Logo
image

পূৰ্ণিমা দেৱী বৰ্মনলৈ গ্ৰীন অস্কাৰ গ’ল্ড

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,২ মে’: ‘হাড়গিলা বাইদেউ’খ্যাত ড॰ পূৰ্ণিমা দেৱী বৰ্মনলৈ পুনৰ আগবঢ়োৱা হৈছে হুইট্‌লে এৱাৰ্ড৷ ২০২৪ বৰ্ষৰ বাবে বৰ্মনলৈ আগবঢ়োৱা হৈছে হুইট্‌লে গ’ল্ড এৱাৰ্ড৷ হুইট্‌লে এৱাৰ্ডক গ্ৰীন অস্কাৰ বুলি জনা যায়৷ ২০১৭ চনত পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান কৰা হৈছিল হুইট্‌লে এৱাৰ্ড৷ এই এৱাৰ্ড বিশ্বৰ ৬গৰাকী পৰিৱেশকৰ্মীক প্ৰদান কৰা হয়৷ আনহাতে, হুইট্‌লে গ’ল্ড এৱাৰ্ড বছৰি আগবঢ়োৱা হয় বিশ্বৰ এগৰাকী পৰিৱেশকৰ্মীলৈ৷ পূৰ্ণিমাক ২০১৭ চনত নাৰীশক্তি পুৰস্কাৰ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে৷ তেওঁ ২০১৫ চনত ফিউচাৰ কনজাৰভেচনিষ্ট এৱাৰ্ড লাভ কৰিছিল৷ কামৰূপৰ দদৰাত হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে এই সন্মান লাভ কৰিছে পূৰ্ণিমাই৷ গ্ৰীন অস্কাৰ অৰ্থাৎ হুইটলে গ’ল্ড এয়াৰ্ড লাভ কৰা পূৰ্ণিমা অসমৰ প্ৰথমগৰাকী প্ৰকৃতিবিদ৷ প্ৰকৃতিপ্ৰেমী সংগঠন ‘আৰণ্যক’ৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ কাম কৰি আহিছে ড॰ পূৰ্ণিমা দেৱী বৰ্মনে৷ ২০১৫ চনৰ পৰা কামৰূপৰ দদৰাত হাড়গিলা সংৰক্ষণৰ কাম কৰি আহিছে পূৰ্ণিমাই৷ পূৰ্ণিমা দেৱী বৰ্মনৰ উদ্যোগত দদৰাত হাড়গিলা সংৰক্ষণে এটা বিপ্লৱৰ ৰূপ লাভ কৰিছে৷ ভাৰতীয় সময় অনুসৰি বুধবাৰে নিশা ১২ বজাত পূৰ্ণিমাক হুইট্‌লে গ’ল্ড এৱাৰ্ড দিয়াৰ কথা৷