Logo
image

ইৰান-আমেৰিকাৰ মাজত উত্তেজনা চৰমত

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰঃ কাতাৰত চলি বিশ্বকাপ ফুটবলৰ মাজতে আমেৰিকা আৰু ইৰানৰ মাজত আৰম্ভ হ’ল ৰাজনৈতিক সংঘাত৷ উভয় দেশৰ মাজত সাম্প্ৰতিক সম্পৰ্ক কেৱল শীতলেই নহয়, দুয়োখন দেশ পৰস্পৰৰ প্ৰতি শত্ৰুভাৱাপন্নও৷ সেই শত্ৰুতা বিশ্বকাপৰ মাজত প্ৰতিফলিত হোৱাত কাতাৰ বিশ্বকাপত কলংকৰ দাগ লাগিছে৷ ইৰানৰ সাংবাদিকৰ অবাঞ্চিত প্ৰশ্ন উত্তৰ নিদিয়াকৈ আমেৰিকাৰ ফুটবলাৰে সংবাদমেল ত্যাগ কৰিছে৷ আনহাতে আমেৰিকাৰ ফুটবল ফেডাৰেছনে কৰা অসন্মানজনক কাৰ্যৰ বাবে ইৰানে আমেৰিকাৰ ফুটবল দলটোক ফিফাৰ নিয়মৰ    আধাৰত ১০খন মেচৰ পৰা নিলম্বিত কৰিবলৈ ফুটবলৰ সৰ্বোচ্ছ সংস্থাটোক আহ৩ান জনাইছে৷ বিশ্বকাপৰ মাজতে দুয়োখন দেশৰ এই শত্ৰুতাইপ্ৰৱল ৰাজনৈতিক সংঘাতৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে৷ বিধিৰ কি বিপাক, বৈৰী দুয়োখন দেশৰ ফুটবল দল দুটা আছে কাতাৰ বিশ্বকাপত ‘বি’ গ্ৰুপত একেলগে৷ এতিয়ালৈকে দুই শত্ৰু দেশ খেলপথাৰত মুখামুখি হোৱা নাই৷ কিন্তু তাৰ পূৰ্বেই ৰাজনৈতিক শত্ৰুতা চৰমত উঠিছে৷ ইৰানৰ জাতীয় পতাকা বিকৃত কৰাৰ অভিযোগ তুলি দেশখনে আমেৰিকাক ১০ খন মেচৰ বাবে নিৰ্বাসিত কৰাৰ দাবী তুলিছে৷ উল্লেখ্য, আমেৰিকাৰ ফুটবল ফেডাৰেছনে ছ’চিয়েল মিডিয়াত ইৰানৰ জাতীয় পতাকাৰ বিকৃত ছবি প্ৰকাশ কৰিছে৷ জাতীয় পতাকাত থকা ইৰানৰ ৰাষ্ট্ৰীয় প্ৰতীক মোহাৰি দি আমেৰিকা ফুটবল ফেডাৰেছনে সেই ফটোখন ছ’চিয়েল মিডিয়াত আপলোড কৰি তাত লিখিছে– ইৰানৰ মহিলাসকলে সাধাৰণ মানৱীয় অধিকাৰৰ বাবে যি যুদ্ধ চলাই আছে, আমি তেওঁলোকৰ কাষত আছো৷ এই বিষয়টো চকুত পৰাৰ লগে লগে ইৰান ফুটবল ফেডাৰেছন সক্ৰিয় হৈ পৰে৷ তেওঁলোকে বিষয়টো ফিফাৰ এথিক্‌ছ কমিটীৰ ওচৰত  অভিযোগ হিচাপে দাখিল কৰিছে৷ অভিযোগ পত্ৰত ইৰাণ ফুটবল ফেডাৰেছনে লিখিছে যে, ফিফাৰ আইনৰ ১৩ নম্বৰ ধাৰাত কোৱা হৈছে, কোনো ব্যক্তি বা কোনো দেশৰ মৰ্যাদা বা অখণ্ডতাত আঘাত কৰিলে সেই দেশৰ ফুটবল দলটোক দহখন মেচৰ বাবে বা এটা নিৰ্দিষ্ট সময়ৰ বাবে ফুটবলৰ পৰা নিৰ্বাসিত কৰা হ’ব৷ অথবা সেই দেশৰ ফুটবল দলটোক আন গুৰুতৰ শাস্তিও প্ৰদান কৰা হ’ব৷ ইৰান ফুটবল ফেডাৰেছনৰ দাবী স্বয়ং আমেৰিকা ফুটবল ফেডাৰছনেই তেওঁলোকৰ জাতীয় পতাকাত বিকৃতভাৱে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি দেশখনৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ সেয়ে ফিফাৰ উক্ত ১৩ নম্বৰ আইনৰ অধীনত আমেৰিকাৰ ফুটবল দলটোক ১০ খন মেচৰ পৰা নিৰ্বাসিত কৰিব লাগে আৰু এই শাস্তি চলিত বিশ্বকাপৰ মাজতে গ্ৰহণ কৰিব লাগে৷ উল্লেখ্য ইৰানৰ জাতীয় পতাকাৰ মাজত তেওঁলোকৰ জাতীয় প্ৰতীক সংলগ্ন কৰা হয় ১৯৮০ চনত৷ চাৰিটা বন্ধনীৰ মাজত থকা এখন তৰোৱাল হৈছে দেশখনৰ জাতীয় প্ৰতীক৷ আমেৰিকা ফুটবল ফেডাৰেছনে এই জাতীয় প্ৰতীক আঁতৰাই ইৰানৰ জাতীয় পতাকাৰ  ফটো প্ৰকাশ কৰিছে৷ 

ইপিনে ইৰানৰ এজন সাংবাদিকে আমেৰিকা ফুটবল দলৰ সাংবাদিক বৈঠকত উপস্থিত থাকি এটা প্ৰশ্নৰে বিতৰ্কৰ সৃষ্টি কৰে৷ সাংবাদিক বৈঠকখনত ইৰানৰ সাংবাদিক ছেৰভিন তাহেৰিয়ে আমেৰিকাৰ দুই ফুটবলাৰ ক্ৰমে টিম ৰিয়াম আৰু ৱাকাৰ জিমেৰমেনক ইৰানৰ মানৱাধিকাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰশ্ন কৰে৷ ইৰানত চলি থকা হিজাব বিৰোধী প্ৰতিবাদ সন্দৰ্ভত তেওঁলোকৰ মতামত কি সেয়া ইৰানৰ সাংবাদিকজনে জানিবলৈ বিচাৰে৷ ফুটবলাৰক বিশ্বকাপৰ মাজত মেচ সম্বন্ধীয় প্ৰশ্নৰ বাহিৰে আন প্ৰশ্ন কৰিব নালাগে বুলি সাংবাদিক তাহেৰিক জনোৱা সত্ত্বেও তেওঁ বাৰম্বাৰ আমেৰিকাৰ ফুটবলাৰ দুজনৰ পৰা বাৰম্বাৰ উত্তৰ বিচাৰি হেঁচা প্ৰয়োগ কৰে৷ এনে পৰিস্থিতিত আমেৰিকাৰ দুয়োজন ফুটবলাৰে সংবাদমেল ত্যাগ কৰি আঁতৰি যায়৷ ফলত ফিফাই সেই সাংবাদিক মেলখন আধাতে বন্ধ কৰিবলৈ বাধ্য হয়৷ ফিফাৰ নিয়ম অনুসৰিও প্ৰতিযোগিতা চলি থকা অৱস্থাত মেচৰ পূৰ্বে আৰু মেচৰ শেষত অনুষ্ঠিত সংবাদমেলত উপস্থিত থকা খেলুৱৈক খেল সম্পৰ্কীয় প্ৰশ্নহে কৰিব পাৰি৷ অৱশ্যে ৰসবোধ থকা পাৰিবাৰিক বা অন্যান্য প্ৰশ্নৰো এনে সাংবাদিক মেলত অৱতাৰণা হোৱা দেখা যায়৷ তেনে ক্ষেত্ৰত কোনো খেলুৱৈয়ে প্ৰায়ে আপত্তি নকৰে৷ কিন্তু এনেধৰণৰ বিতৰ্কিত বিষয়ৰ ক্ষেত্ৰত খেলুৱৈয়ে, তাকো প্ৰতিযোগিতাৰ মাজত অনুষ্ঠিত সংবাদমেলত উত্তৰ নিদিয়াই স্বাভাৱিক৷ পিছে ইৰানৰ সাংবাদিক তাহেৰিয়ে অবাঞ্চিত ৰাজনৈতিক বা মানৱাধিকাৰ সম্পৰ্কীয় প্ৰশ্নৰে বিব্ৰত কৰাত দুয়োজন ফুটবলাৰেই সংবাদমেল ত্যাগ কৰি আঁতৰি যাবলৈ বাধ্য হয়৷ লগে লগে আমেৰিকা ফুটবল দলটোৰ ‘ডাইৰেক্ট অৱ কমিউনিকেশ্বন’ মাইকেল কেমাৰমেনে সংবাদমেলখন আধাতে বন্ধ কৰি  দিয়ে৷ এই দুয়োটা ঘটনাই কাতাৰ বিশ্বকাপত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷ কিয়নো আমেৰিকাৰ ফুটবল দলটোৰ বিৰুদ্ধে ইৰান ফুটবল ফেডাৰেছনে জাতীয় অখণ্ডতাৰ  প্ৰতি ভাবুকি তোলা বুলি যি অভিযোগ কৰিছে সেই অভিযোগ অনেকেই ন্যায্য বুলি মত দিছে৷ যদিহে ফিফাই তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে আমেৰিকা ফুটবল দলটো চলিত বিশ্বকাপৰ মাজতে  নিৰ্বাসিত হ’ব পাৰে৷