১৩৭ কোটি টকাৰে শীৰ্ষত ধোনি
আমাৰ অসম, ১৭ ডিচেম্বৰঃ আই পি এলৰ পৰা ক্ৰিকেটাৰে লাভ কৰা বিশাল পৰিমাণৰ অৰ্থ সদায়েই চৰ্চাৰ বিষয় হৈ আহিছে৷ কোনো অখ্যাত খেলুৱৈও নিশাটোৰ ভিতৰতে কোটিপতি হৈছে আই পি এলৰ সুবাদত৷ এই আই পি এলৰ পৰা সৰ্বাধিক ধন লাভ কৰা খেলুৱৈৰ তালিকাত নিঃসন্দেহে শীৰ্ষৰফালে স্থান পাইছে মহেন্দ্ৰ সিং ধোনি, ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দৰে খেলুৱৈয়ে৷ আই পি এলৰ পৰা সৰ্বাধিক ধন লাভ কৰা শীৰ্ষৰ ১০জন খেলুৱৈৰ তালিকাত মাত্ৰ ৩জন বিদেশী খেলুৱৈয়েহে স্থান পাইছে৷ কিন্তু আই পি এলৰ পৰা সৰ্বাধিক ধন লাভ কৰা শীৰ্ষৰ ১০জন খেলুৱৈৰ ভিতৰত স্থান লাভ কৰি সকলোকে অবাক কৰি দিছে ৰবিন উথাপ্পাই৷ ৭৫ কোটি টকা লাভ কৰি তালিকাৰ দশম স্থানত আছে উথাপ্পা৷ এই খেলুৱৈজনে আই পি এলত কেৰিয়াৰ আৰম্ভ কৰিছিল মুম্বাই ইণ্ডিয়ানছত৷ ইয়াৰোপৰি তেওঁ খেলিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ, কিংছ ইলেভেন পঞ্জাব, পুনে ৱাৰিয়ৰ্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ৷ ২০২০ আই পি এলত তেওঁ আছিল ৰাজস্থান ৰয়েলছত৷ উত্থাপাতকৈ ২ কোটি টকা অধিক লাভ কৰি তালিকাত নৱম স্থানত আছে শ্বেন ৱাটছন৷ অষ্টে˜লিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰজনে আই পি এলত কেৰিয়াৰ আৰম্ভ কৰিছিল ৰাজস্থান ৰয়েলছৰ হৈ৷ লগতে তেওঁ খেলিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ৷ ৱাটছনতকৈ ৫ কোটি টকা অধিক লাভ কৰি তালিকাৰ অষ্টম স্থানত আছে সুনীল নাৰাইন৷ আই পি এলৰ পৰা তেওঁৰ মুঠ উপাৰ্জন ৮২ কোটি টকা৷ কেৰিবিয়ান অলৰাউণ্ডাৰজন আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ সদস্য৷ আই পি এলৰ পৰা ৮৪ কোটি টকা উপাৰ্জনেৰে তালিকাত সপ্তম স্থানত আছে যুৱৰাজ সিং৷ কিংছ ইলেভেন পঞ্জাবৰ হৈ আই পি এলত অভিযান আৰম্ভ কৰা যুৱৰাজে প্ৰতিযোগিতাখনত খেলিছে পুনে ৱাৰিয়ৰ্ছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ, দিল্লী ডেয়াৰডেভিলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, কিংছ ইলেভেন পঞ্জাব আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ৷ ৯১ কোটি টকা মুঠ উপাৰ্জনেৰে আই পি এলৰ ধনী ক্ৰিকেটাৰৰ তালিকাত ষষ্ঠ স্থানত আছে দক্ষিণ আফ্ৰিকাৰ এবি ডে ভিলিয়াৰ্ছ৷ প্ৰতিযোগিতাখনত তেওঁ খেলিছে দিল্লী ডেয়াৰডেভিলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ৷ কেৰিয়াৰত আই পি এলত দিল্লী ডেয়াৰডেভিলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলা গৌতম গম্ভীৰ আছে তালিকাৰ পঞ্চম স্থানত৷ প্ৰতিযোগিতাখনৰ পৰা তেওঁৰ উপাৰ্জন ৯৪ কোটি টকা৷ ৯৯ কোটি টকা উপাৰ্জনেৰে চতুৰ্থ স্থানত আছে সুৰেশ ৰাঈনা৷ চেন্নাই ছুপাৰ কিংছৰ লগতে তেওঁ খেলিছে গুজৰাট লায়ন্সৰ হৈ৷ ১২৬ কোটি টকা উপাৰ্জনেৰে চমক সৃষ্টি কৰি তালিকাৰ তৃতীয় স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰাট কোহলি৷ কোহলিতকৈও অধিক উপাৰ্জনেৰে দ্বিতীয় স্থানত আছে মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মা৷ মুম্বাইৰ লগতে তেওঁ ডেক্কান চাৰ্জাৰ্ছহৈয়ো খেলিছে৷ ২০২০ বৰ্ষৰ অভিযান নিৰাশজনক হ’লেও সকলোকে অতিক্ৰমী আই পি এলৰ ধনী খেলুৱৈৰ তালিকাত শীৰ্ষত আছে মহেন্দ্ৰ সিং ধোনি৷ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে তেওঁ তিনিবাৰ আই পি এলৰ খিতাপ জয় কৰিছে৷ লগতে তেওঁ ৰাইজিং পুনে ছুপাৰজায়েণ্টৰ হৈয়ো খেলিছে৷