Logo
image

ইডিৰ নাগপাশত আজমলো তিনিবাৰকৈ জেৰা ‘হিন্দুপুত্ৰ’ক

আমাৰ অসম, ২৭ জুলাইঃ বিৰোধী ৰাজনৈতিক নেতাক সময়ে সময়ে নাকী লগোৱাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে বিভিন্ন তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ কেন্দ্ৰীয় অৰ্থনৈতিক অপৰাধ অনুসন্ধানকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে শিক্ষক নিযুক্তি কেলেংকাৰিৰ গোচৰত পশ্চিমবংগৰ প্ৰভাৱশালী মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি বংগকন্যা মমতা বেনাৰ্জীক কাবু কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাজতে এইবাৰ কেন্দ্ৰীয় সংস্থাটোৱে অসমৰ এজন প্ৰভাৱশালী সাংসদক তিনিবাৰকৈ জেৰা কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ নিজকে হিন্দুৰ বংশধৰ বুলি দাবী কৰা এ আই ইউডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক চমন দি মাতি নি নতুন দিল্লীত জেৰা কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে৷ অসমৰ সংখ্যালঘু মুছলমানৰ ত্ৰাণকৰ্তা বুলি দাবী কৰা তথা বিজেপিয়ে প্ৰধান ৰাজনৈতিক শত্ৰু বুলি প্ৰচাৰ চলাই অহা মৌলানা বদৰুদ্দিন আজমলকেই নহয়, তেওঁৰ বিধায়ক ভাতৃ চিৰাজউদ্দিন আজমলকো জেৰা কৰিছে ই ডিয়ে৷ শেহতীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তৰ পৰাই নিয়মীয়াকৈ আজমল ভাতৃদ্বয়ক জেৰা অব্যাহত ৰাখিছে কেন্দ্ৰীয় সংস্থাটোৱে৷ শেহতীয়াকৈ উপ-নিৰ্বাচনৰ লগতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বেও আজমল ভাতৃদ্বয়ক জেৰা কৰে ই ডিয়ে৷ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আজমলক জেৰা কৰা বিষয়টো বিজেপি তথা এ আই ইউ ডি এফ দলে ৰহস্যজনকভাৱে গাপ দি ৰখাৰ চেষ্টা চলাইছিল যদিও পলমকৈ হ’লেও  এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই এই তথ্য ৰাজহুৱা কৰিছে৷ লক্ষণীয়ভাৱে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন আজমল ফাউণ্ডেচনলৈ বিদেশী পুঁজি আগবঢ়োৱা সংস্থাসমূহে বিশ্বৰ সন্ত্ৰাসবাদী সংগঠনকো ধন দি অহাৰ বিস্ফোৰক অভিযোগ কৰিছিল৷ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই পৰোক্ষভাৱে আজমল ফাউণ্ডেচনত জেহাদীক পুহি ৰখা সংস্থাই ধন বিনিয়োগ কৰাৰ ইংগিত দিছিল৷ আনকি এই ধনৰ উৎসৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অভিযোগ দিয়া বুলিও ৰাজহুৱাকৈ মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ হিমন্ত বিশ্ব শৰ্মাৰ এই অভিযোগৰ পাছতেই শংকিত হৈ পৰা বদৰুদ্দিন আজমলে নিৰাপত্তাৰ শংকাত ভোগা বুলি কৈ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো কাষ চাপিছিল৷ অৱশ্যে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে তেওঁৰ ফাউণ্ডেশ্বনলৈ অহা পুঁজি কেন্দ্ৰীয় গৃহ আৰু বিত্ত মন্ত্ৰণালয়ৰ অনুমোদনৰ ভিত্তিহে লাভ কৰা বুলি দাবী কৰিছিল৷ আনকি আজমলে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলিও অভিযোগ কৰিছিল৷ কিন্তু এই ঘটনাৰ পাছৰে পৰা যেন বদৰুদ্দিন আজমল বিজেপিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আশ্চৰ্যজনকভাৱে নমনীয় হৈ পৰা দেখা যায়৷ আনকি শেহতীয়াকৈ আজমলৰ নমনীয় স্থিতি এনে পৰ্যায় পাইছেগৈ যে বিজেপিক তৈলমৰ্দন কৰিবৰ বাবেই মৌলানা হৈও আজমলে তেওঁৰ পূৰ্বপুৰুষ হিন্দু আছিল বুলি মন্তব্য কৰে৷ অৰ্থাৎ আজমলে নিজকে হিন্দুপুত্ৰ বুলি দাবী কৰে৷ ইমানেই নহয় বিধানসভাৰ উপ-নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সৈতেও মিত্ৰতা ভংগ কৰে আজমলে৷ শেহতীয়াকৈ ঈদৰ কোৰবানিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই বদৰুদ্দিন আজমলে ঈদত গৰু কোৰবানি কৰাৰ পৰা বিৰত থাকিবলৈও মুছলমান সমাজক আহ্বান জনোৱাৰ লগতে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ কথাও ব্যক্ত কৰিছিল৷ সুযোগ পালেই আজমলক মোগলৰ সৈতে তুলনা কৰিবলৈ কুণ্ঠাবোধ নকৰা  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত বদৰুদ্দিন আজমলৰ সৈতে তেওঁৰ ঘনিষ্ঠ বুজাবুজি থকা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ স্বাভাৱিকতেই সকলোৰে অজ্ঞাতে আজমল ভাতৃদ্বয়ক ইডিয়ে তিনিবাৰকৈ জেৰা কৰাৰ পাছতেই বদৰুদ্দিন আজমলে বিজেপিৰ ওচৰত নমনীয় হৈ পৰা বিষয়টোত যে ৰাজনৈতিক স্বাৰ্থ নিহিত আছে সেয়া নকলেও স্পষ্ট হৈ পৰিছে৷ ৰাজনৈতিক মুনাফা আদায়ৰ লক্ষ্যৰেই মোদী চৰকাৰে বদৰুদ্দিন আজমলক ইডিৰ জালত মেৰিয়াই ৰাখিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ এই প্ৰশ্নৰে যেন ইংগিত দিছে সোণাই সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই৷ আজিকালি কেন্দ্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মেই তদন্তকাৰী সংস্থাসমূহ পৰিচালিত হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক বৰভূঞাই৷ অৱশ্যে ইডিয়ে জেৰা কৰাৰ অভিযোগ নস্যাৎ কৰিছে বদৰুদ্দিন আজমলে৷ আজমলে বৰ্তমান বেংগালুৰুত থকা বুলি কৈ ইডিৰ পৰা কোনো চমন লাভ কৰা নাই বুলিহে মন্তব্য কৰে৷ নিজৰ দলৰে বিধায়কে আজমল ভ্ৰাতৃদ্বয়ক ইডিয়ে জেৰা কৰা বুলি কোৱাৰ পাছতেই স্বয়ং বদৰুদ্দিন আজমলে এই কথা অস্বীকাৰ কৰা প্ৰসংগই স্বাভাৱিকতে বিশেষ তাৎপৰ্য বহন কৰিছে৷