Logo
image

উদ্বোধনী অনুষ্ঠান আধাতে এৰি পুনৰ বিতৰ্কত লাভলীনা

পাক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে সহজ জয় শিৱৰ

আমাৰ অসম, ৩০ জুলাইঃ বাৰ্মিংহামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছত  মাথোঁ এসপ্তাহৰ ভিতৰতে দুটাকৈ অবাঞ্চিত বিতৰ্কত সাঙোৰ খাই পৰিল অসমৰ একমাত্ৰ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই৷ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ বৃহস্পতিবাৰে আয়োজিত উদ্বোধনী অনুষ্ঠানৰ পৰা আধাতে গেমছ ভিলেজলৈ লাভলীনা বৰগোহাঁই উভতি অহা আৰু দীৰ্ঘসময় তেওঁ চহৰৰ যান-জঁটত আৱদ্ধ হৈ থকাৰ ঘটনাক লৈ এইবাৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ কেৱল বিতৰ্কই নহয়, প্ৰতিযোগিতাখনৰ ভাৰতীয় দলটোৰ চেফ ডি মিছনে লাভলীনা আৰু আন এজন বক্সাৰ মহম্মদ হুছামউদ্দিনৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত চেফ ডি মিছনে ভাৰতীয় বক্সিং দলটোৰ কৰ্মকৰ্তাৰ পৰা স্পষ্টীকৰণ বিচাৰিছে৷ প্ৰসংগতঃ উল্লেখযোগ্য  কমনৱেলথ গেমছত ভাগ লোৱাৰ বাবে ইংলেণ্ডত উপস্থিত হোৱাৰ পাছতে লাভলীনা বৰগোহাঁয়ে তেওঁৰব্যক্তিগত প্ৰশিক্ষকক গেমছ ভিলেজত প্ৰৱেশৰ অনুমতি নিদিয়াৰ বাবে তীব্ৰ আপত্তি উত্থাপন কৰি এটা টুইট কৰিছিল৷ মূলতঃ ভাৰতীয় বক্সিং ফেডাৰেছনৰ বিৰুদ্ধে সেয়া আছিল অসমৰ অলিম্পিকৰ পদক বিজয়ী বক্সাৰগৰাকীৰ প্ৰৱল বিষোদগাৰ৷ কিয়নো ভাৰতীয় বক্সিং দলটোৰ সৈতে আন আন প্ৰশিক্ষকক নিৰ্বাচিত কৰিলেও লাভলীনা বৰগোহাঁইৰ বাৰম্বাৰ অনুৰোধ সত্ত্বেও ভাৰতীয় বক্সিং ফেডাৰেছনে তেওঁৰ ব্যক্তিগত প্ৰশিক্ষক সন্ধ্যাৰাণী গুৰুঙক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা নাছিল৷ ইয়াৰ ফলত সন্ধ্যাৰাণী গুৰুঙক কমনৱেলথ গেমছৰ আয়োজকে গেমছ ভিলেজত সোমোৱা আৰু থকাৰ বাবে এক্ৰিডিটেশ্বন প্ৰদান কৰা নাছিল৷ সেই কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি লাভলীনা বৰগোহাঁয়ে টুইটাৰৰ আশ্ৰয় লয় আৰু এটা দীঘলীয়া টুইট লিখি তেওঁ কুটিল ৰাজনীতি আৰু চৰম মানসিক আতিশয্যৰ চিকাৰ হোৱা বুলি মন্তব্য কৰে৷ অৱশ্যে টুইটত তেওঁ বক্সিং ফেডাৰেশ্বনৰ নাম উল্লেখ কৰা নাছিল৷ লাভলীনাৰ এই টুইটে  দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাত  কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে অস্বাভাৱিক তৎপৰতা প্ৰদৰ্শন কৰি  ভাৰতীয় অলিম্পিক এছ’চিয়েশ্বনক [আইঅ’এ] লাভলীনা বৰগোহাঁইৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে৷ ক্ৰীড়া মন্ত্ৰণালয়ৰ এই নিৰ্দেশৰ লগে লগে আইঅ’এই সন্ধ্যাৰাণী গুৰুঙৰ এক্ৰিডিটেশ্বনৰ বন্দোৱস্ত কৰে আৰু তেওঁ সুকলমে গেমছ ভিলেজত প্ৰৱেশ কৰা আৰু থকাৰ সুযোগ লাভ কৰে৷ 

সেই ঘটনাই তিনিদিন অতিক্ৰম কৰাৰ পাছতে বৃহস্পতিবাৰে ভাৰতীয় দলৰ বক্সাৰ, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে আধাতে উদ্বোধনী অনুষ্ঠান এৰি গেমছ ভিলেজলৈ উভতি অহাৰ ঘটনাই প্ৰতিযোগিতাত থকা ভাৰতীয় দলটোৰ কৰ্মকৰ্তাক অসন্তুষ্ট কৰি তুলিছে৷ উল্লেখ্য এই সন্দৰ্ভত লাভলীনা বৰগোহাঁয়ে জনায় যে শনিবাৰে তেওঁৰ মেচ থকাৰ বাবে  শুকুৰবাৰে পুৱাই যাতে অনুশীলন কৰিব পাৰে সেয়ে তেওঁ উদ্বোধনী অনুষ্ঠান আধাতে এৰি গেমছ ভিলেজলৈ উভতি আহিছিল৷ উদ্বোধনী অনুষ্ঠান আঢ়ৈ ঘণ্টাৰো অধিক দীঘলীয়া আছিল৷ সেয়ে লাভলীনা আৰু পুৰুষ দলৰ অন্যতম বক্সাৰ মহম্মদ হুছামউদ্দিনে উদ্বোধনী অনুষ্ঠান আয়োজন হোৱা আলেকজেণ্ডাৰ ষ্টেডিয়ামৰ পৰা গেমছ ভিলেজলৈ উভতি অহাৰ সিদ্ধান্ত লয়৷ তাৰ পৰা গাড়ীৰে গেমছ ভিলেজলৈ কমেও ৩০ মিনিট সময়ৰ দূৰত্ব৷ লাভলীনাই কয়– ‘যিহেতু পিছদিনা আমাৰ খেল আছিল সেয়ে আমি অনুশীলনৰ বাবে উদ্বোধনী অনুষ্ঠানৰ পৰা সোনকালে উভতি আহিবলৈ সিদ্ধান্ত লৈছিলো৷ উদ্বোধনী অনুষ্ঠান দীঘলীয়া আছিল৷ সেয়ে আমি এখন টেক্সি বিচাৰিলো৷ কিন্তু আমাৰ বাবে তাত কোনো টেক্সি নাছিল৷ নিজেও টেক্সি বুক কৰিব নোৱাৰাত মই আৰু হুছামউদ্দিনে কি কৰিম উৱাদিহ নোপোৱা হ’লো৷ তাৰ পাছতে আমি ভিলেজলৈ অহা প্ৰথমখন বাছত উঠি উভতি আহিলো৷’ উল্লেখ্য ভাৰতীয় দলৰ খেলুৱৈ আৰু কৰ্মকৰ্তাৰ বাবে বাছ আৰু তিনিখন টেক্সি যোগান ধৰিছিল উদ্যোক্তাই৷ কিন্তু উদ্বোধনী অনুষ্ঠানৰ মাজতে টেক্সি ষ্টেডিয়াম এৰি আহিবলৈ সন্মত হোৱা নাছিল৷ লাভলীনা আৰু সতীৰ্থ বক্সাৰজন সুকলমে গেমছ ভিলেজত উপস্থিত হ’ব পৰা নাছিল৷ কিয়নো চহৰৰ ট্ৰেফিক জামত তেওঁলোকৰ গাড়ী বন্দী হৈ পৰিছিল আৰু সেয়ে দুয়োজন বক্সাৰ দীৰ্ঘসময় পথতে আৱদ্ধ হৈ পৰিছিল৷ সেই ঘটনাই ভাৰতীয় শিবিৰত চিন্তাৰ উদ্ৰেক ঘটাইছিল৷ সেয়ে এনে পৰিস্থিতিত তেওঁলোকে দলীয় কৰ্মকৰ্তাক কোনো কথা নজনোৱাকৈ এনেদৰে আধাতে অনুষ্ঠান এৰি উভতি অহাক লৈ ভাৰতীয় দলটোৰ কৰ্মকৰ্তা অসন্তুষ্ট হৈ পৰে৷ কিয়নো এইক্ষেত্ৰত খেলুৱৈৰ সুৰক্ষাৰ কথাও জড়িত হৈ আছে৷ এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় দলৰ চেফ ডি মিছন ৰাজেশ ভাণ্ডাৰীয়ে৷ তেওঁ কয় যে, যদিহে অনুশীলনৰ কথা আছিল তেন্তে তেওঁলোক উদ্বোধনী অনুষ্ঠানলৈ নোযোৱাকৈ থাকিব পাৰিলেহেঁতেন৷ তেনেদৰে কেইবাজনো এথলীট উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত আছিল৷ তাৰে কাৰোবাৰ পিছদিনাই খেল আছিল আৰু কাৰোবাৰ নিৰ্দিষ্ট সময়ত অনুশীলন আছিল৷ কিন্তু লাভলীনা আৰু হুছামউদ্দিনে এনেদৰে উদ্বোধনী অনুষ্ঠানৰ আধাৰ পৰা আঁতৰি আহি, তাকো কোনো কৰ্মকৰ্তাক খবৰ নিদিয়াকৈ গেমছ ভিলেজলৈ অহাটো তেনেই অনুচিত৷ এই সন্দৰ্ভত তেওঁ বক্সিং দলৰ কৰ্মকৰ্তাৰ পৰা সবিশেষ বিচাৰিব বুলিও মন্তব্য কৰে৷ উল্লেখ্য, ভাৰতীয় দলৰ চেফ ডি মিছন ৰাজেশ ভাণ্ডাৰী হৈছে ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ উপ-সভাপতি৷ ইতিমধ্যে লাভলীনাই টুইট কৰি ভাৰতীয় বক্সিং ফেডাৰেশ্বনক অসন্তুষ্ট কৰি তুলিছে৷ তাৰ পাছত তেওঁ কৰা এই কাৰ্যই বক্সিং ফেডাৰেশ্বনক লাভলীনাৰ বিৰুদ্ধে কঠোৰ কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে৷ 

উল্লেখ্য, শনিবাৰে কমনৱেলথ গেমছৰ প্ৰথমখন মেচত লাভলীনাই স্কটলেণ্ডৰ ৰীছ লিন্সৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইপিনে  শুকুৰবাৰে অসমৰ আন এজন প্ৰতিযোগী শিৱ থাপাই পাকিস্তানৰ  ছুলেমান বালোচক ৫-০১ ব্যৱধানত পৰাভূত কৰি শক্তিশালী আৰম্ভণি কৰিছে৷