Logo
image

আকৌ আহিল ক'ভিড : এদিনতে ৩০ হাজাৰৰো অধিক লোক ক'ভিড পজিটিভ

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে ক'ভিড মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ক'ভিডে প্ৰাণ কাঢ়িলে বহু লাখ লাখ লোক৷ ৰঙা চীনত প্ৰাদুৰ্ভাৱ ঘটা ক'ভিডৰ পৰা এতিয়াও কিন্তু মুক্ত হোৱা নাই বিশ্ব৷ ক'ভিডৰ উৎপত্তি হোৱা ৰঙা চীন পুনৰ ক'ভিডৰ ত্ৰাস৷ চীনত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা। এদিনতে ক'ভিড আক্ৰান্তৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে। মাত্ৰ এটা দিনতে দেশখনত ক'ভিডত আক্ৰান্ত হ'ল ৩১,৪৫৪ জন লোক। 

ইফালে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চীনৰ ঝেংঝৌত লকডাউন ঘোষণা কৰাৰ পিছত বুধবাৰে আইফোন ফেক্টৰীৰ শ্ৰমিকৰ দৰমহাৰ বাবে শ্ৰমিক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰো সৃষ্টি হয়।

চীনৰ নেশ্যনেল হেল্থ ব্যুৰোৰ তথ্য অনুসৰি এদিনতে ৩০ হাজাৰৰো অধিক লোক ক'ভিড পজিটিভ হোৱাৰ পাছত চীন চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ক'ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ চীন চৰকাৰে লকডাউন কঠোৰ কৰাৰ উপৰিও ক'ভিড পৰীক্ষণ আৰু টিকাকৰণ ক্ষিপ্ৰ কৰি তুলিছে। সমগ্ৰ দেশতে চীনে জাৰি কৰিছে Zero Covid Policy৷  শূন্য ক'ভিড নীতিৰ অধীনত ক'ভিড আক্ৰান্তৰ সংখ্যা কম হোৱা চৰৰতো লকডাউন ঘোষণা কৰা হয়৷ লগতে ক'ভিড সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলক কঠোৰভাৱে নিৰীক্ষণ কৰা হয়৷ ক শূন্য ক'ভিড নীতিৰ ফলত সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। চীনৰ কোনো কোনো অঞ্চলত প্ৰতিবাদৰো সৃষ্টি হৈছে৷