Logo
image

বীয়েৰৰ বিকল্প হোকা

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ : ফিফাৰ সভাপতি জিয়ান্নি ইনফেণ্টিনোৱে ৩ ঘণ্টা বীয়েৰ নাখালেও জীয়াই থাকিব পাৰি বুলি কৰা মন্তব্যত কাতাৰলৈ অহা বিশ্বকাপৰ অনুৰাগীৰ মন মৰি গৈছিল৷ প্ৰতিখন বিশ্বকাপতে হাতত বীয়েৰৰ গিলাচ লৈ খেল উপভোগ কৰা ইউৰোপ, আমেৰিকা, লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ ফুটবল অনুৰাগীয়ে এইবাৰ বীয়েৰ অবিহনে কেনেদৰে গেলাৰীত আনন্দ উদযাপন কৰিব সেই লৈ চিন্তিত হৈ পৰিছিল৷ কিন্তু কাতাৰত সেই অনুৰাগীয়ে হঠাতে আৱিষ্কাৰ কৰিছে বীয়েৰৰ বিকল্প৷ আৰৱ দেশখনত সেই বিকল্পৰ নাম ছিছা– আমাৰ বাবে এই ছিছা হৈছে হোকা৷ মূলতঃ  ধঁপাতক পনীয়া ৰূপত ব্যৱহাৰ কৰি এডাল পাইপৰ সহায়ত গুৰুক গুৰুককৈ শব্দ কৰি  হুপি ধোঁৱা খোৱা এই ব্যৱস্থাটোকে হোকা বুলি কোৱা হয়৷ কাতাৰত বিভিন্ন ৰেস্তোৰাঁত হোকা খাবলৈ পোৱা যায়৷ তদুপৰি ঠায়ে ঠায়ে আছে হোকা বাৰ৷ এতিয়া ষ্টেডিয়ামত বীয়েৰ পান কৰিবলৈ নোপোৱা বিদেশৰ পৰা অহা ফুটবল অনুৰাগীয়ে বীয়েৰৰ বদলি হোকাত ধৰিছে৷ উল্লেখ্য সুৰা নিষিদ্ধ দেশখনত আচলতে কোনো স্থানতে বীয়েৰো পোৱা নাযায়৷ কেইখনমান পঞ্চতাৰকা হোটেলতহে সুৰা-বীয়েৰ বিক্ৰীৰ অনুমতি আছে৷ তাকো কাতাৰৰ নাগৰিকে সুৰা-বীয়েৰ খাব নোৱাৰে৷ বিদেশীৰ বাবেও সুৰা নিষিদ্ধ৷ সেয়ে এতিয়া বিশ্বকাপ উপভোগ কৰিবলৈ অহা বিদেশী অনুৰাগীয়ে হোকাত ধৰিছে৷ সকলো ৰেস্তোৰাঁ আৰু হোকাবাৰত এতিয়া বিদেশী অনুৰাগীয়ে হোকা লৈ মগ্ন হৈ পৰিছে৷ এই হোকাত বিভিন্ন সোৱাদৰ ধঁপাত পোৱা যায়৷ তাৰ সৈতে ফলৰ ৰস মিহলি কৰি ভিন ভিন ধৰণেৰে হোকা খাবলৈ আগবঢ়াই দিয়া হয়৷ বিদেশৰ পৰা অনুৰাগীয়ে এতিয়া হোকা পাই বীয়েৰ পাহৰি গৈছে৷ 
ইপিনে কাতাৰ বিশ্বকাপলৈ ইংলেণ্ডৰ পৰা জাহাজেৰে অনা হাজাৰ হাজাৰ বীয়েৰৰ বটল চেম্পিয়ন হোৱা দেশখনলৈ পঠিয়াই দিয়াৰ সিদ্ধান্ত লৈছে বাডৱাইজাৰ নামৰ কোম্পানীটোৱে৷ এই কোম্পানীটো বিশ্বকাপ ফুটবলৰ মূল স্পনছৰ আছিল৷ হঠাতে ৰজাই এইবাৰ বিশ্বকাপত বীয়েৰ নিষিদ্ধ বুলি দুদিন পূৰ্বে ঘোষণা কৰাত বাডৱাইজাৰ কোম্পানী বিপদত পৰে৷ তেওঁলোকৰ কেইবাশ কোটি টকা ক্ষতি হয়৷  অহা বিশ্বকাপতো তেওঁলোক আছিল মূল চেম্পিয়ন৷ কোম্পানীটোৱে এইবাৰ হোৱা ক্ষতিপূৰণ কৰিবলৈ অহাবাৰ দিবলগীয়া ধনৰ পৰা ৪০ নিযুত মাৰ্কিন ডলাৰ কৰ্তন কৰিব৷ ভাৰতীয় মুদ্ৰাত সেই সংখ্যা ৩০০ কোটি টকাৰো অধিক৷ ফিফাই এই ক্ষতি স্বীকাৰ কৰি লৈছে৷