Logo
image

হল্ডিং, ৰেইনফ’ৰ্ডলৈ ‘ফ্ৰীডম অৱ দ্য চিটী অৱ লণ্ডন’

আমাৰ অসম, ১৭ ডিচেম্বৰঃ বেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনৰ সমৰ্থক মাইকেল হল্ডিঙৰ লগতে ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য এবনী ৰেইনফ’ৰ্ড ব্ৰেণ্টলৈ বৰ্ণবিদ্বেষৰ বিৰুদ্ধে মাত মতাৰ বাবে ‘ফ্ৰীডম অৱ দ্য চিটী অৱ লণ্ডন’ সন্মান প্ৰদান কৰা হৈছে৷ নিজ নিজ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰা ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হয়৷ স্কাই স্প’ৰ্টছৰ বাতৰি অনুসৰি এবনী আৰু হল্ডিঙে ইংলেণ্ডত বৰ্ণবিদ্বেষৰ বিৰুদ্ধে সবল প্ৰতিবাদেৰে সাহসী পদক্ষেপ লৈছিল৷ এবনী আৰু হল্ডিঙৰ উচ্ছ প্ৰশংসা কৰি লণ্ডনৰ মেয়ৰ উইলিয়াম ৰাছেলে কয় যে বৰ্ণবিদ্বেষ নিৰ্মূল কৰাৰ বাবে চলা আন্দোলনত আগবঢ়োৱা বলিষ্ঠ ভূমিকাৰ স্বীকৃতি হিচাপে তেওঁলোকলৈ আগবঢ়োৱা হৈছে ‘ফ্ৰীডম অৱ দ্য চিটী অৱ লণ্ডন’ সন্মান৷ উল্লেখ্য, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ সময়ত হল্ডিঙে বৰ্ণবিদ্বেষৰ বিৰুদ্ধে শক্তিশালী ভাষণ দিছিল৷ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী কৃষ্ণাংগ ক্ৰিকেটাৰ ৰেইনফ’ৰ্ড ব্ৰেণ্টে ২০০১ চনৰ পৰা ২০১০ চনলৈ ২২ খন এদিনীয়া আৰু সাতখন টুৱেণ্টী২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাগ লৈছিল৷