Logo
image

ৰাজকোষ ভৰাবলৈ যুৱপ্ৰজন্মক সুৰাপানত উৎসাহ জাপান চৰকাৰৰ

আমাৰ অসম, ২০ আগষ্টঃ ভাৰতকে ধৰি বিশ্বৰ অধিকাংশ দেশত এতিয়া সুৰাপানৰ প্ৰতি তৰুণ প্ৰজন্মৰ অনীহা দেখা যায়৷ বিভিন্ন সমীক্ষাত তেনে তথ্য প্ৰকাশ পাইছে৷ সেয়া তেনে দেশৰ চৰকাৰ আৰু অভিভাৱকৰ বাবে সুখৰ বতৰা৷ কিন্তু পৃথিৱীত এনে এখন দেশো আছে, য’ত তৰুণ প্ৰজন্মই সুৰাপানৰ প্ৰতি উৎসাহ হেৰুৱাই পেলোৱাত চৰকাৰ উদ্বিগ্ন হৈছে৷ বিশ্বৰ উন্নত দেশ হিচাপে পৰিচিত জাপানত সংঘটিত হৈছে এই ঘটনা৷ জাপানৰ তৰুণ প্ৰজন্মই সুৰাপানৰ প্ৰতি আকৰ্ষণ হেৰুৱাই পেলোৱাত আৰু সুৰাপানৰ প্ৰৱণতা কমি যোৱাত ৰাজহ সংগ্ৰহ হ্ৰাস পাইছে জাপানৰ৷ ইয়াৰ ফলত জাপানৰ চৰকাৰে কপালত হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জাপানত কৰা শেহতীয়া এটা সমীক্ষাত দেখা গৈছে, ক’ভিড অতিমাৰীৰ সময়ৰ পৰা দেশৰ তৰুণ প্ৰজন্মই কমকৈ সুৰাপান কৰিবলৈ ধৰিছে৷ ফলত সুৰাৰ দোকানীৰ লোকচান হৈছে৷  সামগ্ৰিকভাৱে সমগ্ৰ দেশত সুৰাৰ বিক্ৰী কমি গৈছে৷ এনে পৰিস্থিতিত স্বাভাৱিকভাৱেই চৰকাৰে সুৰাৰ পৰা আহৰণ কৰি থকা ৰাজহ হ্ৰাস পাইছে৷ ক্ষতিগ্ৰস্ত হৈছে ৰাজকোষ৷ কিয়নো জাপানৰ  ৰাজকোষলৈ বৃহৎ পৰিমাণৰ ৰাজহ আহিছিল সুৰাৰ পৰা৷ এনে পৰিস্থিতিত জাপান চৰকাৰে বিভিন্ন উপায় অৱলম্বনৰ চেষ্টা চলাইছে৷ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰি দেশৰ তৰুণ প্ৰজন্মক সুৰাপানৰ প্ৰতি চৰকাৰে উৎসাহিত কৰিছে৷ দেশৰ ঠায়ে ঠায়ে চৰকাৰীভাৱে আয়োজন কৰা হৈছে তেনে প্ৰতিযোগিতাৰ অনুষ্ঠান৷ তদুপৰি জাপানৰ ৰাষ্ট্ৰীয় কৰ এজেন্সিৰ তত্ত্বাৱধানত ‘ছেক ভাইভা’ নামৰ এটা প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে যাৰ মূল উদ্দেশ্য হৈছে তৰুণ প্ৰজন্মৰ মাজত সুৰাৰ চাহিদা বৃদ্ধি কৰা৷ এই ক্ষেত্ৰত জাপান চৰকাৰ কিমান সফল হয় সেয়া সময়ে ক’ব৷