Logo
image

অসমত ৪খন আসন লাভ কৰিব কংগ্ৰেছেঃ দেবব্ৰত শইকীয়া

'আমাৰ অসম'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭মে’: লোকসভা নিৰ্বাচনত ৰাজ্যৰ ১৪খন আসনৰ ভিতৰত ৪খন আসন কংগ্ৰেছে লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই৷

তেওঁ দাবী কৰা অনুসৰি, যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জয় লাভ কৰাটো এশ শতাংশই নিশ্চিত৷ তদুপৰি নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জতো কংগ্ৰেছ প্ৰাৰ্থীয়ে জয় লাভ কৰিব৷ উল্লেখযোগ্য যে শনিবাৰে পুৱা দেবব্ৰত শইকীয়াই তেজপুৰৰ মহাভৈৰব মন্দিৰ দৰ্শন কৰাৰ লগতে দলীয় কৰ্মীৰ সৈতে চাহমেলত মিলিত হয়৷ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি প্ৰমুখ্যে একাংশ দলীয় নেতাকৰ্মীৰ সৈতে মহাভৈৰৱ মন্দিৰত সেৱা আগবঢ়াই শইকীয়াই৷


ইয়াৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত সৰ্বসাধাৰণে বিজেপিক প্ৰত্যাখ্যান কৰা বুলি কয়৷ তেওঁ কয় যে এইবাৰ বিভিন্ন কাৰণত ৰাইজে বিজেপিক প্ৰত্যাখান কৰি কংগ্ৰেছক ভোট দিছে আৰু সেয়ে কংগ্ৰেছৰ সপক্ষে নিশ্চিতভাৱে নিৰ্বাচনৰ ফলাফল ভাল হ'ব৷ শইকীয়াই আনকি পূৰ্বে বিজেপিৰ দখলত থকা আসনো কংগ্ৰেছৰ দখললৈ আহিব বুলি মন্তব্য কৰে৷

ইপিনে ৰাজ্য চৰকাৰে সুৰা বিক্ৰীত অধিক গুৰুত্ব দিয়াকলৈ আক্ষেপ প্ৰকাশ কৰি কংগ্ৰেছ নেতা শইকীয়াই কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অন্য কাৰণত মহাত্মা গান্ধী বা সংবিধানৰ দোহাই দিয়ে৷ কিন্তু গান্ধীজীয়ে যে মাদকদ্ৰব্যৰ বিৰোধিতা কৰিছিল সেই কথা কিয় পাহৰি যায়৷

ইফালে, বিজেপি দলত অব্যাহত ন-পুৰণি বিজেপিৰ সংঘাত প্ৰসংগত শইকীয়াই কয় যে সকলো দলতে এনে পৰিস্থিতি হয়৷ কিন্তু বিজেপি, আৰ এছ এছৰ দৰে নীতি-আদৰ্শত থকা লোকসকলৰ লগত বাধ্যত পৰি তথা ভয়ত সেই দললৈ যোৱা লোকৰ মাজত এই সংঘাত হোৱাটো স্বাভাৱিক আৰু এই সংঘাত আগলৈও থাকিব৷ তেওঁ আৰু কয় যে বিজেপি দললৈ আন দলৰ পৰা ভালেসংখ্যক নেতা ভয়ত আৰু বাধ্যত পৰিহে গৈছে৷