Logo
image

ডুবাইৰ মলত শোভা পাইছে কাছাৰৰ আনাৰসে

আমাৰ অসম, ২৬ জুলাইঃ ডুবাইৰ লুলু হাইপাৰ মাৰ্কেটত ‘ইন ষ্ট’ৰ প্ৰমোশ্বন শ্ব’ত শোভা বৰ্ধন কৰিছে অসমৰ কাছাৰ জিলাত উৎপাদিত সুমিষ্ট আনাৰসে৷ অসমৰ সুমিষ্ট আনাৰসে যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পাৰে, তাৰ বাবে ভাৰত চৰকাৰৰ এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছ্‌ড ফুড প্ৰডাক্টছ এক্সপ’ৰ্ট ডেভেল’পমেণ্ট অথ’ৰিটী চমুকৈ এপিইডিএৰ উদ্যোগত ডুবাইৰ বিখ্যাত ছুপাৰমাৰ্কেট গ্ৰুপ লুলু গ্ৰুপৰ সহযোগত এই প্ৰমোশ্বন শ্ব’ত কাছাৰৰ আনাৰস প্ৰদৰ্শিত হৈছে৷ ডুবাইৰ বজাৰত উপলব্ধ হোৱা এই আনাৰসসমূহ অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ অন্তৰ্গত মাৰখাউলিন গাঁৱৰ৷ মিঠা, আকৰ্ষণীয় সুগন্ধিৰ লগতে কম আঁহযুক্ত আৰু সোণালী বৰণৰ এই ফলবিধে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইন ষ্ট’ৰ প্ৰমোশ্বন শ্ব’ত সকলো গ্ৰাহককে কাছাৰৰ আনাৰসৰ সোৱাদ ল’বলৈ দিয়া হৈছে৷ সোৱাদ গ্ৰহণ কৰা সকলোৱে একেমুখে কাছাৰৰ আনাৰসক প্ৰশংসাৰে ওপচাই পেলাইছে৷ কাছাৰৰ খেতিয়কৰ হাতত উৎপাদিত আনাৰসৰ চাহিদা ডুবাইৰ বজাৰত বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীয়ূষ গোৱেলে টুইটাৰযোগে উল্লেখ কৰিছে৷ এপিইডিএৰ সঞ্চালক ড॰ এম অংগমুথুৱে বিশ্বৰ ৰপ্তানি বজাৰত দীৰ্ঘ সময়ৰ বাবে প্ৰাসংগিক হৈ থাকিবলৈ অসমৰ পৰা মূল্য সংযোজিত আনাৰসৰ এক প্ৰক্ৰিয়াগত ৰূপৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ কিছুদিন পূৰ্বে কামৰূপ আৰু গোৱালপাৰাৰ পৰা ১১ মেট্ৰিকটন আনাৰস শীতলীকৰণ শৃংখলৰ আন্তৰ্জাতিক বিধি অনুসৰি দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল৷  উল্লেখ্য, উত্তৰ-পূবে প্ৰতিৱেশী ৰাষ্ট˜ৰূপে চীন, ভূটান, ম্যানমাৰ, নেপাল আৰু বাংলাদেশৰ সৈতে সহাৱস্থান কৰি থকাৰবাবে ইয়াত উৎপাদিত সামগ্ৰী চুবুৰীয়া ৰাষ্ট˜সমূহলৈ ৰপ্তানি কৰাৰ বহুতো সুবিধা আছে৷ এপিইডিএৰ উদ্যোগত বিগত কেইটামান বছৰত অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা বিভিন্ন সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰাৰ পৰিমাণ বৃদ্ধি পাইছে৷ সামগ্ৰী ৰপ্তানি কৰা বিভিন্ন প্ৰতিষ্ঠানে যাতে অসমৰ থলুৱা খেতিয়কৰ পৰা পোনপটীয়াকৈ সামগ্ৰী ক্ৰয় কৰিব পাৰে, তাৰ বাবে এপিইডিএয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে৷