Logo
image

কাছাৰ, কাৰ্বি আংলঙত ৫০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ , ৫ জনক আটক

ডিজিটেল ডেস্ক: অসম আৰক্ষীয়ে কাছাৰ আৰু কাৰ্বি আংলং জিলাৰ পৰা কেইবা কোটি টকাৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত পাঁচজনক আটক কৰিছে আৰক্ষীয়ে। দেওবাৰে কাছাৰৰ লখিপুৰ অঞ্চলত ১.৮০ লাখ নিচাযুক্ত টেবলেটসহ তিনিজন লোকক আটক কৰা হয়। আৰক্ষীয়ে জনোৱা মতে জব্দ কৰা টেবলেটৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ কোটি টকা। আটক কৰা তিনিজন ক্ৰমে কাছাৰ জিলাৰ বাসিন্দা আব্দুল ছাইদ, ইবাজুৰ ৰহমান আৰু সমীৰ আলম। কাছাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, প্ৰাৰম্ভিক তদন্ত অনুসৰি আব্দুল ছাইদে চুবুৰীয়া মণিপুৰ ৰাজ্যৰ চুৰাচান্দপুৰ জিলাৰ পৰা টেবলেটসমূহ আনিছিল। উদ্দেশ্য আছিল বিদেশলৈ চোৰাংভাৱে লৈ যোৱা। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে আন এক ঘটনাত আৰক্ষী আৰু চি আৰ পি এফে চলোৱা যৌথ অভিযানত দেওবাৰে কাৰ্বি আংলং জিলাত চাৰি কুইণ্টল গাঞ্জা সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰে। লগতে দুজন দুই সৰবৰাহকাৰীক আটক কৰিছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে।