Logo
image

কমনৱেল্‌থলৈ অসমৰ ৮জন

আমাৰ অসম, ২৮ জুলাইঃ ৭২খন দেশৰ পাঁচ সহস্ৰাধিক খেলুৱৈৰ যোগদানেৰে বৃহস্পতিবাৰৰ পৰা বাৰ্মিংহামত আৰম্ভ হ’ব কমনৱেল্‌থ গেম্‌ছ৷ এইবাৰৰ কমনৱেল্‌থ গেম্‌ছত ২১৫জনীয়া ভাৰতীয় দলে প্ৰতিদ্বন্দ্বিতা কৰিব ১৬টা ইভেণ্টত৷ ভাৰতীয় দলটোত থাকিব অসমৰ ৮গৰাকী প্ৰতিনিধি– সাতগৰাকী খেলুৱৈ আৰু এগৰাকী প্ৰশিক্ষক৷ নিঃসন্দেহে সকলোৰে দৃষ্টি থাকিব টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোহাঁইৰ ওপৰত৷ লাভলীনাই প্ৰতিদ্বন্দ্বিতা কৰিব ৭০ কিলোগ্ৰাম শাখাত৷ ক্ৰীড়া সমাৰোহখনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ভাৰতৰ ১২জনীয়া বক্সিং দলটোত লাভলীনাৰ উপৰি আছে দুবাৰৰ অলিম্পিয়ান শিৱ থাপা৷ দুয়োজনৰ পৰা পদক আশা কৰা হৈছে৷ আনহাতে, এথলেটিক্‌ছৰ ব্যক্তিগত শাখাত প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্যতা অৰ্জন নকৰিলেও ‘ধিং এক্সপ্ৰেছ’খ্যাত হিমা দাস আছে মহিলাৰ ৪*১০০ মিটাৰ ৰিলে দলত৷ ৰিলে দলটোত হিমাৰ উপৰি আছে দ্যুতি চান্দ, শ্ৰাবনি নন্দা, এম ভি জিনা আৰু এম এছ ছিমি৷ কমনৱেল্‌থ গেম্‌ছত পদকৰ সম্ভাৱনা থকা অসমৰ আন এগৰাকী খেলুৱৈ হৈছে পপী হাজৰিকা৷ ভাৰতীয় ভাৰোত্তোলন দলটোত আছে পপী৷ মহিলাৰ ৫৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ৷ টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰা মীৰাবাঈ চানুৰ ওপৰত সকলোৰে দৃষ্টি থাকিব যদিও অসমৰ পপী হাজৰিকাৰ পৰাও উন্নত প্ৰদৰ্শন আশা কৰা হৈছে৷ বিশেষকৈ কমনৱেল্‌থ ভাৰোত্তোলন আৰু ছিংগাপুৰ ইণ্টাৰনেশ্বনেলত দেখুওৱা প্ৰদৰ্শনৰ পাছত পপীক লৈ প্ৰত্যাশা বৃদ্ধি পাইছে৷ ইপিনে, কমনৱেল্‌থ গেম্‌ছৰ ল’ন বলছত ভাগ ল’বলগীয়া ভাৰতৰ দহজনীয়া দলটোত আছে অসমৰ তিনিজন খেলুৱৈ৷ তেওঁলোক হৈছে তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁই৷ এই সাতগৰাকী খেলুৱৈৰ লগতে বক্সিঙৰ প্ৰশিক্ষক হিচাপে ভাৰতীয় দলটোত আছে অসমৰ প্ৰণামিকা বৰা৷

অষ্ট্ৰেলিয়াৰ গ’ল্ড কোষ্টত অনুষ্ঠিত যোৱাবাৰৰ কমনৱেল্‌থ গেম্‌ছত ভাৰতে লাভ কৰিছিল ২৬টা স্বৰ্ণ, ২০টা ৰূপ আৰু ২০টা ব্ৰঞ্জৰ পদক৷ এইবাৰ ভাৰতীয় দলেটোৰ পৰা যোৱাবাৰতকৈ অধিক উন্নত প্ৰদৰ্শন  আশা কৰা হৈছে৷ ক্ৰীড়া সমাৰোহখনত পদক লাভ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলৰ মাজত হয়তো উজলি উঠিব পাৰে অসমৰো খেলুৱৈ৷