Logo
image

চৰকাৰী কাম-কাজতেই ‘অসমীয়া’ অৱহেলিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’: চৰকাৰী কাৰ্যালয়ত যে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ আগ্ৰহ নাই, অসমীয়া ভাষা ব্যৱহাৰত যে চৰকাৰৰ গুৰুত্ব নাই সেই কথা স্পষ্ট হৈ পৰিছে উচ্ছ ন্যায়ালয়ৰ মজিয়াত৷ আন কথা বাদেই, ১৯৬০ চনতে প্ৰণয়ন কৰা অসম চৰকাৰী ভাষা আইনৰ ৬৪ বছৰেও বিধি প্ৰণয়ন কৰিব নোৱাৰিলে বা নকৰিলে অসম চৰকাৰে৷ সন্দীপ চমৰীয়া নামৰ এজন অধিবক্তাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ ভিত্তিত ৰুজু কৰা ২৩/২০২৪ নম্বৰৰ গোচৰৰ শুনানিত উন্মোচিত হৈছে এই উদ্বেগজনক তথ্য৷ চৰকাৰী কাম-কাজতেই অসমীয়া ভাষা অৱহেলিত৷ অসম চৰকাৰে প্ৰায়বোৰ জাননী ইংৰাজীত প্ৰকাশ কৰি আহিছে৷ আনকি অসম চৰকাৰৰ অধীনস্থ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষয়ো অসমীয়া ভাষাক অৱজ্ঞা কৰি আহিছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ১৯৬০ চনৰ ১০ অক্টোবৰত বিধানসভাত অসম চৰকাৰী ভাষা বিধেয়ক উত্থাপন কৰে আৰু ইয়াক আইন হিচাবে প্ৰনয়ন কৰাত অৰিহনা যোগায়৷ এই আইনত বাংলা ভাষাৰ ব্যৱহাৰ নিৰ্দিষ্ট এলেকাত প্ৰয়োগৰ ব্যৱস্থা কৰা হয়৷ সময়ৰ অন্তৰালত ২০২০ চনত বড়ো ভাষাই নিৰ্দিষ্ট বডো প্ৰধান অঞ্চলসমূহত সহযোগী ভাষা হিচাপে মৰ্যাদা লাভ কৰে৷ শেহতীয়াকৈ অসমীয়া ভাষা শিক্ষণ আইন, ২০২০ প্ৰৱৰ্তন কৰাটো চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ য’ত অসমত থকা– প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষণ বাধ্যতামূলক কৰা হয়৷ দুৰ্ভাগ্যজনকভাৱে যদিও এই ভাষা অসমত এক ‘লিংগুৱা ফ্ৰাংকা’ আৰু ১.৫ কোটিতকৈ অধিক লোকে এই অসমীয়া ভাষা ব্যৱহাৰ কৰি আছে, তথাপি উক্ত ভাষাটোৱে আজিৰ সময়ত গুৰুতৰ ভাবুকিৰ সন্মুখীন হ’ব লগা হৈছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত প্ৰায় ৪৮.৩৮ শতাংশ লোকে অসমীয়া ভাষা কয়৷ এই হাৰ ২০০১ চনত আছিল ৪৮.৮০ শতাংশ আৰু ১৯৯১ চনত আছিল ৫৭.৮১ শতাংশ৷ বিচাৰপীঠে এইটো দেখি স্তম্ভিত হৈ পৰে যে অসম চৰকাৰী ভাষা আইন, ১৯৬০ ত চৰকাৰী আদেশ অধিসূচনা আইন আৰু অন্যান্য চৰকাৰী চিঠিপত্ৰ ইত্যাদিত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ব্যৱস্থা আছে যদিও বাস্তৱত ইয়াৰ ব্যৱহাৰ দেখা নাযায়৷ অসমীয়া ভাষা শিক্ষণ আইন, ২০২০ মতে অসমত অৱস্থিত সকলো বিদ্যালয়ত অসমীয়া ভাষা অধ্যয়নৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক, কিন্তু উক্ত ব্যৱস্থা এতিয়াও এই বিদ্যালয়সমূহত সেয়া হৈ উঠা নাই৷ অসমীয়া ভাষাৰ এটা বিশেষ সমস্যা হ’ল বেছিভাগ মধ্যবিত্ত আৰু উচ্ছবৰ্গৰ লোকে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অসমীয়া মাধ্যমক অৱহেলা কৰি, অসমীয়া মাধ্যমৰ বিদ্যালয়তকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ক অগ্ৰাধিকাৰ দিয়ে৷ আজিলৈকে অসম চৰকাৰে ভাষাৰ সুৰক্ষা তথা সম্প্ৰসাৰণৰ বাবে অন্য ৰাজ্যৰ দৰে ভাষা সুৰক্ষা সঞ্চালয়কালয় স্থাপন কৰিব পৰা নাই৷ অসম চৰকাৰী ভাষা আইন, ১৯৬০ তথা অসমীয়া ভাষা শিক্ষণ আইন, ২০২০ৰ বাবে প্ৰয়োজনীয় বিধি প্ৰস্তুত কৰিব পৰা নাই৷ উচ্ছ ন্যায়ালয়ত উক্ত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ গোচৰত উভয়পক্ষৰ যুক্তি শুনাৰ অন্তত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে অসম চৰকাৰ তথা অন্য প্ৰতিপক্ষলৈ জাননী জাৰি কৰি তেওঁলোকক লিখিতভাৱে স্থিতি জনাবলৈ নিৰ্দেশ দিয়ে৷ উক্ত গোচৰ সন্দৰ্ভত ২৮ জুনত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে৷