Logo
image

স্বাধীনতা বিচাৰিছে চীনৰ জনতাই : ৰাষ্ট্ৰপতিৰ ঝি জিনপিঙৰ পদত্যাগৰ দাবী

ডিজিটেল ডেস্ক : চীনত আৰম্ভ হৈছে স্বাধীনতাৰ বাবে প্ৰতিবাদ৷ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ পদত্যাৰ দাবী জনাইছে চীনৰ জনতাই৷ দেওবাৰে পুৱা ছাংহাইত হাজাৰ হাজাৰ নাগৰিক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ চীনৰ বিভিন্ন অঞ্চলৰ পৰা অহা লোকে ছাংহাইত একগোট হৈ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ কৰাৰ লগতে চীনা কমিউনিষ্ট পাৰ্টি মুৰ্দাবাদ, আমি স্বাধীনতা বিচাৰো আদি শ্ল'গান দিয়ে। কেৱল ৰাজপথতেই নহয়, চীনা ৰাষ্ট্ৰপতিৰ পদত্যাৰ দাবীৰে ছ'চিয়েল মিডিয়াতো আৰম্ভ হৈছে প্ৰতিবাদ৷

উল্লেখ্য যে বৃহস্পতিবাৰে জিনজিয়াং অঞ্চলৰ ৰাজধানী উৰুমকীৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত দহজনকৈ লোক নিহত হয়৷ এই অগ্নিকাণ্ড পাছতে চীনত আৰম্ভ হৈছে প্ৰতিবাদ।কিয়নো ক'ভিডৰ বাবে আংশিকভাৱে বন্ধ কৰি ৰখা হৈছিল অট্টালিকাটো৷ যাৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোত আৱদ্ধ হৈ থকা লোকসকল বাহিৰলৈ ওলাবলৈ অসমৰ্থ হয় আৰু দহজনকৈ লোকৰ প্ৰাণ গ'ল অগ্নিকাণ্ডত৷ এই ঘটনাৰ পিছতে শনিবাৰে নিশা ছাংহাইৰ ভালুমুকি ৰোডত শ শ লোক একত্ৰিত হয় আৰু দেওবাৰে ছাংহাইৰ এই অঞ্চল প্ৰতিবাদলৈ পৰিণত হৈছিল। ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ'ত ছাংহাইৰ জনতাই লকডাউন প্ৰত্যাহাৰ কৰা, চীনা ৰাষ্ট্ৰপতিৰ পদত্যাগৰ শ্ল'গান দিয়া দেখিবলৈ পোৱা গৈছে৷ 

ক'ভিডৰ বাবে চীনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ দৈনিক ৩০ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক'ভিডত৷ ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ চীনতে শূন্য ক'ভিড নীতি জাৰি কৰিছে চৰকাৰে৷ ৰাষ্ট্ৰপতি ঝি জিনপিঙে শূন্য কোভিড নীতিক জীৱন ৰক্ষাকাৰী আৰু স্বাস্থ্য সেৱা প্ৰণালীৰ বিধ্বস্ত হোৱাৰ পৰা প্ৰতিহত কৰাৰ বাবে এক প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰিছে। ছ'চিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ হোৱা ছাংহাইৰ ভিডিঅ'বোৰত প্ৰতিবাদকাৰী আৰক্ষীৰ মুখামুখি হোৱাৰ লগতে এই ক'ভিড নীতিৰ বিৰুদ্ধে প্ৰতিবাদকাৰীয়ে 'মানুহৰ সেৱা কৰক', 'আমি স্বাধীনতা বিচাৰো' আদি শ্ল'গান দিয়া দেখা গৈছে৷