
কণীৰ বাকলি এইবোৰ কামতো ব্যৱহাৰ কৰিব পাৰি
প্ৰ’টিনৰ এবিধ অন্যতম উৎস হৈছে কণী৷ সেয়ে সুস্বাস্থ্যৰ বাবে খাদ্য বিশেষজ্ঞসকলে দৈনিক এটাকৈ কণী খাবলৈ পৰামৰ্শ আগবঢ়ায়৷ কিন্তু কণী খাই প্ৰায়ভাগেই ইয়াৰ বাকলিপেলাই দিয়ে৷ জানি আচৰিত হ’ব যে কণীৰ বাকলি বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায়৷ মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে ছালৰ যতন লোৱাৰ ক্ষেত্ৰতো কণীৰ বাকলি ব্যৱহাৰ কৰিব পাৰি৷ তদুপৰি আন কিছুমান কামতো কণীৰ বাকলি ব্যৱহাৰ কৰিব পৰা যায়–
[১] গাঁঠিৰ বিষ উপশমঃ এটা বাচনত আপেল ছিদাৰ ভিনেগাৰৰ সৈতে এটা কণীৰ বাকলি গুড়ি কৰি মিহলাই লওক৷ এইবাৰ ভিনেগাৰৰ সৈতে কণীৰ বাকলিৰ গুড়িসমূহ সম্পূৰ্ণৰূপে মিহলি নোহোৱালৈকে ৰাখি থওক৷ দুদিনমানৰ পাছত দেখিব কণীৰ বাকলি আৰু ভিনেগাৰ সম্পূৰ্ণ মিহলি হৈছে৷ হাত বা ভৰি বা ককালৰ গাঁঠিৰ যি অংশত বিষ অনুভৱ কৰে তাত এই মিশ্ৰণেৰে মেছেজ কৰক৷ দেখিব লাহে লাহে বিষ উপশম হ’বলৈ ধৰিছে৷ উল্লেখ্য, কণীৰ বাকলিত কলাজেন, গ্লুক’ছামিন, হায়ালুৰণিক এচিদ থাকে৷ এই উপাদানসমূহে বিষ উপশমৰ কাম কৰে৷
[২] মটিৰ উৰ্বৰতা বৃদ্ধিঃ কণীৰ বাকলিত থকা প্ৰচুৰ পৰিমাণৰ কেলছিয়াম আৰু মিনাৰেলে বাগিচাৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে৷ ইয়াৰ বাবে কণীৰ বাকলি গুড়ি কৰি মাটিৰ সৈতে মিহলাই ল’লেই হ’ল৷
[৩] বাচন পৰিষ্কাৰঃ বহু সময়ত দেখা যায় যে ৰান্ধোতে ৰান্ধোতে কেৰাহীৰ তলৰ অংশ কলা পৰি যায়৷ ইয়াক পৰিষ্কাৰ কৰাটো কঠিন হৈ পৰে৷ এনেকুৱা হ’লে ডিছ ৱাছাৰৰ সৈতে কণীৰ বাকলি গুড়ি কৰি মিহলাই লওক৷ এইবাৰ কেৰাহীটোৰ কলা পৰি যোৱা অংশত সেই মিশ্ৰণ ঘঁহক৷ দেখিব কেৰাহীটো নতুনৰ দৰে হৈ পৰিছে৷
[৪] পৰুৱা আঁতৰ হয়ঃ পোক-পৰুৱা আঁতৰ কৰাৰ ক্ষেত্ৰতো কণীৰ বাকলিয়ে কাম দিয়ে৷ ইয়াৰ বাবে কণীৰ বাকলি গুড়ি কৰি যি ঠাইত পৰুৱাৰ উপদ্ৰৱ বেছি তাত সিচৰতি কৰি ৰাখক৷ দেখিব পৰুৱা নাইকিয়া হ’বলৈ ধৰিছে৷
[৫] বেছিন পৰিষ্কাৰঃ বহু সময়ত পাকঘৰ বা বাথৰুমৰ বেছিনটোৰ ছিদ্ৰসমূহ আৱৰ্জনা জমা হৈ বন্ধ হৈ পৰে৷ এইক্ষেত্ৰত কণীৰ বাকলি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে কণীৰ বাকলি গুড়ি কৰি বেছিনটোত ঢালি দিয়ক৷ অলপ সময়ৰ পাছত পানীৰ টেপটো খুলি দিয়ক৷ দেখিব বন্ধ হৈ থকা বেছিনৰ ছিদ্ৰসমূহ খোল খাইছে৷
[৬] ছাল পৰিষ্কাৰঃ ছাল পৰিষ্কাৰ বা ছালৰ উজ্জ্বলতা বঢ়োৱাৰ ক্ষেত্ৰতো কণীৰ বাকলিয়ে সহায় কৰে৷ ইয়াৰ বাবে এটা বা দুটা কণীৰ বাকলি গুড়ি কৰি পেক তৈয়াৰ কৰি লওঁক৷ এইবাৰ কুহুমীয়া পানীৰ সৈতে সেই পেক মিহলাই মুখ ধুলে দেখিব ছালৰ উজ্জ্বলতা বঢ়াৰ লগতে ছালখন নিমজ হৈ পৰিছে৷