Logo
image

পানী যোগান দূৰ অস্ত, এইবাৰ ডীপ টিউবৱেল বহুৱাব পৌৰ নিগমে

আমাৰ অসম, ২০ আগষ্টঃ গুৱাহাটীবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জিএমডিএয়ে হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ অব্যাহত ৰখা পানী যোগান প্ৰকল্প যেন কলিতে মৰহি গ’ল৷ খোৱা পানীক লৈ মহানগৰবাসীয়ে হাহাকাৰ কৰাৰ সময়তে চলিত আগষ্টৰ পৰা মধ্য গুৱাহাটীৰ একাংশ লোকক খোৱা পানী যোগান ধৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যদিও ইয়াৰ পূৰ্বেই ৰহস্যজনকভাৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান গেমনক টালি-টোপোলাসহ বিতাড়ন কৰিলে জিএমডিএয়ে৷ অৱশ্যে এইবাৰ গুৱাহাটীবাসীক খোৱা পানী যোগানত ব্যৰ্থ বিভাগীয় মন্ত্ৰী অশোক সিংঘাল আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কমিচনৰ অংকৰে খোৱাপানী যোগানৰ এক অদ্ভূত পৰিকল্পনা হাতত হৈছে৷ সেই অনুসৰি গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডে-ৱাৰ্ডে জিএমচিয়ে বহুৱাৰ একোটাকৈ ডীপ টিউবৱেল অৰ্থাৎ বৰিং৷ গুৱাহাটীৰ ৬০টা ৱাৰ্ডত বৰিং বহুৱাৰ নামত ৩৬ কোটি টকা খৰচ কৰাৰো সিদ্ধান্ত লৈছে অশোক সিংঘাল আৰু মৃগেন শৰণীয়াই৷ অৰ্থাৎ প্ৰতিটো ৱাৰ্ডৰ বৰিংৰ নামত চৰকাৰৰ ৰাজকোষৰ পৰা ব্যয় কৰিব ৬০ লাখ  ৬০ লাখ টকা৷ শেহতীয়াকৈ জি এম চিৰ পাৰিষদসকলৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কিন্তু গুৱাহাটীৰ একোটা ৱাৰ্ডত এটা বৰিঙৰ জৰিয়তে খোৱা পানী যোগান ধৰা চিন্তাটো গছত গৰু উঠা ধৰণৰ কথা যদিও সেই চিন্তাকে যে কৰিছে মন্ত্ৰী অশোক সিংঘাল আৰু মেয়ৰ মৃগেন শৰণীয়াই৷ ইতিমধ্যে, পাৰিষদসকলক বৰিং বহুৱাৰ বাবে স্থান নিৰ্ধাৰণ কৰিবলৈ আনুষ্ঠানিকভাৱে নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে৷ একোটা সাধাৰণ বৰিঙৰ জৰিয়তে ঘৰে ঘৰে পানী যোগান ধৰাটো দূৰৰে কথা, ৬০ লাখ টকা খৰচ কৰা বৰিঙৰ পৰা পানী যে ওলাব তাৰো কোনো নিশ্চয়তা নাই৷ কিয়নো গুৱাহাটীৰ ভূগৰ্ভৰ পৰা কোটি টকা ব্যয় কৰা বৰিঙৰ পৰাও বহু সময়ত পানী নোলোৱাৰ উদাহৰণ আছে৷ স্বাভাৱিকতেই ডীপ ট্ৰিউবৱেলৰ নামত কমিচন সংগ্ৰহ কৰাৰ যে পৰিকল্পনা কৰিছে সেৱা খাটাং৷ কিয়নো ইয়াৰ পূৰ্বেও জিএমচিয়ে ঠাই বিশেষ বৰিং কৰিছিল যদিও সেই বৰিঙৰ পৰা খোৱা পানী লাভ নকৰাৰ অভিযোগ উঠিছে৷