Logo
image

এমাহত শতাধিক ব্ৰিটেইনফেৰৎ নামিল বৰঝাৰত, সন্ধান বিচাৰিছে স্বাস্থ্য দপ্তৰে

  •  লণ্ডনৰ পৰা অহা যাত্ৰীৰ লাইনেজ বি-১১৭ সংক্ৰমণ ধৰা পৰিল গুৱাহাটীত
  • মহিলা যাত্ৰীৰ পলায়ন 
  • ৰাজ্যত ক’ভিড বিধিৰ কোনো অস্তিত্বই নাই

আমাৰ অসম, ২৫ ডিচেম্বৰঃ বৃটেইনৰ নতুন কৰ’নাৰ ষ্ট্ৰেইন [প্ৰজাতি] ‘লাইনেজ বি-১১৭’এ সমগ্ৰ ভাৰততে আতংকৰ সৃষ্টি কৰিছে৷ বিগত এবছৰত কৰ’না ভাইৰাছৰ ১৪টা মিউটেশ্বন বা বিৱৰ্তনৰ পাছত সৃষ্টি হোৱা নতুন প্ৰজাতি ভাইৰাছবিধ অধিক শক্তিশালী হিচাপে চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে ভাৰত চৰকাৰে বৃটেইন পৰা ভাৰতলৈ আহিবলগীয়া সকলো বিমান যাত্ৰা বাতিল ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে এই তৎপৰতা গ্ৰহণ কৰিলেও ২১ ডিচেম্বৰৰ ভিতৰত লণ্ডনৰ পৰা ভাৰতত আহি উপস্থিত হৈছে বহু যাত্ৰী৷ ইয়াৰ বৃহৎসংখ্যক যাত্ৰী গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ বিমানবন্দৰ কতৃৰ্পক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত ২৫ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ প্ৰায় এমাহত বৃটেইনৰ পৰা বিমানযোগে অসমলৈ আহিছে ১০১জন যাত্ৰী৷ এইসকল যাত্ৰীৰ ভিতৰত ৭১জন যাত্ৰী গুৱাহাটীৰ৷ উদ্বেগজনকভাৱে ২১ ডিচেম্বৰত বৃটেইনৰ পৰা গুৱাহাটীৰ বিমানবন্দৰত আহি অৱতৰণ কৰা এগৰাকী মহিলা যাত্ৰীৰ দেহত নতুন প্ৰজাতিৰ মাৰাত্মক ভাইৰাছ বিধৰ উপস্থিতি ধৰা পৰা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ লণ্ডনত কৰ্মৰত  মহিলাগৰাকী বৰ্তমান জি এম চি এইছৰ আছুতীয়া কক্ষত চিকিৎসা প্ৰদান কৰি থকা বুলিও জানিব পৰা গৈছে৷ আশ্চৰ্যজনকভাৱে লণ্ডনৰ পৰা মহিলা যাত্ৰীগৰাকীয়ে দেহত ক’ভিড লক্ষণে দেখা দিয়াৰ পাছতে পলায়নৰ চেষ্টা কৰিছিল যদিও বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে মহিলাগৰাকীৰ সন্ধান উলিয়াই হাস্পতালত ভৰ্তি কৰিবলৈ সক্ষম হয়৷ স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰা মতে, মহিলাগৰাকীয়ে গুৱাহাটীৰ ঘৰৰ পৰা ৰে’লেৰে পলায়ন কৰিছিল৷ ৰে’লত বিভিন্নজন লোকৰ সংস্পৰ্শলৈ আহিছিল ক’ভিড আক্ৰান্ত মহিলাগৰাকী৷ স্বাভাৱিকতেই মহিলাগৰাকীৰ দেহৰ পৰা সংস্পৰ্শলৈ অহা লোকলৈ ক’ভিড সংক্ৰমণ হোৱাৰ আশংকা কৰিছে চিকিৎসকসকলে৷ লক্ষণীয়ভাৱে বৃটেইনৰ পৰা অহা যাত্ৰীসকলে দিল্লী, মুম্বাই, কলকাতা আদি বিমানবন্দৰ হৈ অসমলৈ আহিছে৷ উদ্বেগজনক বিষয়টো হৈছে কেন্দ্ৰীয় চৰকাৰে নতুন প্ৰজাতিৰ কৰ’না ভাইৰাছক লৈ বিশেষ তৎপৰতা গ্ৰহণ কৰাৰ সময়তে অসমত স্বাস্থ্য বিভাগৰ ক’ভিড বিধি নাগৰিকৰ বাবে দুৰ্বোধ্য হৈ পৰিছে৷ প্ৰায় এমাহত শতাধিক যাত্ৰী অসমত প্ৰৱেশ কৰিলে যদিও শেহতীয়াকৈ ৰাজ্যত ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে শিথিল কৰি দিয়াহে দেখা গৈছে৷ ক’ভিড বিধি শিথিলকৰণে এনে পৰ্যায় পালেগৈ যে বিমানবন্দৰতো যাত্ৰীক স্বাস্থ্য পৰীক্ষাক লৈ গুৰুত্ব দিয়া নাছিল৷ অসমত লণ্ডনফেৰৎ বৃহৎসংখ্যক যাত্ৰী প্ৰৱেশ কৰি সাধাৰণ লোকৰ সংস্পৰ্শলৈ অহাত এতিয়া কেন্দ্ৰৰ নিৰ্দেশত হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগৰ৷ দিল্লী চৰকাৰে বৃটেইনৰ পৰা অহা যাত্ৰীৰ কোৱাৰেণ্টীন আৰু আৰটি-পিচিআৰ টেষ্ট বাধ্যতামূলক কৰাৰ পাছতহে অসম চৰকাৰৰ নিদ্ৰাভংগ হৈছে৷ যাৰ ফলত স্বাস্থ্য বিভাগে বৃটেইনৰ পৰা অহা যাত্ৰীসকলৰ তথ্য বিচাৰি হাবাথুৰি খোৱা দেখা গৈছে৷ সংশ্লিষ্ট যাত্ৰীসকলৰ ফোন নম্বৰ সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে যোগাযোগ কৰিবলৈ বাধ্য হৈছে৷ বিদেশৰ পৰা অহা যাত্ৰীসকলক স্বাস্থ্য বিভাগে কোৱাৰেণ্টীনত থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰো তথ্য সংগ্ৰহ কৰিছে৷ চিন্তাজনক বিষয়টো হৈছে বিদেশফেৰৎ ১০১জন যাত্ৰীৰ ভিতৰত ৬৭জন যাত্ৰীৰহে সন্ধান উলিয়াবলৈ সক্ষম হৈছে  স্বাস্থ্য বিভাগে৷ বাকীসকলৰ বৰ্তমানলৈও যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই৷ স্বাস্থ্য বিভাগে এইসকল যাত্ৰী আৰু যাত্ৰীসকলৰ সংস্পশলৈ অহা লোকসকলক জ্বৰ, কাহ আদি লক্ষণে দেখা দিলেহে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনোৱা দেখা গৈছে৷ সম্প্ৰতি বৃটেইনৰ পৰা ভাৰতলৈ অহা দিল্লী, পঞ্জাব, কলকাতা, চেন্নাই আৰু গুৱাহাটীৰ প্ৰায় ২৩জন যাত্ৰীৰ দেহত নতুন প্ৰজাতিৰ ভাইৰাছ বিধ ধৰা পৰিছে৷ ইউৰোপিয়ান চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে ১৪টা বিৱৰ্তনৰ ফলত সৃষ্টি হোৱা নতুন প্ৰজাতিৰ ভাইৰাছ বিধ পূৰ্বৰ কৰ’না ভাইৰাছৰ তুলনাত ৭০ গুণ অধিক শক্তিশালী বুলি ঘোষণা কৰিছে৷ ইপিনে, একাংশ বিশেষজ্ঞই দাবী কৰা মতে কৰ’নাৰ নতুন ‘ষ্ট্ৰেইন’ আৰটি-পিচিআৰ বা ৰেপিড এণ্টিজেন টেষ্টত ধৰা নপৰিব পাৰে৷ জাৰ্মানীৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানী বায়’এনটেক আৰু আমেৰিকাৰ ফাইজাৰে মিলি প্ৰস্তুত কৰা প্ৰতিষেধকে নতুন প্ৰজাতিৰ ভাইৰাছবিধৰ প্ৰতিৰোধত কাৰ্যক্ষম হ’বনে নাই, এই লৈ সন্দেহ প্ৰকাশ কৰিছে৷ স্বাভাৱিকতেই প্ৰতিষেধকে ভাইৰাছক প্ৰতিৰোধ কৰিব নোৱাৰিলে সমগ্ৰ বিশ্বতে পুনৰ ভয়াৱহ ৰূপ লোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে৷ এনে এক বিপজ্জনক পৰিস্থিতিৰ অশনি সংকেত লাভ কৰাৰ পাছতো ৰাজ্য চৰকাৰে বা স্বাস্থ্য বিভাগৰ অলপো গা লৰা পৰিলক্ষিত হোৱা নাই৷ সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত স্বয়ং স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাখ লাখ লোকে ক’ভিড বিধি উলংঘনেৰে নিৰ্বাচনী সভাত অংশ লোৱা দেখা গ’ল৷ তিৱা পৰিষদীয় নিৰ্বাচনতো ক’ভিড প্ৰট’কল মাটিৰ সৈতে মিলিত হৈ পৰিল৷ শাসকীয় ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাতে সামাজিক দূৰত্ব, মাস্ক পৰিধান নকৰাকৈ ৰাইজে সভাসমূহত ভিৰ কৰিলে৷ বিজেপিৰ সমান্তৰালভাৱে অগপ, কংগ্ৰেছ, নৱগঠিত এজেপি আৰু ৰাইজৰ দলেও বৃহৎসংখ্যক লোকৰ উপস্থিতিত সমদল, শোভাযাত্ৰা বাহিৰ কৰিছে৷ কেৱল ইমানেই নহয়, শ শ নেতা-কৰ্মীৰ উপস্থিতিত বৰাকত বিজেপি দলে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে৷ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত বৃহৎসংখ্যক লোক একেলগে সমৱেত হৈ ক’ভিড প্ৰট’কল ভংগ কৰিছে যদিও কোনো উপলব্ধিয়েই কৰা নাই৷ মাথোঁ সিমানেই নহয়, ২৬ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ যিগৰাকী মন্ত্ৰী নিজেও ক’ভিডত আক্ৰান্ত হৈছে, সেইগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে ২০ হাজাৰ বয়োজ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অংশ ল’ব ৰাজ্য চৰকাৰৰ কাৰ্যসূচীত৷ এইখিনিতে প্ৰশ্ন উঠিছে, ৰাজ্য চৰকাৰৰ এটা কাৰ্যসূচীত হাজাৰ হাজাৰ মানুহক একলগ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সভা অনুষ্ঠিত কৰাৰ জৰুৰী আছেনে? কিয়নো নামঘৰ সমূহলৈ অনুদান বিতৰণৰ এটা কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ গৃহমন্ত্ৰীৰ অনুষ্ঠানলৈ ৰাজ্যৰ ৭ হাজাৰ নামঘৰৰ ১৪ হাজাৰ প্ৰতিনিধিক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰলৈ অনা হ’ব৷ এইসকল লোকক চৰকাৰী বাছেৰে আনি হাতত অনুদান তুলি দিয়া হ’ব৷ নামঘৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপ আদৰণীয় যদিও কৰ’নাকালত এনে বিলাসৰ যুক্তি ক’ত? বৰ্তমান ডিজিটেল ব্যৱস্থাক গুৰুত্ব দিয়াৰ সময়ত অনলাইনযোগে অৰ্থাৎ বিভিন্ন ডিজিটেল প্লেটফৰ্মত অনুদান বিতৰণ কৰাৰ সুযোগ আছিল৷ তাকে নকৰি হাজাৰ হাজাৰ বৃদ্ধ প্ৰতিনিধিক স্বাস্থ্যবিধি উলংঘনেৰে সমৱেত কৰাৰ প্ৰকৃত উদ্দেশ্য কি সেয়া বুজিবলৈ আৰু কাৰোৰে বাকী নাই৷ তাতো এইসকল প্ৰতিনিধিক বিপজ্জনকভাৱে চৰকাৰী খৰচত হোটেলত ৰখা হ’ব৷ এক কথাত যুক্তিহীনভাৱে মানুহক একগোট কৰি চৰকাৰী ধনৰহে শৰাধ কৰিব৷ কেৱল এয়াই নহয়, অনাগত দহটা দিনত চৰকাৰে বৃহৎসংখ্যক লোকৰ উপস্থিতিত কেইবাখনো সভা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে৷ ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে, চৰকাৰে এতিয়াও ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাক উপলব্ধি কৰা নাই৷ আনহাতে, স্বাস্থ্যমন্ত্ৰীয়ে পহিলা জানুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে৷ এনে ক’ভিডসৃষ্ট পৰিস্থিতিত শিক্ষানুষ্ঠান খোলাত চৰকাৰক স্বাস্থ্য বিভাগে সতৰ্কতা আৰোপ কৰাটো প্ৰয়োজনীয় আছিল৷ যাতে যিকোনো ভুল সিদ্ধান্তৰ বাবে পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লৈ ছাত্ৰ-ছাত্ৰীৰ আকৌ এটা শিক্ষাবৰ্ষ নষ্ট নহয়৷