Logo
image

গুজৰাটৰ পৰা আহিছে পলিয়েষ্টাৰৰ ৰাষ্ট্ৰীয় পতাকা

আমাৰ অসম, ৩ আগষ্টঃ দেশপ্ৰেমৰ বাবে নহয় পুঁজিপতিৰ স্বাৰ্থত প্ৰতিটো পৰিয়ালক ত্ৰিৰংগা পতাকা উৰুৱাবলৈ আহ্বান জনাইছে বিজেপিয়ে আদানী-আম্বানীৰ মেচিনেৰে তৈয়াৰ হ’ব জাতীয় পতাকা৷ গুজৰাটৰ পৰ আহিছে পলিয়েষ্টাৰ ৰাষ্ট্ৰীয়পতক –এই অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷ মঙলবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেলত বৰাই কয়– ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ জৰিয়তে দুখীয়া পৰিয়ালৰ পৰা পতাকাৰ নামত চৰকাৰে ল’ব ১৮ টকা৷ পুঁজিপতিৰ স্বাৰ্থত মোদী চৰকাৰে লৈছে ঘৰে ঘৰে পতাকা উৰুওৱাৰ অভিযান৷ এখন পতাকাৰ নামত কিয় ১৮ টকা বিচাৰিছে চৰকাৰে? মূল্যবৃদ্ধিৰ ফলত এসাজ খাই এসাজ নোখোৱাকৈ আছে ৰাজ্যৰ বহু পৰিয়াল৷ দুখীয়া পৰিয়ালে ১৮ টকাকৈ দি পতাকা কিনিবলৈ সামৰ্থন নাই৷ আন হিতাধিকাৰী আঁচনিৰ দৰে কিয় চৰকাৰৰে বিনামূলীয়াকৈ ত্ৰিৰংগা পতাকা দিব নোৱাৰে? ইয়াৰ উদ্দেশ্য এটাই যে এই টকা দিয়া হ’ব পুঁজিপতি গোষ্ঠীক৷ এয়া অমৃৎমহোৎসৱ নহয়, এতিয়া ৰাইজে পাইছে বিহ৷ ক’লৈ গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি? এনকাউণ্টাৰত নিহত, ঘূনীয়া হোৱা পৰিয়ালে কেনেকৈ পালন কৰিব অমৃৎ মহোৎসৱ? কিন্তু ত্ৰিৰংগ পতাকা লগাবলৈ দিয়াৰ উদ্দেশ্য বেলেগ৷ যঁতৰত হাতে কটা সূতাৰে বনোৱা পতাকাৰ পৰিৱৰ্তে এতিয়া গান্ধীৰ আদৰ্শক জলাঞ্জলি দিছে চৰকাৰে৷ হাতে কটা সুতাৰে পতাকা বনালে ১২ কোটিতকৈ অধিক টকা পালেহেঁতেন অসমৰ শিপিনীয়ে৷ কিন্ত এই টকা পাব পূজিপতিয়ে৷  কম দিনৰ ভিতৰত ইমান পতাকা সম্ভৱ নহয়৷ সময় দিব লাগিছিল৷ পূঁজিপতিৰ স্বাৰ্থত এই পদক্ষেপ চৰকাৰৰ৷ ২০১৪১ ২০২২৬নলৈ নাগৰিকে কোনো অমৃত পোৱা নাই, অমৃতৰ পৰিৱৰ্তে বিহ পান কৰি আছে৷ মূল্য বৃদ্ধি আকাশলংঘী হৈছে৷ Flag Code of India, ২০০২ Part -I para - ১.২ত স্পষ্ট ভাৱে উল্লেখ আছে যে এই পতাকা  খাদী, চিল্ক বা সূতাৰ দ্বাৰা নিৰ্মিত হ’ব লাগে৷ আৰু হাতে-বোৱা হ’ব লাগে৷ গান্ধীজীয়ে যঁতৰত হাতে বোৱা কাপোৰৰ যোগেদি ভাৰতবৰ্ষৰ শিপিনীসকলক যি আত্মনিৰ্ভৰ হোৱাৰ এক নিৰ্দশন প্ৰতিষ্ঠা কৰিছিল ৷ কিন্তু ইয়াকে নকৰি বিজেপি চৰকাৰে পুঁজিপতি ব্যৱসায়ীৰ স্বাৰ্থত পলিয়েষ্টাৰ পতাকা ব্যাপক হাৰত মেচিনত উৎপাদন কৰি দেশৰ জনসাধাৰণক কিনিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷  চৰকাৰৰ এই অভিযানৰ অন্তৰালত বৃহৎ পুঁজিপতি গোষ্ঠীক আৰ্থিকভাৱে লাভৱান কৰিবলৈ লোৱা পৰিকল্পনা স্পষ্ট হৈ পৰিছে৷  চৰকাৰে যদি দৰিদ্ৰ ৰাইজক বিনামূলীয়াকৈ চাউল, অৰুণোদয় আঁচনিত মাহিলী ১২০০ টকা আৰু অনান্য বিনামূলীয়া আঁচনি দিব পাৰে, তেন্তে এই জাতীয় পতাকাৰ বাবে একঁকালীন ১৮ টকা কিয় দিব নোৱাৰে?  স্বাধীনতাৰ ৭৫ তম বৰ্ষ হোৱা উপলক্ষে চৰকাৰে ঘোষণা কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ যদি আমি নিৰপেক্ষ বিশ্লেষণ কৰোঁ যে তেন্তে দেখা যায় যে দেশে স্বাধীনতা পোৱাৰ পৰা ৬৭ বছৰত প্ৰকৃতাৰ্থত জনসাধাৰণে অমৃত পাইছিল, কিন্তু যোৱা ৮ বছৰত জনসাধাৰণে অমৃতৰ পৰিৱৰ্তে বিষহে পান কৰি আছে৷  বিগত আঠ বছৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মূল্যবৃদ্ধি আৰু মূদ্ৰাস্ফীতিয়ে জনসাধাৰণ জীৱন দূৰ্বিসহ কৰি তুলিছে৷  নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ নিয়ন্ত্ৰণহীনভাৱে আকাশলঘী মূল্যবৃদ্ধি, বিমূদ্ৰাকৰণ, সকলোবিলাক সামগ্ৰীৰ ওপৰত উপৰ্যুপৰি আৰোপ কৰা জি.এছ.টি., ক’ভিড কালত ঘোষণা কৰা অপৰিকল্পিত লকডাউনে দেশৰ অৰ্থনীতি বিধবস্ত কৰাৰ ফলত জনসাধাৰণৰ ক্ৰয়ক্ষমতা ব্যাপকভাৱে হ্ৰাস হৈছে৷ দেশৰ জনমূৰি আয় এনেধৰণে হ্ৰাস হৈছে যে ২০২১ চনত ৯৪, ৯৫৪ টকাৰ বিপৰীতে ২০২২ চনত ৯২, ০০০ টকা হৈছে৷ ইয়াৰ ফলত ভাৰতৰ প্ৰতিজন নাগৰিকৰ দৈনিক উপভোক্তা ব্যয় ১১ শতাংশলৈ হ্ৰাস পাইছে আৰু এবছৰত গঢ়ে প্ৰতিজন নাগৰিকৰ ৮, ৫০০ টকাকৈ উপাৰ্জন হ্ৰাস হৈছে৷ এনে বিধবস্ত অৰ্থনীতি কেতিয়াও অমৃত হ’ব নোৱাৰে৷  দেশৰ নিবনুৱা সমস্যাই এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে স্বাধীনতাৰ পিছত যোৱা আঠ বছৰত বিজেপিৰ শাসনকালত আমাৰ দেশৰ নিবনুৱাৰ হাৰ ২৮ শতাংশলৈ অৱনমিত হৈ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে৷ বছৰি ২ কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা বিজেপিৰ ৮ বছৰীয়া শাসনকালত ২২.০৫ কোটি চাকৰিৰ আবেদনৰ বিপৰীতে মাত্ৰ ৭.২২ লাখ যুৱক-যুৱতীকহে চাকৰি প্ৰদান কৰিব পৰিছে বুলি অলপতে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এক প্ৰশ্নৰ উত্তৰত স্বীকাৰ কৰিছে৷  বিজেপি চৰকাৰৰ ভুল নীতিৰ ফলত আমাৰ দেশৰ বৈদেশিক ঋণৰ বোজা ২০১৪ চনলৈকে ৫৪, ৯০, ৭৬৩ কোটি টকাৰ বিপৰীতে ২০২২ চনত অৰ্থাৎ যোৱা ৮ বছৰত এই বৈদেশিক ঋণ ১২৮, ৪০, ৫৩১ কোটি টকালৈ [প্ৰায় ৩ গুণ] বৃদ্ধি হোৱাৰ ফলত প্ৰতিজন নাগৰিকৰ মুৰত যি বৃহৎ ঋণৰ বোজা পৰিছে, এয়া বিজেপি চৰকাৰৰ কেনেধৰণ অমৃত মহোৎসৱ? একেদৰে অসমত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ আমোলাত ২০১৬ চনত অসমৰ ঋণ ৩৫ হাজাৰ কোটি টকাৰ বিপৰীতে ১, ৩৬, ০০০ কোটি টকালৈ বৃদ্ধি পোৱাৰ ফলত অসমত প্ৰতিজন নাগৰিকৰ জনমুৰি ঋণৰ বোজা ৩৭, ০০০ টকালৈ বৃদ্ধি পাইছে৷ ২০২২ চনৰ ৱল্ডৰ্ প্ৰেছ ফ্ৰীডম ইনডেস্ক অনুযায়ী ভাৰতৰ স্থান ১৮০ দেশৰ ভিতৰত ১৫০লৈ অৱনমিত হোৱা, গ্লোবেল হাংগাৰ ইনডেস্কত ১১৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০১লৈ অৱনমিত হোৱা দেশে কেনেকৈ অমৃত মহোৎসৱ পালন কৰিব?