Logo
image

জেহাদী সন্দেহত ১২জনক গ্ৰেপ্তাৰ, দুখন মাদ্ৰাছা ছীল

মৰিগাঁও, বৰপেটা, গোৱালপাৰা, গুৱাহাটীত অভিযান

আমাৰ অসম, ২৯ জুলাইঃ ৰাজ্যৰ সৰ্বত্ৰ এতিয়া জেহাদীয়ে শিপা মেলিছে৷ বিশেষকৈ আল কায়দা ইণ্ডিয়ান চাবকণ্টিনেণ্ট আৰু আনছাৰুল্লাহ বাংলা টিমে কেইবাখনো জিলাত শ্লীপাৰ চেল গঠনৰে সংগঠনিক তৎপৰতা আৰম্ভ কৰিছে৷ অসমত ঘাটি পতা আল কায়দা আৰু আনছাৰুল্লাহ বাংলাৰ দুটাকৈ মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে৷ বৰপেটা, গোৱালপাৰা, মৰিগাঁও আৰু গুৱাহাটীৰ কেইবাটাও স্থানত দুটা দিনৰ ভিতৰতে আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই বাংলাদেশৰ মৌলবাদী সংগঠন আনছাৰুল্লাহ বাংলা টিম চমুকৈ এবিটিৰ ১২ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই অভিযান অসম আৰক্ষীৰ বাবে বৃহৎ সাফল্য হিচাপে চিহ্নিত হোৱাই নহয়, প্ৰথমবাৰলৈ আৰক্ষীয়ে ধৰ্মীয় মাদ্ৰাছাৰ পৰা জেহাদী কাৰ্যকলাপ চলাৰ ভয়ংকৰ তথ্য উন্মোচন কৰিছে৷ আৰক্ষীয়ে জেহাদীৰ কাম-কাজ চলোৱাৰ অভিযোগত মৰিগাঁও জিলাৰ দুখনকৈ মাদ্ৰাছা ছীল কৰি দিয়াৰ লগতে মাদ্ৰাছাৰ প্ৰধান মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰে৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জমিউল হুদা নামৰ উক্ত মাদ্ৰাছখন চলাই অহা মুফতি মুস্তাফাই ইতিপূৰ্বে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ পৰা নিয়মীয়াকৈ ধন লাভ কৰি অহাৰ চাঞ্চল্যকৰ তথ্যও উদঘাটন কৰিছে৷ প্ৰশাসনে জমিউল হুদা মাদ্ৰাছাৰ লগতে নিকটৱৰ্তী জামিয়া তাছলিনহাত টাইটেল বানাত মহিলা মাদ্ৰাছখনো ছীল কৰি দিয়াৰ উপৰি কৰ্তব্যৰত ৭ জন শিক্ষককো আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে৷ লক্ষণীয়ভাৱে মৰিগাঁও আৰক্ষীৰ সমান্তৰালভাৱে বুধবাৰে নিশাৰে পৰা বৰপেটা আৰক্ষীয়েও জেহাদী সংগঠন আনছাৰল্লাহ বাংলা টিমৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ বৰপেটা আৰক্ষীয়ে বাংলাদেশৰ মৌলবাদী সংগঠনটোৰ হৈ কাম-কাজ চলোৱাৰ অভিযোগত বিভিন্ন স্থানৰ পৰা ১১টা জেহাদীক গ্ৰেপ্তাৰ কৰে৷ সৰ্থেবাৰীৰ পৰা ধৃত জেহাদী কেইটা হৈছে ক্ৰমে মইনুল হক [৪২], ৰফিকুল ইছলাম [২৭], ছাহজাহান আলী [৩৪], কাজিবুৰ হুছেইন [৩৭], জুবেইৰ খান [২৫], হামিদুল ইছলাম [২০], আচমত আলী [৩০], মাৰগ্ৰ’ আলী [৩৬], মজিবুৰ ৰহমান [৫০] আৰু ছিদ্দিক আলী [২৭]৷ ইয়াৰ পূৰ্বে বুধবাৰে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা বৰপেটা আৰক্ষীয়ে চহানুৰ আলমক গ্ৰেপ্তাৰ কৰে৷ চাহানুৰৰ ঘৰ বৰপেটা জিলাৰ বৰপেটাৰ বানিয়াপাৰা গাঁৱত৷ চাহানুৰৰ লগতে হাতীগাঁও সিজুবাৰী খানকাহৰ পৰা আন তিনিজন যুৱককো আটক কৰি বৰ্তমান সোধাপোছা অব্যাহত ৰাখিছে৷ ইফালে, গোৱালপাৰাতো জেহাদীয়ে শ্লীপাৰ চেল স্থাপনৰ তথ্য উন্মোচন কৰিছে আৰক্ষীয়ে৷ বাংলাদেশৰ পৰা পলাই অহা আনছাৰুল্লাহ বাংলা টিমৰ সদস্য মেহবাবুৰ ৰহমানৰে সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগত আব্বাছ আলী [২২] নামৰ এজন যুৱকক গোৱালপাৰাৰ পৰা আটক কৰে বঙাইগাঁও আৰক্ষীয়ে৷ যোগীঘোপা থানাত ৰুজু হোৱা ৫৬/২০২২ নম্বৰৰ এটা গোচৰ ভিত্তিতে বুধবাৰে নিশা আব্বাছ আলীক আটক কৰে৷ বঙাইগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা মতে এবিটি কুখ্যাত সদস্য মেহবাবুৰ ৰহমানক গোৱালপাৰাৰ পাখিউৰা গাঁৱৰ আব্বাছ আলীয়ে আশ্ৰয় দিয়াৰ লগতে মোবাইলৰ ছীম কাৰ্ডো ক্ৰয় কৰি দিছিল৷ জেহাদী মেহবাবুৰ ৰহমানে গোৱালপাৰা জিলাৰ একাংশ যুৱকক জেহাদী সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে শ্লীপাৰ চেল হিচাপে গঢ়ি তুলিবলৈ মনস্তাত্বিক, শাৰীৰিক ব্যায়ামৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ নামত ধৰ্মৰ বিভিন্ন কথাৰে জেহাদৰ পাঠ দিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ ইফালে অসম আৰক্ষীয়ে জেহাদীৰ ঘাটি উৎখাট কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–‘মৈৰাবাৰীত এখন মাদ্ৰাছাৰ এজন শিক্ষকক বাংলাদেশৰ এটা জেহাদী গ্ৰুপৰ লগত সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ আমি সেই ধৰ্মীয় মাদ্ৰাছাখন বন্ধ কৰি দিছো৷ মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ স্কুললৈ লৈ যাবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিছো৷ বৰপেটা জিলাতো জেহাদীৰ ডাঙৰ মডিউল এটা উৎখাত কৰা হৈছে৷ মডিউলটোৰ সৈতে জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ গোটেইকেইজনৰ বাংলাদেশৰ মৌলবাদী গোটৰ লগত জড়িত থকাৰ স্পষ্ট প্ৰমাণ আৰক্ষীৰ হাতত আহি পৰিছে৷’ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়– ‘চৰকাৰী মাদ্ৰাছা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ এতিয়া ধৰ্মীয় মাদ্ৰাছা কিছু কিছু স্থানত চলি আছে৷ মৰিগাঁৱৰ মাদ্ৰাছা শিক্ষকক বাংলাদেশৰ সৈতে যোগসূত্ৰ লাভ কৰিছো৷ এগৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই মাদ্ৰাছাখন বন্ধ কৰি দিয়া হৈছে৷ শিক্ষাৰ্থী সকলক চৰকাৰী বিদ্যালয়লৈ লৈ অনা হৈছে৷ আমি অনুসন্ধান আৰম্ভ কৰিছো৷ সম্পূৰ্ণ নজনাকৈ কমেণ্ট নকৰো, কিন্তু ব্যৱস্থা লোৱা হ’ব৷’

নামনি অসমত মৌলবাদী সংগঠনৰ ঘাটি

ইছলামিক মৌলবাদী সংগঠনৰ ঘাটি হৈ পৰিছে নামনি অসমৰ কেইবাখনো জিলা৷ মৌলবাদী সংগঠনে বৰপেটা জিলাৰ একাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকক শ্লীপাৰ চেল হিচাপে ব্যৱহাৰ কৰি অতি সংগোপনে নামনি অসমত চলাই গৈছে জেহাদী কাৰ্যকলাপ৷ পূৰ্বে বৰপেটাত জেহাদী কাৰ্যকলাপ চলাই থকা জামাতুল মুজাহিদীন, বাংলাদেশৰ বহু সদস্যক আৰক্ষীয়ে আটক কৰাৰ পাছত এইবাৰ বাংলাদেশৰ নিষিদ্ধ সংগঠন আনচাৰুল ইছলাম অৱ বাংলা আৰু আলকায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট চমুকৈ এ কিউ আই এছ নামৰ মৌলবাদী সংগঠনে খোপনি পুতিছে জিলাখনত৷ এই মৌলবাদী সংগঠনটোৱে শ্লীপাৰ চেলৰ জৰিয়তে বৰপেটা জিলাৰ লগতে নামনি অসমত নিজৰ সাংগঠনিক ভেটি মজবুত কৰি তুলিবলৈ সক্ষম হৈছে৷ বৰপেটা জিলাত আৰু বহুলোক বিভিন্নধৰণে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ উল্লেখ্য যে, অসম আৰক্ষীৰ বিশেষ শাখাই বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰাই নামনি অসমৰ বিভিন্ন স্থানত মৌলবাদী সংগঠনৰ সদস্যই জেহাদী কাৰ্যকলাপ চলাই থকাৰ তথ্য লাভ কৰিছিল৷ বিভিন্ন অনুসন্ধানকাৰী সংস্থা আৰু আৰক্ষীয়ে দীৰ্ঘদিন ধৰি মৌলবাদী সংগঠনটোৰ বিৰুদ্ধে অনুসন্ধান চলাই উপযুক্ত তথ্য আৰু প্ৰমাণৰ ভিত্তিত বৰপেটা জিলাৰ বৰপেটা, হাউলী আৰু কলগাছিয়া থানা এলেকাৰ বিভিন্ন স্থানত অভিযান চলাই বৰপেটা জিলাৰ পাঁচটা জেহাদীক ৫ মাৰ্চত আটক কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ ভিতৰত ঢাকালীয়াপাৰাৰ মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ লোকজনৰ ঘৰ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আৰালহাজাৰ থানাৰ অন্তৰ্গত আতাদি গাঁৱত৷ মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ মৌলবাদী সদস্যজনে গোপনে অসমত প্ৰৱেশ কৰি ২০১৯ চনৰ পৰাই বৰপেটা জিলাৰ ঢাকালিয়াপাৰা মাদ্ৰাছাত আৰৱীক শিক্ষক হিচাপে কাম কৰি আছিল৷ মাদ্ৰাছাখনত শিক্ষক হিচাপে কাম কৰি থকা সময়ৰে পৰা মহম্মদ চুমনে অসমৰ বিভিন্ন প্ৰান্তত এক বিশেষ সম্প্ৰদায়ৰ যুৱকক আলকায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট নামৰ মৌলবাদী সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰি ধৰ্মীয় মৌলবাদ আৰু জেহাদৰ শিপা বিয়পাইছিল৷ বৰপেটা জিলাৰ পৰা চাৰিমাহ পূৰ্বে আৰক্ষীয়ে এই মৌলবাদী সংগঠনটোৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুনৰ এই সংগঠনটোৰ সৈতে জড়িত থকাৰ সন্দেহত ১১জনক আটক কৰিবলৈ সক্ষম হৈছে৷ বৰপেটা আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহযোগত হাতীগাঁও আৰু বৰপেটাৰ বিভিন্ন স্থানৰ পৰা এই লোকসকলক আটক কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা আৰক্ষীয়ে যোৱা নিশা গুৱাহাটী আৰক্ষীৰ সহযোগত হাতীগাঁৱত অভিযান চলাই প্ৰথমতে চাহানুৰ আলম নামৰ জেহাদীটোক আটক কৰে৷ চাহানুৰ আলমৰ ঘৰ বৰপেটা সদৰ থানাৰ অন্তৰ্গত বানিয়াৰাপাৰা গাঁৱত বুলি জানিব পৰা গৈছে৷ চাহানুৰ আলমক আটক কৰি বৰপেটালৈ অহাৰ পাছতে বৰপেটা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা আন দহজন লোকক আটক কৰে৷ এইকেইজন হ’ল সৰ্থেবাৰী ক্ষুদ্ৰফালাদি গাঁৱৰ জুৱাইৰ খান, গৰেমাৰী গাঁৱৰ ৰফিকুল ইছলাম, সালেকুলাৰ দেৱান হামিদুল ইছলাম, আচমত আলী, মগৰব আলী, চিদ্দিক আলী, চাপৰাৰ মইনুল হক, উত্তৰ চাপৰাৰ কাজিবুৰ হুছেইন আৰু জনীয়াৰ শাহজাহান আলী৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে, আনচাৰুল বাংলা টীম নামৰ বাংলাদেশ মৌলবাদী সংগঠনটোৰ সৈতে এই লোকসকল জড়িত থকাৰ বহু গোপন তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ মৌলবাদী সংগঠনটোৰ শ্লীপাৰ চেল হিচাপে কাম কৰি থকা এইলোককেইজন সন্দৰ্ভত আৰক্ষীয়ে বিস্তৃত তথ্য লাভ কৰাৰ পাছতে এই লোকসকলক আটক কৰে৷ সম্প্ৰতি আটক কৰা লোককেইজনক বৰপটা সদৰ থানাত জেৰা কৰি থকা হৈছে৷ আটক কৰা লোকসকলক কাইলৈৰ ভিতৰত আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, আনচাৰুল বাংলা টীম নামৰ মৌলবাদী সংগঠনটোৱে একাংশ সংখ্যালঘু লোকক ধৰ্মীয় আবেগেৰে আকৃষ্ট কৰায় তেওঁলোকক শ্লীপাৰ চেল হিচাপে ব্যৱহাৰ কৰি নামনি অসমত ব্যাপক হাৰত জেহাদী নেটৱৰ্ক গঢ়িবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত বহু গোপন তথ্য লাভ কৰিছে আৰু এই লোকসকলক আটক কৰাৰ বাবে ব্যাপক অনুসন্ধান চলাই আছে৷