Logo
image

বাৰ্মিংহামত স্বৰ্ণজয় সিন্ধু, লক্ষ্যৰ

আমাৰ অসম, ৯ আগষ্টঃ আবিৰ্ভাৱতে লক্ষ্যভেদ কৰিলে লক্ষ্য সেনে৷ বেডমিণ্টনত কমনৱেলথ গেমছত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰিয়েই ভাৰতক পুৰুষৰ ছিংগলছৰ স্বৰ্ণ পদক অৰ্পণ কৰিলে উত্তৰাখণ্ডৰ কুৰি বছৰীয়া যুৱক লক্ষ্য সেনে৷ আনহাতে একেদিনাই দেশক বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ স্বৰ্ণ পদকো দিলে পি ভি সিন্ধুৱে৷ পি ভি সিন্ধুৰ বাবে অৱশ্যে কমনৱেলথ গেমছত এয়া আছিল তৃতীয় অভিযান৷ ২০১৪ চনত প্ৰথমবাৰলৈ তেওঁ ব্ৰঞ্জ ৰ পদক, ২০১৮ চনত দ্বিতীয়টো অভিযান ৰূপৰ পদক আৰু এইবাৰ তেওঁ স্বৰ্ণ পদকেৰে সম্পূৰ্ণ কৰিলে কমনৱেলথ গেমছৰ অভিযান৷ বিশ্ব চেম্পিনয়শ্বিপ অৰ্জন কৰা পি ভি সিন্ধুৰ হাতত আছে অলিম্পিকৰ মহিলাৰ ছিংগলছৰ ৰূপ আৰু ব্ৰঞ্জ ৰ পদক৷ সিন্ধুৰ বাবে এতিয়ালৈকে স্পৰ্শাতীত হৈ আছিল কমনৱেলথ গেমছৰ চেম্পিয়নশ্বিপ৷ বিশ্বৰ ১৪ নম্বৰ স্থানৰ কানাডাৰ মিছেল লীৰ বিৰুদ্ধে পি ভি সিন্ধুৰ বিজয় আহিল ২১-১৫, ২১-১৩ পইণ্টৰ পোনপটীয়া ছেটত৷ অৱশ্যে ভৰিত মেচৰ আৰম্ভণিতে মোচোকা খোৱা সিন্ধুৰ বাবে বিজয় সিমান সহজ হ’ব বুলি ধাৰণা কৰা হোৱা নাছিল৷ কিয়নো আৰম্ভণিৰে পৰাই মিছেলে প্ৰৱল প্ৰতিৰোধ গঢ়ি তুলিছিল৷ কিন্তু অদমনীয় খেল প্ৰদৰ্শন কৰি পি ভি সিন্ধুৱে প্ৰতিদ্বন্দ্বী মিছেলক আগবাঢ়িবলৈ নিদিলে৷ প্ৰায় সমানে সমানে আগুৱাই যোৱা মিছেলৰ বিৰুদ্ধে প্ৰয়োজনীয় মুহূৰ্তত অগ্ৰগতি লৈ মেচ শেষ কৰিলে সিন্ধুৱে৷ ইপিনে বেডমিণ্টনৰ চাৰ্কিটত এবছৰৰ আগলৈকে প্ৰায় অপৰিচিত হৈ থকা লক্ষ্য সেনে মালয়েছিয়াৰ জে য়ঙৰ বিৰুদ্ধে প্ৰথমটো ছেট হেৰুৱাই দ্বিতীয় ছেটতো আৰম্ভণিতে পিছপৰি আছিল৷ কিন্তু দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই লক্ষ্য সেনে মালয়েছিয়াৰ সবল প্ৰতিদ্বন্দ্বী জে য়ঙক অৱশেষত ১৯-২১, ২১-৯, ২১-৬ ছেটৰ ব্যৱধানত পৰাভূত কৰে৷ কমনৱেলথ গেমছত প্ৰথম মেচৰ পৰাই লক্ষ্য সেন সাৱলীল আছিল৷ দলীয় শাখাত প্ৰত্যাশিত প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলেও ছিংগলছত তেওঁৰ প্ৰতিখন মেচতে ছন্দ আছিল৷ অৱশ্যে ফাইনেলৰ দৰে তেওঁ ছেমিফাইনেলতো এটা ছেট হেৰুৱাবলগীয়া হৈছিল৷ পিছে কোনো সময়তে তেওঁ যুদ্ধৰ পৰা আঁতৰি অহা নাছিল৷ ফাইনেলত প্ৰথমটো ছেট হেৰুওৱাৰ পাছত দ্বিতীয় আৰু তৃতীয় ছেটত দীঘলীয়া ৰেলীত ভাগ লৈ তেওঁ মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীক ভাগৰুৱা কৰি তুলি সহজেই মেচ নিজৰ হাতলৈ আনে৷ সন্দেহাতীতভাৱে ফাইনেল মেচখন আছিল বিশ্বমানৰ আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে পৰিপূৰ্ণ৷ বিশ্ব চেম্পিয়নশ্বিপ আৰু অল ইংলেণ্ড বেডমিণ্টনৰ পদক বিজয়ী লক্ষ্য সেন অৱশ্যেই কমনৱেলথ গেমছৰ পুৰুষৰ ছিংগলছৰ ফেভাৰিট আছিল৷ ইপিনে প্ৰতিযোগিতাৰ অন্তিম দিনটোত সোমবাৰে ভাৰতৰ সাত্বিকছাইৰাজ ৰানকিৰেড্ডি আৰু ছিৰাগ ছেট্টী যুটীয়ে ইংলেণ্ডৰ লেন বেন আৰু ভেন্‌ডি ছিনক পোনপটীয়াকৈ ২১-১৫, ২১-১৩ পইণ্টৰ ব্যৱধানত হৰুৱাই ভাৰতক কমনৱেলথ গেমছৰ বেডমিণ্টনৰ তৃতীয়টো স্বৰ্ণ পদক আনি দি হেটট্ৰিক সম্পূৰ্ণ কৰে৷