Logo
image

‘ইণ্ডিয়া’ৰ চৰকাৰ হ’লে বাহিৰৰ পৰা সমৰ্থন দিব মমতাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ মে’: ‘ইণ্ডিয়া’ জোঁটে এইবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিলে তৃণমূল কংগ্ৰেছে চৰকাৰত অংশগ্ৰহণ নকৰে, বৰং বাহিৰৰ পৰা সমৰ্থন জনাব৷ বুধবাৰে হুগলিৰ চুঁচুড়াত এখন নিৰ্বাচনী সভাত তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এই ঘোষণা কৰাত বিৰোধী জোঁট আচৰিত হৈছে৷ ‘ইণ্ডিয়া’ জোঁটত আৰম্ভণিৰ পৰা থাকিও নিৰ্বাচন কাষ চপাৰ পাছত ক্ৰমে নিজকে জোঁটৰ কাৰ্যকলাপৰ পৰা নিলগাই ৰখা মমতা বেনাৰ্জীয়ে বিৰোধী জোঁট সন্দৰ্ভত সম্প্ৰীতি ভিন ভিন স্থিতি প্ৰদৰ্শন কৰিছে৷ কিছুদিন পূৰ্বে তেওঁ কৈছিল, তৃণমূল কংগ্ৰেছে নিৰ্বাচন হৈ যোৱাৰ পাছত জোঁট সন্দৰ্ভত সিদ্ধান্ত ল’ব আৰু একেলগে চৰকাৰ গঠন কৰিব৷ কিন্তু বুধবাৰে পুনৰ স্থিতি সলনি কৰি তেওঁ কয় যে তৃণমূলে ‘ইণ্ডিয়া’ জোঁটৰ চৰকাৰক বাহিৰৰ পৰাহে সমৰ্থন জনাব৷ তেওঁ কয়– ‘ইণ্ডিয়াক নেতৃত্ব দি বাহিৰৰ পৰা সকলো সহায় কৰি আমি চৰকাৰ গঠন কৰাই দিম৷’ মমতা বেনাৰ্জীয়ে কৰা এই মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত তৃণমূলৰ উদ্দেশ্যক লৈ সৰৱ চৰ্চা আৰম্ভ হৈছে৷