Logo
image

২ এলিজাবেথে শাসন কৰিব ব্ৰিটেইন

বিপুল ভোটৰ ব্যৱধানত পৰাস্ত ঋষি

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ দুগৰাকী এলিজাবেথৰ কান্ধত অৰ্পিত হ’ল ব্ৰিটেইনৰ শাসনভাৰ৷ এতিয়াৰ পৰা দুগৰাকী এলিজাবেথে একেলগে শাসন কৰিব একালৰ সূৰ্য ডুব নোযোৱা দেশখনৰ৷ প্ৰথমগৰাকী এলিজাবেথ আলেকজেন্দ্ৰা মেৰী উইণ্ডছৰ–তেওঁ ব্ৰিটেইনৰ সম্ৰাজ্ঞী৷ ব্ৰিটেইনৰ সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথ পিছে চুটি নামেৰেহে অধিক পৰিচিত৷ দ্বিতীয়গৰাকী মেৰী এজিলাবেথ ট্ৰাছ–তেওঁ ব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী৷ চমুকৈ তেওঁ লিজ ট্ৰাছ হিচাপেই পৰিচিত৷ কোৱা বাহুল্য মাথোঁ, পাশ্চাত্যৰ দেশত সকলো এলিজাবেথেই লিজ হিচাপে পৰিচিত হয়, যিদৰে সকলো উইলিয়াম হয় বিল বা সকলো  ৰবাৰ্ট হয় বব৷ ৰজাৰ পৰিয়ালৰ হোৱা বাবে কেতিয়াও সম্ৰাজ্ঞী এলিজাবেথক লিজ বুলি সম্বোধন কৰিব নোৱাৰি, যিদৰে বিল বুলি সম্বোধন কৰাত বাধা ব্ৰিটিছ ৰাজকুমাৰ উইলিয়ামক৷ কিন্তু প্ৰধানমন্ত্ৰীক লিজ বুলি সম্বোধন কৰাত বাধা নাই, কিয়নো পাশ্চাত্যৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান সততে জনসাধাৰণৰ মাজৰ এজনেই হৈ থাকে৷ আৰু সেই জনপ্ৰিয়তাৰ শক্তিৰেই পূৰ্ণ সম্ভাৱনা থকা, অতিশয় দক্ষ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি ছুনকৰ প্ৰত্যাহ৩ান ওফৰাই ৰক্ষণশীল ইংৰাজৰ ‘ডাৰ্লিঙ’ত পৰিণত হ’ল লিজ ট্ৰাছ৷ কনজাৰভেটিভ দলৰ সদস্যৰ ভোটেৰে কঠিন প্ৰতিদ্বন্দ্বিতাৰ অন্তত অৱশেষত সোমবাৰে লিজ ট্ৰাছ দলটোৰ মুৰব্বী হিচাপে নিৰ্বাচিত হ’ল আৰু দেশৰ সংবিধান অনুসৰি সংখ্যাগৰিষ্ঠ দলটোৰ মুৰব্বীয়েই হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী৷ লিজ ট্ৰাছ হ’লগৈ মাৰ্গাৰেট থেচ্ছাৰ আৰু টেৰেছা মে’ৰ পাছত সূৰ্য অস্ত নোযোৱা দেশখনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী৷ কনজাৰভেটিভ দলৰ প্ৰায় ১,৮০,০০০-২,০০,০০০ সদস্যৰ ভিতৰত ৫৭ শতাংশই ভাৰত বংশজাত ঋষি ছুনকৰ পৰিৱৰ্তে  ব্ৰিটিছ-জাত লিজ ট্ৰাছৰ ওপৰতে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ভৰসা ৰাখিলে৷ দলৰ মুৰব্বী আৰু তাৰ ফলশ্ৰুতিত হ’বলগীয়া দেশৰ প্ৰধানমন্ত্ৰীৰ শেষ যুঁজখনত কনজাৰভেটিভ দলৰ ৰ লাখ ৪৭ হাজাৰ ৭২৫ জনে ভোট দিছিল৷ তাৰ ৮১,৩২৬ জন কনজাৰভেটিভে ট’ৰি দলৰ মুৰব্বী হিচাপে খাটি-ইংৰাজ লিজ ট্ৰাছক ভোট দিলে আৰু ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকক ভোট দিলে ৬০,৩৯৯৯ জন কনজাৰভেটিভে৷ সেই দিশৰ পৰা লিজ ট্ৰাছৰ এই বিজয় কঠিন হিচাপেই বিবেচিত হৈছে৷ কিয়নো দুয়োৰে বিজয়ৰ ব্যৱধান হ’ল মাথোঁ ২০,৯২৭টা ভোট অথবা প্ৰায় ২১ হাজাৰ ট’ৰি সমৰ্থকৰ৷ কনজাৰভেটিভ দলৰ সদস্যই লিজ ট্ৰাছক এনে এটা সময়ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে, যি সময়ত সাধাৰণ ইংৰাজে স্বচ্ছল জীৱনযাত্ৰা চলাই যোৱাত অসুবিধাৰ সন্মুখীন হৈছে, কৰৰ বোজাত সকলোৰে ‘ক’ষ্ট অৱ লাইফ’ অৰ্থাৎ জীৱন নিৰ্বাহ বা তাৰ বাবে প্ৰয়োজন হোৱা অৰ্থৰ নাটনি ঘটিছে৷ লিজ ট্ৰাছে এনে সময়ত দেশৰ শাসনভাৰ হাতত পাইছে, যি সময়ত দেশৰ এজন সফল প্ৰধানমন্ত্ৰী বৰিছ জনছনে কেলেংকাৰিৰ অভিযোগত পদত্যাগ কৰিবলৈ বাধ্য হৈছে৷ বৰিছ জনছনে পদত্যাগ ঘোষণা কৰিবলগীয়া হৈছিল, ক’ভিড অতিমাৰীৰ সময়ত চৰকাৰী বাসভৱনত পাৰ্টী কৰাৰ অভিযোগত৷ তাৰে একাধিক পাৰ্টী হৈছিল ক’ভিড নিয়ন্ত্ৰণৰ বাবে অনুষ্ঠিত কৰা চৰকাৰী বৈঠকৰ পাছত, যেতিয়া দেশবাসী লকডাউনৰ বাবে ঘৰত বন্দী হৈ আছিল, আত্মীয় স্বজনৰ পৰা দূৰত আছিল৷ প্ৰধানমন্ত্ৰীৰ দায়িত্ব কান্ধত পোৱাতো নিশ্চিত হোৱাৰ পাছৰ প্ৰথমটো ভাষণত লিজ ট্ৰাছে দেশৰ মধ্যবতী নিৰ্বাচনৰ সম্ভাৱনা নাকচ কৰিছে৷ উল্লেখ্য, টেৰেছা মে’ই জেমছ কেমেৰনৰ অপসাৰণৰ পাছত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ মধ্যবৰ্তী নিৰ্বাচন অনুষ্ঠিত কৰি নিজৰ আসন নিষ্কণ্টক কৰিছিল৷ অৱশ্যে তেওঁ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সমৰ্থ নহ’ল৷ এতিয়া, লিবাৰেল ডেম’ক্ৰেট দলৰ সাংসদে মধ্যবৰ্তী নিৰ্বাচনৰ দাবী তুলিছে৷ অৱশ্যে প্ৰথম দিনাৰ ভাষণতে লিজ ট্ৰাছে সেই দাবী নাকচ কৰিছে৷

প্ৰথমৰ পৰা প্ৰধানমন্ত্ৰীৰ দৌৰত শীৰ্ষত থকা ব্ৰিটেইনৰ প্ৰাক্তন বিত্তমন্ত্ৰী ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকে অৱশেষত গোমাতাৰ পূজা কৰিও দেশৰ সৰ্বোচ্ছ আসনখন অধিকাৰ কৰিব নোৱাৰিলে৷ ব্ৰিটেইনৰ কনজাৰভেটিভ দলৰ সাংসদৰ মাজত দলৰ মুৰব্বী নিৰ্বাচন আৰু আওপকীয়াকৈ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰতিটো প্ৰতিদ্বন্দ্বিতাতে শীৰ্ষত আছিল ঋষি ছুনক৷ কনজাৰভেটিভ সাংসদৰ মাজত হোৱা এনে পাঁচবাৰৰ প্ৰতিদ্বন্দ্বিতাতে আটাইকেইটাতে শীৰ্ষত আছিল তেওঁ৷ আনহাতে, লিজ ট্ৰাছ প্ৰথমে আছিল শেষৰ পিনে৷ ক্ৰমাত লিজ ওপৰলৈ আহিলেও শেষ পৰ্যন্ত ঋষি ছুনকক সাংসদৰ মাজত হোৱা নিৰ্বাচনত পিছ পেলাব পৰা নাছিল৷ কিন্তু তেওঁ ব্যৱধান হ্ৰাস কৰি আনিছিল৷ অৱশেষত দলৰ সদস্যৰ মাজত হোৱা দলীয় মুৰব্বীৰ নিৰ্বাচনত লিজে বাজীমাৎ কৰে, পৰাজয় স্বীকাৰ কৰে ঋষি ছুনকে৷

কোৱা হয়, ইংৰাজ অতি ৰক্ষণশীল জাতি৷ তেওঁলোকে নিজৰ শাসক হিচাপে ভিন দেশী এজন নেতাক নিৰ্বাচন কৰাৰ সম্ভাৱনা তেনেই অস্বাভাৱিক আছিল৷ ভাৰতীয় মিডিয়াই ঋষিৰ প্ৰাথমিক দৌৰ দেখি তেওঁক ১০নং ডাউনিং ষ্ট্ৰীটৰ বাসভৱনত প্ৰায় সুমুৱাইছিলেই৷ কিন্তু ৰক্ষণশীল ব্ৰিটিছে এগৰাকী ভাৰতীয় নাগৰিকৰ স্বামীক ১০নং ডাউনিং ষ্ট্ৰীটলৈ পঠিয়াব, সেই আশা কৰা মিছা৷ উল্লেখ্য, ছুনকৰ পত্নী অক্ষতা ছুনক এতিয়াও ভাৰতীয় নাগৰিক, তেওঁ ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰা নাই৷ ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণমূৰ্তি আৰু অধ্যক্ষ সুধা ৰামমূৰ্তিৰ কন্যা অক্ষতাই এতিয়া ভাৰতীয় পাছপ’ৰ্ট নেৰা আৰু এন আৰ আই হিচাপে থকা আইনী সুবিধা লৈ ব্ৰিটেইনত লাখ লাখ পাউণ্ড কৰ আদায় নিদিয়াৰ বিতৰ্কই ঋষি ছুনকৰ পৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ চকীখন কাঢ়ি নিয়া বুলি চৰ্চা হৈছে৷ ফেচন ডিজাইনাৰ অক্ষতাৰ ৰাছিয়াতো ব্যৱসায় থকাৰ বিষয়ে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ পাছত ব্ৰিটেইনত ধুমুহাৰ সৃষ্টি কৰিছিল৷ কিয়নো ব্ৰিটেইনে ৰাছিয়া আৰু ৰাছিয়ানক এই যুদ্ধৰ বাবে সৰ্বত্ৰ নিষিদ্ধ ঘোষণা কৰিছিল৷ সম্ভৱতঃ ‘পত্নীভাগ্য’য়ো ঋষি ছুনকৰ প্ৰধানমন্ত্ৰীৰ আসন কাঢ়ি নিয়াৰ অন্যতম কাৰণ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছুনকে প্ৰথমে য়ৰ্কশ্বায়াৰৰ ৰিচমণ্ডৰ পৰা ব্ৰিটেইনৰ সাংসদ হৈছিল৷ ২০১০ চনৰ ফেব্ৰুৱাৰীত তেওঁ বৰিছ জনছন মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী নিযুক্ত হয়৷ যোৱা প্ত জুলাইত তেওঁ জনছনৰ বিৰোধিতা কৰি মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰে৷ ছুনকৰ পদত্যাগে  জনছনৰ মন্ত্ৰীসভাত ইমানেই নেতিবাচক প্ৰভাৱ পেলাইছিল যে তাৰ পাছত গৰিষ্ঠসংখ্যক মন্ত্ৰীয়ে পদত্যাগ কৰাত জনছন ক্ষমতাৰহিত হয়৷ চূড়ান্ত যুদ্ধত পৰাস্ত হ’লেও এজন অশ্বেতাংগ আৰু ভাৰতীয় বংশোদ্ভৱ হিচাপে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনৰ একেবাৰে কাষলৈকে যোৱাটো ছুনকৰ বাবে বৃহৎ কৃতিত্ব হিচাপে পৰিগণিত হৈছে৷  ব্ৰিটেইনৰ ইতিহাসত আজি পৰ্যন্ত কোনো অশ্বেতাংগ ৰাজনীতিক প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা নাই৷ এনে পৰিস্থিতিত ছুনকৰ প্ৰতিদ্বন্দ্বিতা আমেৰিকাৰ বাৰাক অবামাৰ সৈতে তুলনা কৰা হৈছিল৷ পিছে তেওঁৰ বৰ্ণ পৰিচয় প্ৰধানমন্ত্ৰীৰ যুঁজত প্ৰবল বাধা হিচাপে পৰিণত হৈ ৰ’ল৷

ইপিনে ১৯৭৫ চনত জন্ম হোৱা এলিজাবেথ বা লিজ ট্ৰাছৰ জন্ম অক্সফ’ৰ্ডত৷ সম্প্ৰতি তেওঁৰ লণ্ডন আৰু নৰফকত ঘৰ আছে৷  লিডছৰ ৰাউণ্ডলে স্কুল আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী লিজে ব্ৰিটিছ সংসদত ছাউথৱেষ্ট নৰফকক প্ৰতিনিধিত্ব কৰিছে৷ যুৱতী অৱস্থাত ব্ৰিটেইনৰ আইৰণ লেডী মাৰ্গাৰেট থেচ্ছাৰৰ পাৰমাণৱিক নীতিৰ বিৰোধিতা কৰা লিজ আছিল এসময়ত লিবাৰেল ডেম’ক্ৰেট৷ পিছে পৰৱৰ্তী সময়ত তেওঁৰ ৰাজনৈতিক ভাবাদৰ্শ সলনি হয় আৰু কনজাৰভেটিভ পাৰ্টীত যোগদান কৰি সোঁপন্থীত পৰিণত হয়৷ তেওঁ ব্ৰেক্সিটৰ ঘোৰ সমৰ্থক আছিল৷ এতিয়া তেওঁ কনজাৰভেটিভ দলৰ মুৰব্বী নিৰ্বাচিত হ’লেও প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰালৈ কিছু আনুষ্ঠানিকতা বাকী আছে৷ সাধাৰণতে ব্ৰিটেইনৰ সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথে বাকিংহাম পেলেচত প্ৰধানমন্ত্ৰীৰ হাতত নিয়োগপত্ৰ প্ৰদান কৰে৷ পিছে এইবাৰ তাৰ ব্যতিক্ৰম ঘটিব৷ কিয়নো স্বাস্থ্যজনিত কাৰণত সম্ৰাজ্ঞী আছেগৈ স্কটলেণ্ডৰ বালমোৰাল প্ৰাসাদত৷ নতুন প্ৰধানমন্ত্ৰী এলিজাবেথক সম্ৰাজ্ঞী এলিজাবেথে স্কটলেণ্ডতে নিয়োগপত্ৰ হাতত তুলি দিব৷ তাৰ পাছৰ পৰাই ব্ৰিটেইনত আৰম্ভ হ’ব দুগৰাকী এলিজাবেথৰ শাসন৷ দেশৰ ইতিহাসত এয়া হ’ব এক অদ্ভুত সংযোগ আৰু নতুন অধ্যায়৷