Logo
image

প্ৰতি লিটাৰত ৪ টকা বাঢ়িল গাখীৰৰ দাম

আমাৰ অসম, ২৬ জুলাইঃ ইন্ধনকে ধৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এইবাৰ দাম বৃদ্ধি পাব গাখীৰৰ৷ মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীৰ বাবে এতিয়া গাখীৰো মহঙা হৈ পৰাৰ দিশে গতি কৰিছে৷ কিয়নো পহিলা আগষ্টৰ পৰা প্ৰতিলিটাৰ গাখীৰৰ দাম গৰুখুঁটি অৰ্থাৎ ফাৰ্মতে বৃদ্ধি পাব ৪ টকা৷ অৰ্থাৎ পূৰ্বতে পাইকাৰী ব্যৱসায়ীসকলে এক লিটাৰ গাখীৰ ৫০ টকাত ক্ৰয় কৰিছিল যদিও এতিয়া ব্যৱসায়ীসকলে গাখীৰৰ লিটাৰে প্ৰতি ভৰিব লাগিব ৫৪ টকা৷ গাখীৰৰ এই দাম বৃদ্ধিৰ কথা ঘোষণা কৰিছে গুৱাহাটী গো-পালক সংস্থাই৷ গুৱাহাটী মহানগৰীত এই মূল্য কাৰ্যকৰী হ’ব যদিও আগষ্টৰ পৰা স্বাভাৱিকভাৱেই সমগ্ৰ ৰাজ্যতে গাখীৰৰ দাম বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে৷ গুৱাহাটী গো-পালক সংস্থাৰ এই সিদ্ধান্তৰ ফলত পহিলা আগষ্টৰ পৰা খুচুৰা বজাৰত প্ৰতিলিটাৰ গাখীৰৰ মূল্য হ’বগৈ প্ৰায় ৬৪-৬৫ টকা৷ গাখীৰৰ দামক লৈ চৰকাৰৰ নিয়ন্ত্ৰণ নথকাৰ ফলত কোনো কোনো যোগানীয়াই প্ৰতিলিটাৰত ৭০ টকাকৈ বিক্ৰীৰ আশংকা নুই কৰিব নোৱাৰি৷ গো-পালক সংস্থাৰ অভিযোগ–পশু খাদ্যৰ লগতে ঔষধৰ ব্যাপক মূল্যবৃদ্ধিৰ বাবেই গাখীৰৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷ চাপৰ, খেৰ  তথা ঘাঁহৰ দাম বৃদ্ধিৰ লগতে ইন্ধনৰ দাম বৃদ্ধিয়েও গোৱালসকলৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিততে অনিচ্ছাসত্ত্বেও প্ৰতিলিটাৰ গাখীৰত ৪ টকাকৈ দাম বৃদ্ধি কৰা বুলি সংস্থাৰ নেতৃত্বই প্ৰকাশ কৰিছে৷ স্বাভাৱিকতেই এতিয়া গাখীৰৰ দাম বৃদ্ধিৰ সুযোগ লৈ হোটেলত মিঠাইৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ তদুপৰি গাখীৰৰ পৰা উৎপাদিত পনীৰ, দৈ আদিৰো দাম বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিল৷