Logo
image

জে’লত আপৰ কাৰাবন্দী মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ‘ৰাজসুখ’ : ছ’চিয়েল মিডিয়াত ভাইৰেল মালিচ লৈ থকা ভিডিঅ’

ডিজিটেল ডেস্ক, ২০ নৱেম্বৰ: দুৰ্নীতিৰ অভিযোগত কাৰাবাস খাটি থকা ‘আপ’ৰ নেতা তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈন কাৰাগাৰতো ‘ৰাজসুখ’ত আছে৷ কাৰাগাৰত ‘আপ’ৰ এইজন মন্ত্ৰীয়ে লাভ কৰিছে এক প্ৰকাৰ পঞ্চতাৰকাযুক্ত হোটেলৰ সা-সুবিধা৷ শেহতীয়াকৈ মন্ত্ৰীজনৰ এটা চিচিটিভি ফুটেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ য’ত দেখা গৈছে কাৰাবন্দী মন্ত্ৰীজনে শুই শুই ভৰি মালিচ লোৱাৰ দৃশ্য৷ ইপিনে, ফুটেজটো ৰাজহুৱা হোৱাৰ পাছতে বিজেপি দলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ শীৰ্ষ নেতা অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ এক টুইটত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই কেজৰিয়ালক বিদ্ৰুপ কৰি কয়– ‘কাৰাগাৰত ভি ভি আই পি আচৰণ৷ কাৰাগাৰত ওলাই পৰিছে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা আম আদমী পাৰ্টীৰ প্ৰকৃত চেহেৰা৷’ উল্লেখ্য যে কিছুদিন পূৰ্বে তিহাৰ জে’লৰ অধীক্ষক অজিত কুমাৰক কাৰাবন্দী মন্ত্ৰীক ভি আই পিৰ সুবিধা দিয়াৰ অভিযোগত নিলম্বিত কৰা হৈছিল৷ ইয়াৰ পাছতে এইবাৰ ভাইৰেল হৈছে ‘কাৰাবন্দী আম আদমী পাৰ্টীৰ মন্ত্ৰীৰ এই ভিডিঅ’৷