Logo
image

৫ ডিচেম্বৰত বন্ধ কৰা হ’ব বেলট বাকচ

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সাংগঠনিক নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২৪ ডিচেম্বৰত৷ সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হৈ থকা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ১৩ নৱেম্বৰত সমাপ্ত হয়৷ ইয়াৰ পাছত আৰম্ভ হয় কেন্দ্ৰীয় নিৰ্বাচন   সমিতিলৈ বেলট কাকত প্ৰেৰণ কৰা প্ৰক্ৰিয়া৷ বেলট কাকতবোৰ প্ৰেৰণ কৰাৰ পাছত ৫ ডিচেম্বৰত বেলট বাকচ বন্ধ কৰা হ’ব৷ সাহিত্য সভাৰ বিভিন্ন জিলা সভা আৰু ভিন্ন শাখা সভাৰ বহু কৰ্মকৰ্তাৰ পৰা জানিব পৰা মতে, অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে এইবাৰ মূল যুঁজ প্ৰখ্যাত সাহিত্যিক য়েছে দৰজে ঠংচি আৰু ড॰ সূৰ্য্য হাজৰিকাৰ মাজত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ প্ৰথমাৱস্থাত য়েছে দৰজে ঠংচিয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও শেষ মুহূৰ্তত ড॰ সূৰ্য্য হাজৰিকাই নিজৰ স্থিতি অধিক শক্তিশালী কৰি তোলে৷ সভাপতি পদৰ আন চাৰিজন প্ৰাৰ্থী, বিশিষ্ট সাহিত্যিক প্ৰসাদ চন্দ্ৰ তাছা, ড॰ জগদীশ পাটগিৰি, নাহেন্দ্ৰ পাদুন আৰু ৰোমান শৰ্মাই নিৰ্বাচনৰ ফলাফলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যদিও তেওঁলোকে কিমান ভোট লাভ কৰিব সেয়া সময়েহে ক’ব৷ উপ-সভাপতি পদৰ বাবে মূল যুঁজ হোৱাৰ সম্ভাৱনা আছে ধীৰেন শৰ্মা [ গুৱাহাটী] আৰু ডাঃ গিৰীশ সন্দিকৈৰ [তিনিচুকীয়া] মাজত৷ সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য হিচাপে ডাঃ গিৰীশ সন্দিকৈয়ে নিজৰ স্থিতি শক্তিশালী কৰি গঢ়ি তোলাৰ সমান্তৰালভাৱে ধীৰেন শৰ্মাৰো আছে শক্তিশালী স্থিতি৷ কামৰূপৰ বাসিন্দা হিচাপে মহানগৰৰ জিলা সাহিত্য সভাৰ পৰা তেওঁ বহুসংখ্যক ভোট লাভ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ উপ-সভাপতি পদৰ প্ৰাৰ্থী বাগ্‌সাৰ ড॰ বসন্ত কুমাৰ শৰ্মা আৰু গণেশ চন্দ্ৰ নাথ, বৰপেটাৰ গোৱিন্দ তালুকদাৰ আৰু গোলাঘাটৰ পৱিত্ৰ বৰবৰায়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ আনহাতে, সভাৰ মূল চালিকাশক্তি হিচাপে চিহ্নিত প্ৰধান সম্পাদক পদৰ বাবে মূল যুঁজ হোৱাৰ সম্ভাৱনা আছে পূৰ্বৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক দেৱজিৎ বৰা আৰু ধুবুৰীৰ বি এন কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা সভাৰ বৰ্তমানৰ পত্ৰিকা সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাৰ মাজত৷ কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা দেৱজিৎ বৰাই কামৰূপ মহানগৰ, যোৰহাট, তিনিচুকীয়া আৰু নগাঁৱৰ বিভিন্ন শাখা সভাৰ পৰা গৰিষ্ঠসংখ্যক ভোট লাভ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে ড॰ উপেন্দ্ৰজিৎ শৰ্মাই ধুবুৰী, নলবাৰী আৰু কামৰূপৰ গৰিষ্ঠসংখ্যক ভোট লাভ কৰাৰ আশা আছে৷ এই পদত প্ৰতিদ্বন্দ্বিতা কৰা বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা সদৰী কৰিছে সাহিত্য সভাৰ কেইবাখনো জিলা সমিতি আৰু শাখাই৷ প্ৰধান সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা কৰা হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ বৰঠাকুৰ আৰু যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দ বৰাও প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ অসম সাহিত্য সভাত বৰ্তমান ২৬খন জিলা সভাসহ ৭৮৪টা ভোট আছে৷ এই ভোটাৰেই নিৰ্বাচন কৰিব অসম সাহিত্য সভাৰ নতুন সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকক৷ এইবাৰৰ নিৰ্বাচনত শেষ হাঁহি কোনে মাৰিব সেয়া জানিবৰ বাবে ২৪ ডিচেম্বৰত নলবাৰীত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকলৈ সকলোৱে অপেক্ষা কৰিব লাগিব৷

কোন হ’ব কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নতুন সভাপতি

আগন্তুক ২০২৩-২০২৫ দুবছৰীয়া কাৰ্যকালৰ বাবে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি পদৰ বাবে চাৰিগৰাকী প্ৰাৰ্থী ক্ৰমে সাহিত্যিক, নাট্যকাৰ, প্ৰাক্তন আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মন,  অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া অসমী গগৈ, সবিতা দেৱী তথা কবি কিশোৰ জৈন, উপ- সভাপতি পদৰ বাবে হৰেশ্বৰ ডেকা আৰু দুৰ্গেশ্বৰ পাঠক তথা সম্পাদক পদৰ বাবে দীপাংকৰ ৰায়মেধি আৰু মুকুট দাসে যোৱা ২৯ আৰু ৩০ নৱেম্বৰত পৰ্যায়ক্ৰমে অসম সাহিত্য সভাৰ প্ৰশাসনিক কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱন প্ৰাংগণস্থিত প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মা ভৱনত নিজ নিজ মনোনয়ন-পত্ৰসমূহ মুখ্য নিৰ্বাচনী বিষয়াৰ হাতত অৰ্পণ কৰে৷ এই মনোনয়ন-পত্ৰসমূহ ৰ ডিচেম্বৰত পৰীক্ষা কৰা হ’ব৷ ২ আৰু ৩ ডিচেম্বৰত মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ তাৰিখ৷ ৫ৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা শাখাসমূহে বেলট পেপাৰ সংগ্ৰহ কৰিব লাগিব আৰু মেঘদূত ভৱনত স্থাপন কৰা নিৰ্দিষ্ট পোষ্ট বাকচত বেলট পেপাৰসমূহ সভাৰ সংবিধানৰ নিয়ম আনুযায়ী পূৰ্ণ কৰি উক্ত বাকচত সুমুৱাই দি অৰ্থাৎ মতদান কৰি সভাৰ অন্তৰ্গত শাখাসমূহে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীক সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন কৰিব পাৰিব৷ ১৭ ডিচেম্বৰত কাৰ্যনিৰ্বাহক সভাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷

দৰং জিলা সাহিত্য সভাৰ সভাপতি পদত দুজন প্ৰাৰ্থী

দৰং জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ সাংগঠনিক নিৰ্বাচনৰ বাবে যোৱা ২১ নৱেম্বৰত নিৰ্বাচনী সমিতিয়ে জাৰি কৰা অধিসূচনা পাছত ২৮ নৱেম্বৰত মনোনয়ন-পত্ৰ দাখিল, ২৯ নৱেম্বৰত মনোনয়ন-পত্ৰ পৰীক্ষণৰ অন্তত সভাপতি পদৰ বাবে ক্ৰমে বৰদা শইকীয়া আৰু ৰজনী কান্ত নাথ, উপ-সভাপতি পদৰ বাবে হীৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু বাসৱ চন্দ্ৰ ডেকা আৰু সম্পাদক পদৰ বাবে গৌতমানন্দ গোস্বামীৰ নাম বৈধ বুলি ঘোষিত হোৱাৰ বিপৰীতে উপ-সভাপতি পদৰ প্ৰাৰ্থী আব্দুল কাদিৰ আহমেদ আৰু সম্পাদক পদৰ প্ৰাৰ্থী ঘনকান্ত ডেকাৰ মনোনয়ন-পত্ৰ নাকচ হোৱা বুলি নিৰ্বাচন সমিতিয়ে ঘোষণা কৰে৷ আনহাতে, ৩০ নৱেম্বৰত মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত সম্পাদক পদৰ বৈধ প্ৰাৰ্থী গৌতমানন্দ গোস্বামীয়ে স্বাস্থ্যজনিত কাৰণত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত দৰং জিলা সাহিত্য সভাৰ সাংগঠনিক নিৰ্বাচনৰ বাবে লক্ষণীয়ভাৱে সম্পাদক পদৰ প্ৰাৰ্থী শূন্য হৈ পৰে৷  দৰং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সভাপতি আৰু উপ-সভাপতি পদৰ নিৰ্বাচনৰ বাবে ২-৫ ডিচেম্বৰত দিনৰ এঘাৰ বজাৰ পৰা তিনিবজাৰ ভিতৰত শাখা সভাসমূহৰ সভাপতি বা সম্পাদকে চীল-মোহৰসহ বেলট পেপাৰ জিলা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি ২১ ডিচেম্বৰৰ আবেলি চাৰি বজাৰ ভিতৰত মঙলদৈ মুখ্য ডাকঘৰ পোৱাকৈ বেলট পেপাৰসমূহ পোষ্ট কৰিব লাগিব৷ ২৩ ডিচেম্বৰত দৰং জিলা সাহিত্য সভাৰ প্ৰকল্পত পুৱা ১১-০০ বজাৰ পৰা ভোটগণনা কৰা হ’ব আৰু ভোটগণনাৰ অন্তত জিলা কাৰ্যনিৰ্বাহক সভাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব বুলি জিলা সাহিত্যৰ সভাৰ নিৰ্বাচনী সমিতিৰ সভাপতি হৰি চন্দ্ৰ শৰ্মাই জনাইছে৷