Logo
image

কনৰাড চৰকাৰ ভাঙিব বিজেপিয়ে

ডিজিটেল ডেস্ক : মেঘালয়ৰ ৰাজনীতিত এতিয়া যেন নতুন সমীকৰণ আৰম্ভ হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এন পি জি দলৰ মুৰব্বী কনৰাড চাংমাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ ইংগিত দিয়াৰ পাছতেই মেঘালয়ৰ চৰকাৰ ভঙাৰ বাবে সাজু হৈছে বিজেপি৷ দুদিন পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ২০২৩ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধান সভাৰ নিৰ্বাচনত  বিজেপিৰ সৈতে এন পি পি দলে কোনোধৰণৰ মিত্ৰতা নকৰে বুলি স্পষ্ট ঘোষণা কৰিছে৷  শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ মুক্ৰৰ ঘটনাক কেন্দ্ৰ কৰি এন পি পিৰ মুৰব্বী কনৰাড চাংমা আৰু নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজনৈতিক দূৰত্ব বৃদ্ধি পাইছে৷ অৱশ্যে এন পি পিৰ মূৰব্বীজনৰ সৈতে ৰাজনৈতিক সম্পৰ্কত ফাঁট মেলিলেও মেঘালয়ৰ বিজেপি নেতা-সমৰ্থক তথা সাধাৰণ ৰাইজে নেডাৰ আহ্বান হিচাপে বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক যাতে বেয়া নাপায় সেইবাবে মুক্ৰৰ ঘটনাৰ কোনো তদন্ত অবিহনেই অসম আৰক্ষীকে দোষাৰোপ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনকি মেঘালয়বাসীৰ মন জয় কৰাৰ বাবে অসম আৰক্ষীৰ গুলীত মৃত্যু হোৱা মেঘালয়ৰ পাঁচ দুবৃৰ্ত্তৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণো ঘোষণা কৰিছিল৷ অৱশ্যে এম পি পিৰ মুৰব্বী কনৰাড চাংমাই বিজেপিৰে সম্পৰ্কত আউল লগাৰ ইংগিত দিলেও উত্তৰ পূৰ্বৰ চাণক্য বুলি বিজেপিয়ে দাবী কৰা নেডাৰ আহ্বায়ক হেমন্ত বিশ্ব শৰ্মাই এন পি পি দলৰ ভেটিত ৰাজনৈতিক খহনীয়া সৃষ্টিৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি কুচ-কাৱাজ আৰম্ভ কৰিছে৷ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ ব্লুপ্ৰিণ্ট অনুসৰি এন পি পি দলৰ দুই বিধায়ক আৰু তৃণমূল কংগ্ৰেছৰ এজন বিধায়কেও দলৰ পৰা পদত্যাগ কৰিছে৷ তদুপৰি কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ আবু তাহেব মণ্ডলেও মঙলবাৰে দল ত্যাগ কৰে৷ মেঘালয়ৰ এই চাৰিওজন নেতাই ডিচেম্বৰ পহিলা সপ্তাহতে আনুষ্ঠানিকভাৱে বিজেপি যোগদান কৰিব৷ বিজেপিত যোগদানৰ পূৰ্বে বুধবাৰে সন্ধিয়া সদ্য পদত্যাগী ৩ বিধায়কসহ মেঘালয়ৰ ৭ জন বিধায়কে দিছপুৰত নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে৷ দীৰ্ঘ সময় মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে আলোচনাত মিলিত হোৱা দলটোত মেঘালয় বিজেপিৰ দুজন বিধায়কো আছে৷ অৱশ্যে ৭ জনীয়া দলটোত থকা আন দুই বিধায়ক কোন দলৰ সেয়া বৰ্তমানেও ৰাজহুৱা কৰা নাই৷ যাক লৈ শ্বিলঙতো এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে৷ অৱশ্যে বিজেপিৰ এটা সূত্ৰই দাবী কৰা মতে নিৰ্বাচনৰ পূৰ্বেই কনৰাড চাংমাৰ চৰকাৰ তথা এন পি পি দলক শ’লঠেকত পেলোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত জাল পেলাইছে৷ দুই এন পি পি বিধায়কে দলৰ পৰা পদত্যাগ কৰাত বিজেপি শিবিৰ উৎফুল্লিত হ’লেও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিৰ্বাচনৰ পূৰ্বে নেতাই দল সলনি কৰাটো স্বাভাৱিক পৰম্পৰা বুলিহে কটাক্ষ কৰা দেখা গৈছে৷