Logo
image

‘কাশ্মীৰ ফাইল্‌ছ’ অযোগ্য-অমাৰ্জিত!

ডিজিটেল ডেস্ক : ভাৰতৰ দৰে শক্তিশালী আৰু প্ৰভাৱশালী দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাল বুলি কোৱা এখন ভাৰতী ছবিক ইজৰাইলৰ এজন ছবি সমালোচক, পৰিচালকে অমাৰ্জিত, প্ৰচাৰধৰ্মী বুলি কৰা সমালোচনাত পুনৰ ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিতৰ্ক আৰম্ভ হৈছে৷ গোৱাত অনুষ্ঠিত ‘ইণ্ডিয়া ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ৰ [আই আই এফ আই] প্ৰতিযোগিতা শাখাত ভাগ লৈছিল বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ  ফাইলছ’ ছবিখনে৷ যোৱা ২২ নৱেম্বৰত ভাৰতীয় পেনোৰমা শাখাত ছবিখন প্ৰদৰ্শন কৰা হৈছিল৷ পিছে এই চলচ্ছিত্ৰ মহোৎসবৰ জুৰীৰ অধ্যক্ষ, ইজৰাইলৰ লাপিড নাডাভে ‘দ্য কাশ্মীৰ ফাইলছ’ এনে মানবিশিষ্ট চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ অযোগ্য বুলি কৈ ভাৰতীয় ছবিখনক অমাৰ্জিত আৰু ‘প্ৰপাগাণ্ডা’ বুলি অভিহিত কৰে৷ জুৰীৰ অধ্যক্ষ নাডাভৰ এই মন্তব্যৰ পাছতে ছবিখনৰ মূল অভিনেতা অনুপম খেৰ, পৰিচালক-কাহিনীকাৰ বিবেক অগ্নিহোত্ৰীয়ে তাৎক্ষণিক আৰু কঠোৰ ভাষাৰে নাডাভৰ মন্তব্যৰ প্ৰতিবাদ কৰে৷ ইপিনে ছ’চিয়েল মিডিয়া দ্বিধবাবিভক্ত হৈ নেটিজেনসকল তুমুল বাকবিতণ্ডাত লিপ্ত হয় আৰু এই ঘটনাই ভাৰত আৰু ইজৰাইলৰ মাজৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত কৰাৰ আশংকা কৰি ইজৰাইলৰ বৈদেশিক মন্ত্ৰণালয় ক্ষতিসাধন সংশোধন কৰাত জপিয়াই পৰে৷ ভাৰতত থকা ইজৰাইলৰ কনছাল জেনেৰেল কবি শ্ব’ছানিয়ে ইজৰাইলী ছবি নিৰ্মাতা লাপিত নাডাভৰ বক্তব্য চৰকাৰী বক্তব্য নহয়, বৰং পৰিচালকজনৰ ব্যক্তিগত অনুভৱহে বুলি কৈ টেলিফোনত ক্ষমা বিছৰাৰ লগতে অভিনেতা অনুপম খেৰক সাক্ষাৎ কৰিও ক্ষমা প্ৰাৰ্থনা কৰে৷ আনহাতে ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত নায়োৰ গিলনে প্ৰথমে টুইটাৰ আৰু পাছত এখন মুকলি পত্ৰ লিখি ভাৰতৰ ওচৰত নাডাভৰ এই বক্তব্যৰ বাবে ক্ষমা বিচাৰে৷ একাধিক টুইটত ৰাষ্ট্ৰদূত গিলনে নিজ দেশৰ ছবি নিৰ্মাতাজনক কঠোৰ সমালোচনা কৰি কয় ‘এনে বক্তব্য প্ৰদান কৰাৰ বাবে আপোনাৰ লাজ লগা উচিত৷ ইজৰাইলক লৈ যদি আপোনাৰ কোনো নেতিবাচক মন্তব্য আছে মনখুলি কওক৷ কিন্তু আন দেশক লৈ এনে নেতিবাচক মন্তব্য নকৰিব৷’ ভাৰতক উদ্দেশ্যি তেওঁ লিখে–‘যিখন দেশৰ সংস্কৃতিত অতিথিক ভগৱানৰ দৰে সন্মান কৰে, সেই দেশলৈ গৈ দেশখনক অপমান কৰা অন্যায়৷ ‘ইফি’ৰ জুৰীৰ অধ্যক্ষ হৈ তাৰে মৰ্যাদাহানি কৰিছে নাডাভে৷ মই চলচ্ছিত্ৰ বিশেষজ্ঞ নহওঁ৷ কিন্তু কোনো ঐতিহাসিক বিষয়ত মন্তব্য কৰিলে সেই বিষয়ে পঢ়াশুনা কৰি মন্তব্য কৰা সমীচীন৷

উল্লেখ্য, গোৱা আই আই এফ আই চলচ্ছিত্ৰ মহোৎসৱৰ জুৰীৰ অধ্যক্ষ, ইজৰাইলৰ ছবি নিৰ্মাতা লাপিড নাডাভে ‘দ্য কাশ্মীৰ ফাইলছ’ প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হোৱাত স্তম্ভিত হোৱা বুলি মন্তব্য কৰি ছবিখনক কটু সমালোচনা কৰিছিল৷ তেওঁ কৈছিল–‘দ্য কাশ্মীৰ ফাইলছ এখন অমাৰ্জিত, প্ৰপাগাণ্ডা ছবি৷ এনে এখন ছবি ভাৰতীয় পেনোৰমাৰ প্ৰতিযোগিতা শিতানত দেখি মই হতভম্ভ৷ ‘ইফি’ৰ দৰে মৰ্যাদাসম্পন্ন মহোৎসৱত এনে উদ্দেশ্যধৰ্মী প্ৰচাৰ চলোৱাৰ বাবে নিৰ্মাণ কৰা অমাৰ্জিত ছবিয়ে স্থানলাভ কৰা অনুচিত৷’ জুৰীৰ অধ্যক্ষজনৰ বক্তব্য শুনি উচাৎ মাৰি উঠি অনুপম খেৰে তেওঁৰ বক্তব্যৰ প্ৰতিবাদ কৰে৷ তেওঁ কয়–‘যদিহে হল’কাষ্ট [ইহুদী নিধন যজ্ঞ] সত্য হয় তেন্তে কাশ্মীৰত পণ্ডিতসকলক হত্যা কৰাও ঐতিহাসিক সত্য৷ তেওঁৰ বক্তব্য পূৰ্ব পৰিকল্পিত যেন লাগিছে৷ কিয়নো তাৰ পাছতে টুল কিট গেং সক্ৰিয় হৈ পৰিছে৷ তেওঁৰ দৰে এজন ব্যক্তিয়ে এনে মন্তব্য কৰা লজ্জাজনক, কিয়নো তেওঁ নাৎসিৰ হল’কাষ্টৰ [ইহুদী নিধন যজ্ঞ] কবলত পৰা ইহুদী সকলৰ মাজৰ পৰাই আহিছে৷’ আনহাতে ছবিখনৰ পৰিচালক, কাহিনীকাৰ বিবেক অগ্নিহোত্ৰীয়ে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ এটা দৃশ্যও মিছা প্ৰমাণিত হ’লে পৰিচালনাই ত্যাগ কৰিব বুলি মন্তব্য কৰে৷

১৯৮৯ চনত কশ্মীৰি পণ্ডিতসকলক অত্যাচাৰ কৰি জম্মু-কাশ্মীৰৰ পৰা খেদি উঠিওৱা নিৰ্দয় অত্যাচাৰৰ ভিত্তিত নিৰ্মাণ কৰা ‘দ্য কাশ্মীৰি ফাইলছ’ যোৱা ১১ মাৰ্চত মুক্তি পোৱাৰ পাছতে দেশত সমানে প্ৰশংসা আৰু বিতৰ্কৰ সৃষ্টি হৈছিল৷ বিজেপি শাসিত ৰাজ্যত ছুটী, অৰ্ধছুটী ঘোষণা কৰি চৰকাৰী কৰ্মচাৰীক ছবিখন চাবলৈ বাধ্য কৰা হৈছিল৷ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনক প্ৰশংসা কৰাৰ লগে লগে দেশজুৰি বিজেপিৰ মাজত ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ ধুম উঠিছিল৷