Logo
image

‘ৱাশ্বিং মেচিন বিজেপি’ৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ধুবুৰীৰ প্ৰতিবেদক, ২ মে’: ইণ্ডিয়া মিত্ৰজোঁট শাসনলৈ আহিলে বাতিল কৰা হ’ব অগ্নিবীৰ আঁচনি৷ বুধবাৰে ধুবুৰীত বিৰোধী ঐক্যমঞ্চৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ বিজেপিক ‘ৱাশ্বিং মেচিন’ আখ্যা দি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী পদক্ষেপৰ বাবে দেশবাসীক ভোটেৰে উচিত উত্তৰ দিবলৈ আহ্বান জনায়৷ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অসমলৈ আহি ধুবুৰীত কংগ্ৰেছৰ ন্যায় সংকল্প ৰেলীত অংশ লয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ 'জয় আই অসম' ধবনিৰে ভাষণৰ আৰম্ভণি কৰি বীৰ চিলাৰায় আৰু লাচিত বৰফুকনক স্মৰণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ ইয়াৰ পিছতে মোদী চৰকাৰৰ বিগত ১০ বছৰীয়া নীতিক সমালোচনা কৰি উদাত্ত ভাষণ প্ৰদান কৰে গান্ধীয়ে৷ ভাষণত প্ৰিয়ংকা গান্ধীয়ে দেশৰ বৰ্ধিত নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, মহিলাৰ বিৰুদ্ধে অপৰাধ, মাফিয়া প্ৰভাৱ, কৃষকে কৰি অহা ন্যূনতম সমৰ্থন মূল্যৰ দাবী, খহনীয়া, অৰ্থনৈতিক বৈষম্য, স্বাস্থ্যজনিত প্ৰত্যাহ্বানক লৈ উদ্বেগ প্ৰকাশ কৰে৷ সমান্তৰালভাৱে তেওঁ জনতাক প্ৰতাৰণা কৰিবলৈ আঞ্চলিক দলসমূহৰ সৈতে বিজেপিৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰে৷ তেওঁৰ উপস্থিত জনতাৰ পৰা যুৱ কৰ্মসংস্থাপনৰ সুযোগ সম্পৰ্কে প্ৰশ্ন কৰি নেতিবাচক সঁহাৰিক লৈ হতাশা ব্যক্ত কৰে৷ অন্যহাতে নিজৰ সন্তানক শিক্ষিত কৰাৰ স্বাৰ্থত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হোৱা দায়িত্বশীল অভিভাৱকসকলৰ প্ৰতি সহানুভূতি ব্যক্ত কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে কংগ্ৰেছে এইসকল অভিভাৱকক সকাহ দিয়াৰ বাবেই দলৰ নিৰ্বাচনী ইস্তাহাৰত এপ্ৰেণ্টিশ্বিপৰ অধিকাৰ, শিক্ষা ঋণ ৰেহাই আৰু যুৱক-যুৱতীসকলৰ সংস্থাপন সুনিশ্চিত কৰাৰ বাবে ৩০ লাখ চাকৰিৰ সৃষ্টিৰ প্ৰতিশ্ৰুতি দিছে৷ বিজেপি চৰকাৰে তেওঁলোকৰ দুৰ্দশা বৃদ্ধিহে কৰিছে৷ দেশ কঁপোৱা কৰ্ণাটকৰ প্ৰজ্বল ৰেৱান্না যৌন কেলেংকাৰী গোচৰৰ অভিযুক্তৰ কাষত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোট বিচৰা কাৰ্যক গৰিহণা দি এয়া বিজেপিৰ মহিলা বিৰোধী স্থিতিৰ প্ৰমাণ বুলি দাবী কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ কেইবাগৰাকীও মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত ৰেৱান্নাক দেশৰ পৰা পলায়নত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে সহায় কৰা বুলিও বিস্ফোৰক অভিযোগ কৰে গান্ধীয়ে৷ তেওঁ হাথৰছৰ ভয়াৱহ ঘটনাৰ কথা উল্লেখ কৰি মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধক লৈ বিজেপিক কঠোৰ সমালোচনা কৰে৷ তেওঁৰ নিজৰ কন্যাৰো বয়স এতিয়া ১৯ বছৰ বুলি মন্তব্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে হাথৰছত যিগৰাকী যুৱতীক বলাৎকাৰ কৰি হত্যা কৰা হৈছিল সেইগৰাকী যুৱতীৰো বয়স আছিল কেৱল ১৯ বছৰ৷ বিজেপিৰ শাসনত এগৰাকী যুৱতীৰ মাতৃ হোৱাটো কিমান শংকাৰ বিষয় সেয়া কেৱল সেই মাতৃগৰাকীয়েহে বুজি পায় বুলি আৱেগবিহ্বল মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে৷ অন্যহাতে কংগ্ৰেছৰ ঐতিহাসিক বেংক ৰাষ্ট্ৰীয়কৰণ আৰু বিজেপিৰ বিমুদ্ৰাকৰণৰ মাজত তুলনা কৰি গান্ধীয়ে অভিযোগ কৰে যে নিৰ্বাচনী বণ্ডৰ দৰে আঁচনিৰ জৰিয়তে বিজেপিয়ে কৰ্পৰেটক লাভান্বিত কৰিছে আৰু দুৰ্নীতিৰ প্ৰসাৰ ঘটাইছে৷ তেওঁ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ জাতি গঠনৰ প্ৰতি থকা সমৰ্পণ নীতিৰ তুলনা কৰি বিজেপিৰ আৰ্থিক আগ্ৰাসন সম্পৰ্কেও আলোকপাত কৰে৷ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্যসমূহৰ শাসন ব্যৱস্থাক বিজেপি নেতৃত্বাধীন ৰাজ্যসমূহৰ সৈতে তুলনা কৰিবলৈ জনসাধাৰণক আহ্বান জনাই গান্ধীয়ে অভিযোগ কৰে যে কংগ্ৰেছ নেতাসকলে প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বিপৰীতে বিজেপি নেতাসকলে দুৰ্নীতি আৰু মাফিয়া কাৰ্যকলাপত লিপ্ত হৈছে৷ চাহ বাগিচাৰ শ্ৰমিকৰ উচিত মজুৰিৰ দৰে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি স্বাৰ্থপৰ উদ্দেশ্যেৰে আঞ্চলিক দলৰ সৈতে বিজেপিৰ মিত্ৰতাক সমালোচনা কৰে৷
ধুবুৰী কোচ ৰাজবংশীৰ অঞ্চল৷ ইয়াত মহামায়া মন্দিৰ, পাচঁ পীৰ দৰগাহ, গুৰ দোৱাৰ আদি গুৰুত্বপূৰ্ণ পীঠস্থান আছে৷ ধুবুৰীৰ পৰা যোৱা সমন্বয়ৰ বাৰ্তা সমগ্ৰ দেশতে বিয়পি পৰে৷ ভাৰতবৰ্ষৰ বাবে সকলো জাতি জনগোষ্ঠীয়ে একত্ৰিত ভাবে লড়াই কৰে প্ৰয়োজন হলে প্ৰাণ আহুতি দিৱলৈ প্ৰস্তুত থাকে৷ ৰাহুল গান্ধীয়ে দেশক একত্ৰিত কৰি ৰখাৰ বাবে কন্যাকুমাৰীৰ পৰা কাশ্মীৰ, মণিপুৰৰ পৰা মুম্বাই লৈ ন্যায় যাত্ৰা কৰিছে৷ উল্লেখ্য, ধুবুৰী লোকসভা সমষ্টিৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাজান অঞ্চলত বুধবাৰে পুৱা এঘাৰ বজাত কংগ্ৰেছ জিলা কমিটিৰ সভাপতি আবেদুৰ জামানৰ সভাপতিত্বত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুচেইনৰ সমৰ্থনত অনুষ্ঠিত সভাখনত বিশেষ বিমানেৰে আহি ৰূপসী বিমানবন্দৰত উপস্থিত হৈ তাৰে পৰা সৰু চাৰিচকীয়া গাড়ীৰে আহি উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী৷ তেওঁ ভাষণত কয় যে ভাৰতবৰ্ষ এক আৰু এই দেশ আমাৰ সকলোৰে বুলি বুজাই দিয়াৰ বাবে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো, ন্যায় যাত্ৰা উলিওৱা বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে সকলো সময়তে সত্য কথা কোৱা বুলি প্ৰিয়ংকা গান্ধীয়ে কয়৷ কাৰোৱাক ভাল লাগিলে বা নালাগিলেও ৰাহুল গান্ধীয়ে সত্য আৰু স্বচ্ছতাৰ পৰম্পৰা ৰক্ষা কৰি সত্যৰ পথতে চলি থাকে৷ এসময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিৰোধীৰ ভূমিকা পালন কৰিছিল, কিন্তু বৰ্তমান নিৰ্দিষ্ট এটি শাসকীয় দলৰ পক্ষত কাম কৰি আছে একাংশ সংবাদ মাধ্যমে৷ বৰ্তমানৰ শাসকীয় দলে সাধাৰণ ৰাইজৰ হকে মাত মতা মিডিয়া, ন্যায়পালিকা, নিৰ্বাচন আয়োগ আদি দুৰ্বল কৰি ৰাখিছে৷ অসম তথা সমগ্ৰ দেশতে যি ৰাজনীতি চলিছে সেয়া ৰাইজৰ বাবে নহয়৷ অসমৰ মুখ্যমন্ত্ৰী আৰু অইন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বহু পাৰ্থক্য আছে৷ কংগ্ৰেছ শাসিত তেলেংগানা, কৰ্ণাটক আদি ৰাজ্যত কংগ্ৰেছ দলে দিয়া প্ৰতিশ্ৰুতি মতে কাম চলি আছে কিন্তু অসমত মাফিয়াৰাজ চলাইছে৷ ভূ মাফিয়া, চুপাৰ, কয়লা, লোহ আলু আদিৰ মাফিয়াৰ লগতে চিণ্ডিকেট চলি আছে৷ তদুপৰি কৃষক আচঁনি, পি পি কীট, ফ্লাই অভাৰ, গৰুৰ চোৰাং কাৰৱাৰ আদিৰ প্ৰয়োভৰ হৈছে৷ কিন্তু কোনো ধৰণৰ উন্নয়ন হোৱা নাই৷ হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিল তেতিয়া তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছিল৷ কিন্তু কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছতেই হিমন্ত ধোৱা তুলসীৰ পাত হৈ পৰিল৷ বিজেপিয়ে ৱাচিং মেছিন বনাইছে, যাৰ ভিতৰত ভ্ৰষ্টাচাৰ নেতাক সোমাই দি পৰিষ্কাৰ কৰি লয়৷ বিজেপি দলে এফালে ভ্ৰষ্টাচাৰৰ কথা কয় আনফালে ভ্ৰষ্টাচাৰ নেতাক নিজৰ দলত লয়৷ কেনেকৈ ধন আহৰণ কৰা যায় তাৰ অসমত মাফিয়াৰাজ চলাই থকা হৈছে৷ নিজৰ স্বাৰ্থ লৈ চলি থকা অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী নিবনুৱা সমস্যা, ৰাইজৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই৷ দেশত ত্ৰিশ লাখ চাকৰিৰ পথ খালি হৈ থকাৰ বিপৰীতে সত্তৰ লাখ নিবনুৱা আছে যদিও শাসকীয় বিজেপি চৰকাৰে তাৰ প্ৰতি ভ্ৰক্ষেপ কৰা নাই৷ দেশত অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে৷ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ খাটি খোৱা লোকে ভাঙি যোৱা বাসগৃহৰ মেৰামতি, সন্তানৰ পঢ়া শুনা, বেমাৰ আদি লৈ চিন্তা কৰিবলগীয়া হয়৷ খাদ্যবস্তুকে ধৰি সকলো সা সামগ্ৰীতে জিএছ টি লগাই দিয়াৰ বাবে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ নিৰ্বাচনৰ বতৰত বিজেপিয়ে অৰুণোদয় আচঁনিৰ প্ৰ পত্ৰ বিতৰণ কৰি আছে৷ মাহেকত বাৰ শ টকা অৰুণোদয় আচনিৰ জৰিয়তে দিয়াৰ প্ৰলোভনৰে বিজেপিয়ে ভোট আদায়ৰ চেষ্টা চলাইছে৷ বাৰ শ টকাৰে একো নাপায়৷ কংগ্ৰেছৰ চৰকাৰ হ’লে প্ৰত্যেক ঘৰৰ জ্যেষ্ঠ মহিলাক মাহেকত আঠ হেজাৰ পাচঁ শ টকাকৈ দিব বুলি কংগ্ৰেছ দলে গেৰাণ্টি দিছে৷ মোদীয়ে মহিলাৰ সুৰক্ষাৰ কথা কৈছে যদিও মহিলাক অত্যাচাৰ কৰা নেতাক মোদী চৰকাৰে সুৰক্ষা দিয়াৰ কাম কৰি আছে৷ মণিপুৰ, উত্তৰ প্ৰদেশৰ মহিলা, অলিম্পিকৰ মেডেল লৈ অনা মহিলা অত্যাচাৰৰ প্ৰসংগ আনি মোদীয়ে সিহঁতক ন্যায় দিয়া নাই৷ কৃষক, শ্ৰমিকৰ পাৰিতোষিক মোদী চৰকাৰে বৃদ্ধি কৰা নাই৷ কংগ্ৰেছ দলৰ চৰকাৰ হঅলে দৈনিক চাৰিশ টকা মজুৰি বৃদ্ধি কৰাৰ গেৰাণ্টি প্ৰদান কৰে প্ৰিয়ংকা৷ আনহাতে কোচ ৰাজবংশী সকল দীৰ্ঘ দিনৰ পৰা কোচ ৰাজ্যৰ বাবে আন্দোলন কৰি আহিছে৷ সেয়া সিহঁতৰ প্ৰাপ্য৷ কংগ্ৰেছে কোচ ৰাজবংশীৰ আন্দোলনক পূৰ্ণ সমৰ্থন জনায়৷ বিজেপি আৰু এআইইউডিএফ দলে অসমৰ ৰাজনীতি অইন দিশলৈ গতি কৰাই দিছে৷ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত গোপন বুজাবুজি আছে৷ হিমন্ত মুখ্যমন্ত্ৰী হোৱাটো আজমলৰ মনৰ ইচ্ছা আছিল৷ যাৰ বাবে হিমন্তৰ কথা মতে আজমলৰ এআইইউডিএফ দলৰ বিধায়ক যোৱা ৰাজ্য সভাৰ নিৰ্বাচনত বিজেপিক ভোট দিছিল৷ আনহাতে বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে আজমলে কংগ্ৰেছ শক্তিশালী স্থিতিত থকা সমষ্টিত প্ৰাৰ্থী আগবঢ়ায়৷ আজমল এজন ব্যৱসায়ী লোক বুলি জাহিৰ কৰি ফুৰে৷ তেওঁৰ আতৰৰ বেহা আছে৷ তৰুণ গগৈ চৰকাৰৰ দিনত অগৰু গছ কটা বন্ধ কৰি দিছিল কিন্তু বিজেপি চৰকাৰে পুনৰ সেয়া অনুমতি দিছে৷ বিজেপি চৰকাৰ স্বৈৰাচাৰী হৈ পৰিছে৷ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধীৰ বেংক একাউণ্ট বন্ধ কৰি দিয়াৰ লগতে দুগৰাকীকৈ মুখ্যমন্ত্ৰীক জে’লত ভৰাই ৰাখিছে৷ ভাৰতৰ ইতিহাসত কেতিয়াও এনে ঘটনা সংঘটিত হোৱা নাছিল৷ অবৈধ ভাবে চান্দা সংগ্ৰহ কৰাৰ নাম মোদীয়ে ভ্ৰষ্টাচাৰৰ আঁচনি খুলিছে৷ ক’ভিড ভেকচিন প্ৰস্তুত কৰা কোম্পানীৰ পৰাও মোদীয়ে চান্দা সংগ্ৰহ কৰা বুলি তেওঁ ভাষণত কয়৷ যোৱা দহ বছৰত ব্যাপক হাৰত ধন আহৰণ কৰি বিজেপি পৃথিৱীৰ শ্ৰেষ্ঠ ৰাজনৈতিক দল হ’ব বিচাৰিছে৷ অসমত থকা লাচিত বৰফুকনৰ ১২৫ ফুট উচ্ছতাৰ প্ৰতিমূত্তিৰ্তকৈ অধিক উচ্ছতাৰ মোদীৰ প্ৰতিমূত্তিৰ্ বনাই আছে৷ অসমত মোদীৰ প্ৰতিমূত্তিৰ্ স্থাপন কৰি বিজেপি চৰকাৰ হ’লে ভাৰতৰ সংবিধান পৰিবৰ্তন কৰিব বুলি বিজেপিৰ নেতাই কৈ ফুৰিছে বুলি উল্লেখ কৰি যি সংবিধানৰ বাবে দেশৰ ডাঙৰ ডাঙৰ মহাপুৰুষ জীৱন ত্যাগ কৰিছে সেই সংবিধান পৰিবৰ্তন কৰিব বিচৰাটো কিমান যুক্তিপূৰ্ণ৷ দেশৰ সকলো নাগৰিকক সংবিধানে সুৰক্ষা, সমমৰ্যাদা দি আহিছে৷ সেই সংবিধান বিপদত বাবে ৰক্ষা কৰাৰ বাবে তেওঁ ৰাইজক আহ্বান জনায়৷ দুই লক্ষাধিক লোক সমাগম হোৱা সভাখনত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, জিতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন বিধায়ক এ কে ৰছিদ আলম, আফতাব উদ্দিন মোল্লা আদি কেইবাজনো বিধায়ক উপস্থিত থাকে৷