Logo
image

ভূপেনদাৰ ঘৰো হাতৰ পৰা গ’ল!

বিক্ৰী হ’ল নেকি! কলকাতালৈ গৈ স্তম্ভিত সাহিত্য সভাৰ দল

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ প্ৰায় পাঁচটা দশক পূৰ্বেই সুধাকণ্ঠ ভূপেন হাজৰিকাই অসমৰ ৰাইজক এইবুলি সকীয়াই দিছিল যে ৰাইজ যদি সচেতন নহয়, তেন্তে ৰাইজৰ প্ৰাপ্যও থিতাতে হেৰাব৷ গীতৰ মাজেৰে অসমীয়াক এইদৰে সতৰ্ক কৰি দিছিল ভূপেন হাজৰিকাই– আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ’ব... অসম ৰসাতলে যাব... প্ৰাপ্যও থিতাতে হেৰাব... বাপতিসাহোন সেই ৰঙালী বিহুটিও কঙালীত পৰিণত হ’ব৷ কেইবাশ কালজয়ী গীতৰ মাজেদি অসমৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সজীৱ চিত্ৰ অংকন কৰিছিল ভূপেন হাজৰিকাই৷ গীতৰ শাৰীয়ে শাৰীয়ে, সুৰৰ আঁহে আঁহে, সংগীতৰ মায়াজালৰ মাজেৰে অসমীয়াক তেওঁলোকৰ অধিকাৰ, দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়া ভূপেন হাজৰিকাই কিন্তু প্ৰতিদানস্বৰূপে অসম আৰু অসমীয়াৰ পৰা বিশেষ একো নাপালে৷ কি পৰিস্থিতিত অসম এৰি বংগলৈ যাবলগীয়া হৈছিল ভূপেন হাজৰিকা– সেয়া এক দুৰ্ভাগ্যজনক অধ্যায়৷ এই বিষয়ে অসমৰ ৰাইজে জানে৷ কিন্তু শেহতীয়াভাৱে ভূপেন হাজৰিকাৰ ৯৬সংখ্যক জন্মদিন উদ্‌যাপন কৰিবৰ বাবে কলকাতালৈ যোৱা অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দল কলকাতাৰ পৰা উভতি অহাৰ পাছত সাহিত্য সভাৰ শীৰ্ষ পদাধিকাৰীয়ে এনে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে, যিবোৰে অসমৰ প্ৰতিজন সংবেদনশীল লোকক, ভূপেন হাজৰিকাৰ প্ৰতিজন অনুৰাগী-অনুগামীক স্তম্ভিত-বেদনাহত আৰু ক্ষুব্ধ কৰি তুলিব৷ উল্লেখ্য, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অসম সাহিত্য সভাই কলিকতা বিশ্ববিদ্যালয়ৰ সহযোগত কলকাতাত আয়োজন কৰা বিশেষ অনুষ্ঠানত ভাগ ল’বৰ বাবে কলকাতালৈ গৈছিল অসম সাহিত্য সভাৰ এটা দল৷ সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত যোৱা দলটোৰ অন্যান্য সদস্যসকলৰ ভিতৰত ধনভঁৰালী প্ৰেমনাৰায়ণ নাথ, প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক ড॰ অৱনী মোহন চহৰীয়াৰ লগতে অসম সাহিত্য সভাৰ ছগৰাকী বিষয়ববীয়াও আছিল৷ কলকাতাৰ টালিগঞ্জত থকা ভূপেন হাজৰিকাৰ বাসগৃহ চাবলৈ গৈ হতভম্ব হৈ পৰিল সাহিত্য সভাৰ বিষয়ববীয়াসকল৷ তেওঁলোকে সদৰী কৰা মতে, ভূপেন হাজৰিকাৰ ঘৰটোৰ অৱস্থা দেখিলেই সকলোৰে চকুপানী ওলাব৷ এইটো ঘৰৰ পৰাই যে এদিন অসমৰ সাংস্কৃতিক জগতৰ নেতৃত্ব বহনকাৰী ভূপেন হাজৰিকাই তেওঁৰ সাংস্কৃতিক কাম-কাজ পৰিচালনা কৰিছিল, সেই কথা ভাবিলেই বুকু হম্‌হমাই যাব প্ৰতিজন অসমীয়াৰ৷ সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এই বিষয়ে ‘আমাৰ অসম’ক এইদৰে কয়– ‘ভূপেন হাজৰিকাৰ এসময়ৰ বাসগৃহটো বৰ্তমান অত্যন্ত পৰিত্যক্ত অৱস্থাত আছে৷ চিলিং, বেৰা আদি তললৈ খহি পৰিছে৷ ঘৰটো দেখিলেই বুকুত বেদনা অনুভৱ হয়৷ প্ৰতিবেশীসকলৰ পৰা ঘৰটোৰ বিষয়ে জানিব খোজাত তেওঁলোকে ক’লে যে ইতিমধ্যে ভূপেন হাজৰিকাৰ ঘৰটো কাৰোবাক বিক্ৰী কৰি দিয়া হৈছে৷ অৱশ্যে কাক বিক্ৰী কৰা হৈছে সেই বিষয়ে প্ৰতিবেশীসকলে সঠিক তথ্য দিব নোৱাৰিলে৷ অসমৰ ৰাইজৰ অতি মৰম আৰু শ্ৰদ্ধাৰ ড॰ ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহটো বিক্ৰী কৰি দিয়া হৈছে বুলি প্ৰতিবেশীসকলে কোৱা কথাত শোকস্তব্ধ আৰু উদ্বিগ্ন হৈ পৰে অসম সাহিত্য সভাৰ দলটো৷ আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যাতে ভূপেন হাজৰিকাৰ এই ঘৰটো, অসম আৰু অসমীয়াৰ ইতিহাস বিজড়িত এই বাসগৃহটি যিকোনো প্ৰকাৰে সংৰক্ষণ কৰাৰ দিহা কৰা হয়৷ আমাৰ প্ৰশ্ন– ভূপেন হাজৰিকাৰ কলকাতাৰ ঘৰো আনৰ হাতলৈ গ’ল নেকি? ভূপেন হাজৰিকাৰ ঘৰটো বিক্ৰী কৰা হৈছে নেকি? অসম চৰকাৰে এই ঘৰটোৰ সংৰক্ষণৰ বাবে একো ব্যৱস্থা কৰিব নোৱাৰিলে নেকি? অসম চৰকাৰে এই ঐতিহাসিক ঘৰটো বিশেষভাৱে সংৰক্ষণ কৰি ভূপেন্দ্ৰ ভৱন হিচাপে গঢ়ি তুলিব নোৱাৰে নেকি? আমি ভাবোঁ, এয়া কেৱল অসম সাহিত্য সভাৰেই কথা নহয়, অসমৰ প্ৰতিজন লোকে ভূপেন হাজৰিকাৰ ঘৰটো অসমীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণাৰ কেন্দ্ৰস্থল হৈ থকাটোৱেই বিচাৰিব৷’ ইফালে, অসম সাহিত্য সভাৰ প্ৰতিনিধিয়ে ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহটো সন্দৰ্ভত ৰাজহুৱা কৰা বিস্ফোৰক তথ্যৰ পাছতে এই বিষয়ে বিশেষ সূত্ৰই আন কেতবোৰ বিস্ফোৰক তথ্য সদৰী কৰিছে৷ সূত্ৰটোৰ মতে– মূলতঃ আৰ্থিক কাৰণতে ভূপেন হাজৰিকা জীয়াই থকাৰ সময়তেই কলকাতাৰ এই বিখ্যাত ঘৰটো বিক্ৰী কৰা হৈছিল৷ গুজৰাটৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্টক ঘৰটো বিক্ৰী কৰা হৈছিল৷ ইয়াৰ বাবে চাৰ্টাৰ্ড একাউণ্টেণ্টজনে কেইলাখমান টকা আদায় দিছিল যদিও যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণৰূপে সম্পন্ন কৰা হোৱা নাছিল৷ কিন্তু ঘৰটোৰ মালিকীস্বত্ব ইতিমধ্যেই চমজি লৈছিল ব্যৱসায়ীজনে৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত ওড়িশাৰ সম্বলপুৰত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৰটোৰ সংৰক্ষণ সন্দৰ্ভত কথা পাতিবৰ বাবে ওড়িশালৈ গৈছিল সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সংবাদ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু তদানীন্তন সাংস্কৃতিকমন্ত্ৰী নৱ কুমাৰ দলে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৰটোৰ সংৰক্ষণৰ বাবে চেষ্টা চলাই থকাৰ সময়তে ভূপেন হাজৰিকাৰ ঘৰটোৰ বিষয়ে ভূ ল’বলৈ কলকাতালৈ গৈছিল হূষীকেশ গোস্বামী আৰু নৱ দলে৷ বহু চেষ্টাৰ মূৰত তেওঁলোকে ভূপেন হাজৰিকাৰ কলকাতাৰ ঘৰটো ‘ক্ৰয়’ কৰা ব্যৱসায়ীজনক কলকাতাৰ অসম ভৱনলৈ মতাই আনিছিল আৰু বহু বুজনি দি ঘৰটো অসম চৰকাৰক ওভতাই দিবৰ বাবে তেওঁক সৈমান কৰাইছিল৷ অৱশ্যে বিনিময়ত কেইবাকোটি টকা বিচাৰিছিল ব্যৱসায়ীজনে৷ অসম চৰকাৰে ব্যৱসায়ীজনক ধন দিবলৈও সন্মত হৈছিল৷ সেই সম্পৰ্কীয় যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰিবৰ বাবে গুৱাহাটীলৈও আহিছিল ব্যৱসায়ীজন৷ প্ৰসংগক্ৰমে উল্লেখ্য যে কলকাতাৰ ঘৰ বিক্ৰী কৰিবৰ বাবে, বিশেষকৈ বহিঃৰাজ্যৰ লোকক [লাগিলে চৰকাৰেই হওক] বিক্ৰী কৰিবৰ বাবে পশ্চিমবংগ চৰকাৰৰ কেতবোৰ নীতি-নিয়ম পালন কৰিব লাগে৷ এনে ঘৰ পঞ্জীয়নৰ বাবে পশ্চিমবংগ চৰকাৰৰ অনুমতি আৰু অনুমোদন অপৰিহাৰ্য৷ তাতেই লাগি গ’ল লেঠা৷ সেই সময়ত অসমত বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰ, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ বিজেপি আৰু তৃণমূলৰ মাজত সেই সময়ত চলি থকা ৰাজনৈতিক যুদ্ধত কাৰ্যতঃ সোমাই পৰিল ভূপেন হাজৰিকাৰ ঘৰটোৰ প্ৰসংগও৷ বহু বাঙালী লোকে দাবী কৰাৰ দৰে মমতা বেনাৰ্জীয়েও ভূপেন হাজৰিকাক বাঙালী বুলিয়েই দাবী কৰিলে৷ মমতা বেনাৰ্জী চৰকাৰে সাতদফীয়া পৰিকল্পনাৰ বিষয়েও জনাই দিলে অসম চৰকাৰক৷ অসম চৰকাৰে ভূপেন হাজৰিকাৰ ঘৰটো ক্ৰয় কৰিব লাগিলে কেনেধৰণৰ আৰু কি কি চৰ্ত পালন কৰিব লাগিব সেই বিষয়েও দিছপুৰক জনাই দিলে কলকাতাই– যিবোৰ চৰ্তৰ একাংশ পূৰণ কৰাটো অসম চৰকাৰৰ বাবে সম্ভৱপৰ নাছিল বুলি দিছপুৰৰ সূত্ৰই সদৰী কৰিছে৷ দিছপুৰৰ সূত্ৰটোৰ মতে, এনেধৰণৰ বহু অজুহাতৰ আলম লৈ অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ কলকাতাৰ ঘৰটো অসম চৰকাৰৰ হাতত গতাই দিবলৈ সন্মত নহ’ল মমতা বেনাৰ্জী আৰু তেওঁৰ চৰকাৰ৷ এই সন্দৰ্ভত বিভিন্ন পৰ্যায়ত আলোচনা-বিলোচনা চলি থকাৰ মাজতেই আহি গ’ল ‘কা’বিৰোধী আন্দোলন৷ বিজেপিয়ে ‘কা’ সমৰ্থন কৰে আৰু তৃণমূল কংগ্ৰেছে ‘কা’ৰ বিৰোধিতা কৰে৷ মূলতঃ পশ্চিমবংগত ৰাজপাট দখল কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ‘কেব’ আৰু ‘কা’ৰ দৰে অস্ত্ৰৰ আশ্ৰয় লৈছিল বিজেপি চৰকাৰে– যাৰ তীব্ৰ বিৰোধী আছিল বংগৰ তৃণমূল চৰকাৰ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত প্ৰথমাৱস্থাত ভূপেন হাজৰিকাৰ ঘৰটো অসম চৰকাৰৰ হাতত গতাই দিয়াৰ ক্ষেত্ৰত কিছু কাম ইতিবাচকভাৱে আগবাঢ়িছিল যদিও ‘কা’ ধুমুহাই গোটেই বিষয়টোত আউল লগালে৷ ফলত এতিয়ালৈকে অসম চৰকাৰৰ হাতলৈ হস্তান্তৰ নহ’ল ভাৰতৰত্ন ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহ৷ লক্ষণীয়ভাৱে সোণোৱাল চৰকাৰৰ পৰৱৰ্তী সময়ত এই বিষয়ে অসম চৰকাৰৰ ফালৰ পৰাও কোনো চেষ্টা কৰা নহ’ল৷ ইফালে, মমতা বেনাৰ্জী চৰকাৰেও ভূপেন হাজৰিকাৰ ঘৰটোৰ মেৰামতি বা উত্তৰণৰ বাবে এতিয়ালৈকে একোৱেই নকৰিলে৷ এনেদৰেই ৰাজনীতিৰ মেৰপেঁচত বন্দী হৈ পৰিল ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহ– যিটো বাসগৃহৰ পৰা এদিন নিয়ন্ত্ৰিত হৈছিল অসমৰ সাংস্কৃতিক জগত, আনকি ভাৰতৰো সাংস্কৃতিক জগতৰ সিংহভাগ৷ অসমীয়াৰ সকলো দম্ভ, অহংকাৰ, স্বাভিমানক ভ্ৰূকুটি কৰি সেই ঘৰটোৰ পৰা যেন এতিয়াও ভাহি আহে ভূপেন হাজৰিকাৰ সেই গীতটো– মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম, নেলাগে মোৰ সোঁৱৰণী সভা...৷