান৷’ আনহাতে, কৃপাল কলিতা পৰিচালিত ‘ব্ৰিজ’ চলচ্ছিত্ৰখনে ইতিমধ্যে দেশে-বিদেশে বিভিন্ন সন্মানীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক সমালোচকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে কেইবাটাও বঁটা লাভ কৰিব সক্ষম হৈছে৷ শেহতীয়াকৈ ৰাছিয়াৰ অলিম্পিক চহৰ ছ’চিত অনুষ্ঠিত ৰাছিয়ান-ব্ৰিটিছ ছ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতাই শ্ৰেষ্ঠ নবাগত পৰিচালকৰ সন্মান আৰু চলচ্ছিত্ৰখনৰ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল৷ উল্লেখ্য, ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত ‘ব্ৰিজ’ অৱতীৰ্ণ হৈছিল৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰিজ’ ইতিমধ্যে ৩৮টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ ৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত ২০২০ চনত ভাৰতৰ পৰা পুৰস্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰিজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান৷ গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, ১৬সংখ্যক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান, ভাৰতৰ চলচ্ছিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI-ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ‘ব্ৰিজ’ৰ স্থান লাভ কৰাটো উল্লেখযোগ্য৷ কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্ছিত্ৰ ‘ব্ৰিজ’ৰ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই অ’ট্টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে দুটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান৷ পৰিচালক কৃপাল কলিতাই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিকছ্‌ৰ শ্ৰেষ্ঠ নবাগত পৰিচালকৰ সন্মান৷ ‘ব্ৰিজ’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ, পৰিচালনা কৃপাল কলিতাৰ৷ চলচ্ছিত্ৰখনৰ পৰিচালক কৃপাল কলিতাই সংবাদ মাধ্যমক কয়– ‘ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা ঘোষণাত আনন্দিত হৈছোঁ৷ ৩০ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব ৰজতকমল বঁটাপ্ৰাপ্ত চলচ্ছিত্ৰ ‘ব্ৰিজ’৷ ৪৬টা চলচ্ছিত্ৰ মহোৎসৱত সমাদৃত হোৱাৰ লগতে ১৯খন চলচ্ছিত্ৰ মহোৎসৱত পুৰষ্কৃত হৈছে ছবিখন৷’ আনহাতে, শ্ৰেষ্ঠ পৰিৱেশমূলক ছবিৰ বাবে নন-ফিচাৰ শাখাত দীপ ভূঞাৰ ‘মানাহ আৰু মানুহ’ চুটি ছবিখন মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত পৰিৱেশ সংৰক্ষণৰ এক বাৰ্তাৰে নিৰ্মাণ কৰা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই অনা সকলোকে অভিনন্দন জনাইছে৷