Logo
image

ঘনে ঘনে ৰক্তাক্ত কলঘৰ শ্ৰমিকৰ সুৰক্ষা গুৰুত্বহীন

মইনা নায়কৰ পাছত তিনিটাকৈ দুৰ্ঘটনা

আমাৰ অসম, ২৭ জুলাইঃ সঁচাকৈয়ে ৰাজ্যৰ চাহবাগানৰ কলঘৰ শ্ৰমিকৰ বাবে সুৰক্ষিত নহয় নেকি? কিয় বাৰে বাৰে শ্ৰমিকৰ কেঁচা তেজেৰে ৰক্তাক্ত হ’বলগীয়া হৈছে কলঘৰৰ যন্ত্ৰাংশ৷ মালিক পক্ষৰ বাবে চাহ শ্ৰমিকৰ জীৱন মূল্যহীন নেকি?–এই প্ৰশ্নই এতিয়া সকলোৰে মনত দোলা দি ধৰিছে৷ কিয়নো ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগানৰ চিটিচি কাটিং মেচিনত সোমাই মইনা নায়ক নামৰ শ্ৰমিকগৰাকীৰ মূৰৰ চুলি-ছাল এৰাই যোৱাৰ ঘটনাৰ পাছত চাহ বাগানৰ কলঘৰ তথা কাৰখানাত আন তিনিটা দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ফেক্টৰী আইন উলংঘন কৰি মালিক পক্ষই কলঘৰত মহিলা শ্ৰমিক নিয়োগ কৰাই নহয়, নাবালক শ্ৰমিককো কলঘৰৰ কামত নিয়োজিত কৰি জীৱন-মৃত্যুৰ দিশে ঠেলি দিয়াৰ ভয়ংকৰ তথ্য উন্মোচন হৈছে৷ কিন্তু আশ্চৰ্যজনকভাৱে ইমানৰ পাছতো ভুক্তভোগী এইসকল শ্ৰমিকক ন্যায় দিয়াৰ পৰা ইচ্ছাকৃতভাৱে বিৰত আছে মালিক পক্ষই৷ আনকি চাহ শ্ৰমিকৰ পৰা ভুৱা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত ভোট লৈ চৰকাৰ গঠন কৰা শাসক পক্ষইও বাগানৰ এনে মালিকক জবাবদিহি কৰিবলৈও পিছ হোঁহকাৰহে অভিযোগ উঠিছে৷ শেহতীয়াকৈ লেপেটকটা চাহ বাগানৰ চিটিচি মেচিনত সোমাই মূৰৰ ছাল আৰু চুলি এৰাই যোৱা ২৪ বছৰীয়া মইনা নায়ক নামৰ শ্ৰমিকগৰাকীক চৰকাৰে বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰিলে৷ সম্প্ৰতি জি এম চি এইচৰ আই চি ইউত জীৱন-মৃত্যুৰে যুঁজ দি আছে মইনাই৷ মইনা নায়কৰ ঘটনাক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিবাদ হোৱাত ডিব্ৰুগড় জিলাৰ শ্ৰম বিষয়াই লেপেটকটা বাগান কতৃৰ্পক্ষক আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীক ১৩.৩৩ লাখ টকা ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিছিল৷ শ্ৰম বিভাগে বান্ধি দিয়া তিনিদিনৰ সময়সীমা ইতিমধ্যে উকলি গ’ল যদিও বাগানৰ স্বত্বাধিকাৰী ৰুদ্ৰ চেটাৰ্জীয়ে এই মুহূৰ্তলৈ এটকাও ক্ষতিপূৰণ আদায় নিদিলে দুৰ্ভগীয়া শ্ৰমিকগৰাকীক৷ এক কথাত স্পষ্ট হৈ পৰিল যে লেপেটকটা বাগানৰ মালিক ৰুদ্ৰ চেটাৰ্জীয়ে কোনো ক্ষতিপূৰণ নিদিয়ে মইনাক৷ বাগান কতৃৰ্পক্ষৰ এনে স্থিতিৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শ্ৰমিকগৰাকীক ন্যায় দিয়াৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই৷ আনকি বিজেপিৰ একাধিক কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ সৈতে সুসম্পৰ্ক থকাৰ বাবেই ফেক্টৰী আইন উলংঘন কৰি মইনা নায়কক জীৱন-মৃত্যুৰ দিশে ঠেলি দিয়া কাৰ্যৰ পাছতো ৰুদ্ৰ চেটাৰ্জীৰ বিৰুদ্ধে কোনো গোচৰো ৰুজু কৰিবলৈ সাহস নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ স্বাভাৱিকতেই এতিয়া বাগানৰ কলঘৰত শ শ মইনা নায়কৰ দৰে শ্ৰমিকৰ তেজেৰে ৰক্তাক্ত হ’লেও ন্যায় লাভ যে কৰিব সেয়া অনিশ্চিত৷ কিয়নো ইয়াৰ উদাহৰণ হৈছে মইনা নায়কৰ ঘটনাৰ পাছত কলঘৰৰ চিটিচি মেচিনত দুৰ্ঘটনা পতিত হোৱা তিনিজন শ্ৰমিকে চিকিৎসাৰ আৰু ক্ষতিপুৰণৰ নামত লাভ কৰা বঞ্চনা ই স্পষ্ট উদাহৰণ৷ উল্লেখ্য বিগত ২৩ জুলাইত এপিজে টি লিমিটেডৰ তালাপ চাহ বাগিচাৰ কলঘৰৰ চিটিচি মেচিনৰ পিনিয়নত সোমাই মূৰ, ডিঙি আৰু দুই হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিনোদ মিঞ্জ নামৰ ২৯ বছৰীয়া শ্ৰমিকজন৷ কিন্তু গুৰুতৰভাৱে আহত শ্ৰমিকজনে উন্নত চিকিৎসাটো দূৰৰে কথা, বাগান কতৃৰ্পক্ষই মাত্ৰ এক হাজাৰ টকা হাতখৰচ দিয়েই দায়িত্ব সামৰিলে৷ ইফালে মৰিয়নিৰ চেলেং চাহ বাগিচাৰ গেছ পাইপ লাইনৰ কাম কৰি থাকোতে বিগত ১৯ জুলাইত মদন পাতৰ নামৰ এজন নাবালক শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷ পাইপৰ বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত হোৱা ১৭ বছৰীয়া শ্ৰমিকজনে আজিও কোনো উন্নত চিকিৎসা লাভ নকৰিলে৷ আনকি বাগান কতৃৰ্পক্ষই শ্ৰমিকজনৰ চিকিৎসাক লৈ অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে মদন পাতৰৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে৷ আনহাতে মঙলবাৰে গোলাঘাটৰ দৌলজানৰ এটা ব্লক নিৰ্মাণ কাৰখানাৰ মেচিনত সোমাই এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷ বিহাৰৰ নিৱাসী শ্ৰমিকজনৰ মেচিনে এখন হাত ছিঙি নিয়া বুলি জানিব পৰা গৈছে৷ বৰ্তমান উন্নত চিকিৎসাৰ বাবে শ্ৰমিকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে৷

৮ দিনৰ পাছতহে জেএমচিত ভৰ্তি মদন পাটৰক, ভৰিত ৩২টা চিলাই

মইনা নায়কৰ ঘটনাৰ পুনৰাবৃত্তি হ’ল যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত চেলেং চাহ বাগিচাত৷ বাগিচাখনৰ ফেক্টৰীৰ পাইপ লাইনত কৰ্মৰত অৱস্থাত ৮দিনৰ পূৰ্বেই এজন কিশোৰ শ্ৰমিক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় যদিও বাগিচা কতৃৰ্পক্ষই তেওঁক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতহে আজি পুৱাৰ ভাগত তেওঁক বাগিচা কতৃৰ্পক্ষই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰায়৷ উল্লেখ্য, টীয়ক থানাৰ অন্তৰ্গত চেলেং চাহ বাগিচাৰ ফেক্টৰীত ৮ দিনৰ পূৰ্বে গেছ পাইপৰ এক বিস্ফোৰণ সংঘটিত হয়৷ এই বিস্ফোৰণত পাইপ লাইনত কৰ্মৰত অৱস্থাত থকা মদন পাটৰ নামৰ কিশোৰ শ্ৰমিকজনৰ বাওঁ ভৰি ভাগি যায়৷ তেওঁক স্থানীয় বাগিচাতে সামান্য চিকিৎসা প্ৰদান কৰা হয়৷ জানিব পৰা মতে, তেওঁৰভৰিত ৩২টা চিলাই পৰে যদিও ইয়াৰ পাছতে ঘৰলৈ পঠিয়াই দিয়া হয়৷ ৮ দিনে তেওঁ উপযুক্ত চিকিৎসা অবিহনে ঘৰতে অতিবাহিত কৰে৷ বাগিচা কতৃৰ্পক্ষই এই বিষয়টো গাপ দিবলৈ চেষ্টা কৰিছিল যদিও এই বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত আজি পুৱা বাগিচাখনৰ কতৃৰ্পক্ষই কেইজনমান লোকৰ সৈতে এখন ভান তেওঁৰ ঘৰলৈ পঠিয়াই দিয়ে৷ লোককেইজনে পাটৰক ভানখনত তুলি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনে৷ তেওঁক ততালিকে  চিকিৎসা মহাবিদ্যালয়খনৰ ছাৰ্জাৰী বিভাগত ভৰ্তি কৰোৱা হয়৷ উল্লেখ্য, প্ৰায় তিনিমাহৰ পূৰ্বে বাগিচাখনৰ ফেক্টৰীত যোগদান কৰা মদন পাটৰক কতৃৰ্পক্ষই নিৰাপদ পোছাক যোগান ধৰা নাছিল বুলি অভিযোগ উঠিছে৷ ইফালে তেওঁৰ বয়স ১৪ বছৰ বুলি আজি পিতৃয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰকাশ কৰে৷ সেয়ে এটা কিশোৰক বাগিচা কতৃৰ্পক্ষই কিয় নিয়োগ কৰিছিল বুলি প্ৰশ্ন উত্থাপিত হৈছে৷ এটা নাবালকক উপযুক্ত সুৰক্ষা ব্যৱস্থা অবিহনে কিয় ফেক্টৰীৰ গেছ পাইপ লাইনৰ বিপজ্জনক কামত নিয়োগ কৰা বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷ মদন পাটৰক কিয় উপযুক্ত চিকিৎসা প্ৰদান নকৰিলে বুলিও প্ৰশ্ন উঠিছে৷

১৭ বছৰীয়া মদনৰ কান্দোন শুনিব কোনে

চাহ বাগিচাৰ কলঘৰত কাম কৰি থাকোঁতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি জীৱন আৰু মৃত্যুৰ সৈতে যুঁজিছে লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়কে৷ এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই অনুৰূপ এক ঘটনা সংঘটিত হৈছে মৰিয়নিৰ চেলেং চাহ বাগিচাত৷ চেলেং চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ মদন পাতৰ নামৰ এজন ১৭ বছৰীয়া শ্ৰমিকে বাগিচাৰ গেছ পাইপ লাইনত কাম কৰি থাকোঁতেই সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা৷ বাগিচাৰ ফেক্টৰীৰ ভিতৰত গেছ পাইপৰ বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কিশোৰ শ্ৰমিকজন৷ কিন্তু এই ঘটনাৰ পাছত চেলেং চাহ বাগিচাৰ কতৃৰ্পক্ষই সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে৷ গেছ পাইপৰ বিস্ফোৰণ হোৱাৰ ফলত মদন পাতৰৰ বাঁওভৰি সম্পূৰ্ণৰূপে ভাগি যায়৷ ১৭ বছৰীয়া মদন পাতৰে ৩ মাহ পূৰ্বে চেলেং বাগিচাৰ ফেক্টৰীত কয়লাৰ গেছ পাইপৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল৷ কিন্তু ভয়ংকৰ দুৰ্ঘটনাৰ পাছতো মদন পাতৰৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে চেলেং চাহ বাগিচা কতৃৰ্পক্ষই৷ আনকি গেছ পাইপ লাইনৰ কাম কৰোঁতে প্ৰয়োজনীয় নিৰাপদ পোচাকো যোগান ধৰা নাছিল চেলেং বাগিচা কতৃৰ্পক্ষই৷ এই মুহূৰ্তত মদন পাতৰৰ পৰিয়ালৰ লোকে কতৃৰ্পক্ষই চিকিৎসা সঠিকভাৱে নকৰাৰ বাৰাম্বাৰ অভিযোগ উত্থাপন কৰিছে যদিও সকলোৱে যেন নিমাত এই অসহায় শ্ৰমিক পৰিয়ালটোৰ ওচৰত৷ এয়াৰ এম্বুলেন্সটো বাদেই এজন ভাল চিকিৎসক বিচাৰি হাবাথুৰি খাইছে দৰিদ্ৰ মদন পাতৰৰ পৰিয়ালে৷ জানিব পৰা মতে, ১৯ জুলাইতে সংঘটিত হোৱা এই ঘটনাত গুৰুতৰভাৱে আহত মদন পাতৰ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱা বুলি পৰিয়াল আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে বাগিচা কতৃৰ্পক্ষৰ বিৰুদ্ধে৷ কিন্তু কোনে সহায় কৰিব মদন পাতৰৰ পৰিয়ালক৷ লাডাখত প্ৰমোদ ভ্ৰমণত ব্যস্ত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰো এই মুহূৰ্তত সময় নাই মদৰ পাতৰৰ এটা খবৰ ল’বলৈ৷  ইফালে বাগিচা কতৃৰ্পক্ষৰ বিৰুদ্ধে উঠা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি বাগিচাখনৰ পৰিচালকে সাংবাদিকক জানিবলৈ দিয়ে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনৰে পৰা শ্ৰমিকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰি থকা হৈছে৷

গোলাঘাটত ব্লক নিৰ্মাণ কাৰখানাৰ মেচিনত সোমাল শ্ৰমিকৰ হাত

গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দলৌজানৰ এটা ব্লক নিৰ্মাণ কৰা কাৰখানাত আজি এক অঘটন সংঘটিত হয়৷ জানিব পৰা মতে, কাৰখানাটোত কাম কৰি থকা অৱস্থাত মেচিনত এজন শ্ৰমিকৰ হাত সোমাই যোৱাত মুহূৰ্ততে হুৱা-দুৱা লাগে৷ কাষতে থকা অন্য শ্ৰমিকসকলে তেওঁক উদ্ধাৰৰ বাবে আগবাঢ়ি আহে যদিও ইতিমধ্যে শ্ৰমিকজনে শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱাৰ লগতে সোঁহাতখন প্ৰায় বিছিন্ন হৈ পৰে৷ আঘাতপ্ৰাপ্ত শ্ৰমিকজনৰ নাম ছাফ্ৰাছ আলম আৰু তেওঁৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে৷ শ্ৰমিকজনক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷