Logo
image

আজমল আৰু ৰকিবুলৰ ৰাজনৈতিক পিতৃ ৰাহুল গান্ধীঃ মুখ্যমন্ত্ৰী

'আমাৰ অসম'ৰ লক্ষীগঞ্জৰ প্ৰতিবেদক, ২ মে': এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা দলটোৰ ধুবুৰীৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ৰাজনৈতিক পিতৃ হ'ল ৰাহুল গান্ধী৷ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে বিলাসীপাৰাৰ আই এন এ খেল পথাৰত আয়োজিত বিজেপিৰ বিজয় সংকল্প সমাবেশত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷

বদৰুদ্দিন আজমলে বিগত পোন্ধৰ বছৰে নিজৰ দখলত ৰখা ধুবুৰী লোকসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়৷ সমষ্টিটোৰ গোলকগঞ্জত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিয়লি ৩ বজাত হেলিকপ্টাৰেৰে উপস্থিত হয় বিলাসীপাৰাত৷ প্ৰায় দহ সহস্ৰাধিক জনসমাগম হোৱা সমাবেশত নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীজনে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ধুতি, লুঙি, সুতা-কম্বলৰ ৰাজনীতি চলিছিল৷ কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত উন্নয়নৰ ৰাজনীতি চলিছে৷ ইতিমধ্যে বিজেপি চৰকাৰে ১ লাখ নিৱনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি দিছে৷ এইবছৰতে আৰু ৫০ হাজাৰ চাকৰি দিয়া হ'ব৷ সেয়ে ধুবুৰীবাসী ৰাইজে এইবাৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিব৷

মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট দিয়া মানেই কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আজমল জয়ী হ'লে তেওঁৰ প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী আৰু ৰকিবুল জয়ী হ'লে তেওঁৰো প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী৷ দুয়োৰো মাজত কিবা পাৰ্থক্য আছেনে? গতিকে ৰকিবুল অথবা আজমলক ভোট দিয়াত কৈ শুকুৰ আলীক ভোট দিয়াই ভাল হ'ব বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ সেয়ে এইবাৰ তুমুল প্ৰতিদ্বন্দ্বিতা হ'বলগীয়া ধুবুৰী লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম জয়ী হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ লগতে বিপুল ভোটত জাভেদ ইছলামক জয়ী কৰাবলৈও ৰাইজক আহ্বান জনায়৷