Logo
image

অনুৰ্ধ্ব ১৯ ভাৰতীয় ক্ৰিকেট দলত অসমৰ জিণ্টিমণি

আমাৰ অসম , ৯ নৱেম্বৰঃ  এক চাৰি দলীয় প্ৰতিযোগিতাৰ বাবে অনুৰ্ধ্ব ১৯ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান পাইছে অসমৰ জিণ্টিমণি কলিতাই৷ মঙলবাৰে বিচিচিআইয়ে ঘোষণা কৰা ভাৰতীয় ‘এ’ দলত স্থান দিয়া হয় জিণ্টিমণিক৷ উল্লেখ্য, অহা বছৰত জানুৱাৰীত অনুষ্ঠিত হ’ব অনুৰ্ধ্ব ১৯ মহিলাৰ টি-২০ বিশ্বকাপ৷ সেই প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে৷ ১৩-১৯ নৱেম্বৰলৈ ভাৰত ‘এ’ ভাৰত ‘বি’, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাক লৈ এটা শৃংখলা অনুষ্ঠিত হ’ব৷ সেই শৃংখলাৰ বাবে ভাৰত ‘এ’ দলত স্থান পাইছে জিণ্টিমণিয়ে৷ উল্লেখ্য জিণ্টিমণিৰ ঘৰ মঙলদৈৰ শান্তিপুৰত৷