Logo
image

সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰস্তুতি

নিৰ্বাচন আয়োগ, কেন্দ্ৰৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্ছতম ন্যায়ালয়ে

আমাৰ অসম, ২৮ জুলাইঃ অচিৰেই হ’ব অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণ৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ বাবে ইতিমধ্যে চৰকাৰী কুচকাৱাজ আৰম্ভ হৈছে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অসমকে ধৰি উত্তৰ-পূৰ্বঞ্চলৰ আটাইকেইখন ৰাজ্যৰে বিধানসভা আৰু লোকসভাৰ সমষ্টি পুনৰগঠনৰ বাবে প্ৰস্তুতি চলাইছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে অসমৰ সমষ্টি পুনৰগঠনৰ বাবে ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীতে অধিসূচনা জাৰি কৰাৰ লগতে ৰাষ্ট্ৰপতিয়েও অনুমোদন জনাইছিল৷ চলিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টিসমূহ পুনৰগঠনৰ বাবে বিশেষ তৎপৰতাও গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু আইন শৃংখলাজনিত পৰিস্থিতিৰ লগতে আনুসংগিক বিভিন্ন কাৰণত সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছিল৷ শেহতীয়াকৈ অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰগঠনৰ আৰ্জিৰে  ৰুজু হোৱা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ সোমবাৰে শুনানি গ্ৰহণ কৰি উচ্ছতম ন্যায়ালয়েও কেন্দ্ৰীয় চৰকাৰক স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জৰি কৰিছে৷ সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হূষিকেশ ৰয় আৰু ন্যায়াধীশ এম কে যোচেফৰ খণ্ড বিচাৰপীঠে সমষ্টি পুনৰনিৰ্ধাৰণৰ সিদ্ধান্তৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ লগতে নিৰ্বাচন আয়োগকো শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনত ৫১ বছৰ পূৰ্বেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সমষ্টি ভাগ কৰা হৈছিল বুলি উল্লেখ কৰি সম্প্ৰতি জনবিন্যাসৰ পৰিৱৰ্তন হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিৰ সীমা তথা সংৰক্ষণ পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা দোহৰিছে৷ লক্ষণীয়ভাৱে উচ্ছতম ন্যায়ালয়ৰ এই সক্ৰিয়তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সমষ্টি পুনৰগঠনৰ ইংগিত দিছে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই সমষ্টি পুনৰনিৰ্ধাৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে অসম চৰকাৰৰ পৰা মতামত গ্ৰহণ কৰা বুলিও সদৰি কৰিছে৷ অসম চৰকাৰেও সমষ্টি পুনৰগঠনৰ পক্ষত আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে৷ স্বাভাৱিকতেই এতিয়া ২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণ হোৱাটো নিশ্চিত হৈ পৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে সমষ্টি পুনৰনিৰ্ধাৰণ হ’লে বৰ্তমানৰ ১২৬টা বিধানসভা সমষ্টিৰ সীমা সালসলনি হোৱাটো এক প্ৰকাৰ খাটাং৷ সমষ্টিৰ সীমাৰ সালসলনিৰ হোৱাৰ লগতে জনগাঁথনিৰ ভিত্তিত সংৰক্ষণ বিধিও সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সংৰক্ষণ বিধি নতুনকৈ বলৱৎ হ’লে বৰ্তমানৰ একাধিক বিধায়কে নিজৰ সমষ্টি হেৰুওৱাব লগা হোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি৷ আনকি সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰ ভিত্তিক জৰীপ আৰম্ভ হ’লে ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰো আশংকা আছে৷