অবিশ্বাস্য! ইউটিউবৰ পৰা বিশ্বৰ সৰ্বাধিক আয় এই শিশুৰ
আমাৰ অসম, ২২ ডিচেম্বৰঃ বিশ্বৰ আটাইতকৈ বেছি উপাৰ্জন কৰা ইউ টিউবাৰৰ খ্যাতি লাভ কৰিছে এটি ৯ বছৰীয়া শিশুৱে৷ শিশুটিৰ নাম ৰায়ান কাজি৷ থাকে টেক্সাছত৷ আচৰিত হ’ব যে এই ৯ বছৰীয়া শিশুটিৰ এতিয়া বাৰ্ষিক উপাৰ্জন ৩০ নিযুত ডলাৰ৷ অৰ্থাৎ ভাৰতীয় হিচাপত ২২০ কোটি টকা৷ শিশুটিয়ে এই বয়সতে নিজৰ ইউ টিউব চেনেলত লাভ কৰিছে ১২ বিলিয়নৰো বেছি ভিউ আৰু ২৭ নিযুত ছাবছক্ৰাইবাৰ৷ উল্লেখ্য যে ৰায়ান কাজিয়ে নিজৰ চেনেলটোত প্ৰদৰ্শন কৰে শিশুৰ বিভিন্ন খেলৰ সামগ্ৰী আৰু বিজ্ঞানৰ বিভিন্ন ‘এক্সপেৰিমেণ্ট’৷ আমেৰিকাৰ বিজনেছ মেগাজিন ‘ফ’বছ’ৰ মতে ৰায়ান কাজি এতিয়া বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি উপাৰ্জন কৰা ইউ টিউবাৰ৷ জানিব পৰা মতে ৰায়ানৰ লগতে তাৰ পিতৃ-মাতৃয়ে ৯ টা ইউ টিউব চেনেল চলায়৷ আচৰিত যে তেওঁলোকৰ আটাইকেইটা চেনেলে ভাল ভিউ লাভ কৰি আহিছে৷