Logo
image

২৭খন জনসভা! গুজৰাটৰ বাবে জঁপিয়াই পৰিছে প্ৰধানমন্ত্ৰীও

ডিজিটেল ডেস্ক :  গুজৰাট বিধানসভাৰ বহুচৰ্চিত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে সন্মানৰ প্ৰশ্ন হিচাপে চিহ্নিত এই নিৰ্বাচনৰ কাইলৈৰ প্ৰথম পৰ্যায়ৰ ভোটদান  ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৫ ডিচেম্বৰত৷ ৮ ডিচেম্বৰত ফলাফল ঘোষণা হ’ব৷ বিগত ২৭ বছৰ ধৰি গুজৰাটত শাসন চলাই থকা বিজেপি দলে এইবাৰ আপৰ পৰা অভাৱনীয় প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে৷ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী কৰিছে যে এইবাৰ আপে গুজৰাটত চৰকাৰ গঠন কৰিব৷ বিগত সময়ছোৱাত বিজেপি দলক মুকলি প্ৰত্যাহ্বান জনাই আপে গুজৰাটৰ ইমূৰৰ পৰা সিমূৰলৈ একাধিক জনাকীৰ্ণ ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত কৰি চমক দিবলৈ সক্ষম হয়৷ কেৱল আপেই নহয়, কংগ্ৰেছৰ পৰাও তীব্ৰ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি দলে৷ গুজৰাটত কংগ্ৰেছৰ অৱস্থা যথেষ্ট শক্তিশালী নহয় যদিও টিকটৰ পৰা বঞ্চিত বিজেপিৰ একাংশ বিধায়কে গোপনে কংগ্ৰেছক সহায় কৰাৰ অভিযোগ বিজেপিৰ আভ্যন্তৰতে উত্থাপিত হৈছে৷ উল্লেখ্য, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ বৰ্তমানৰ  মুঠ ৪০জন বিধায়কে টিকট লাভৰ পৰা বঞ্চিত হয়৷ এই ৪০জন বিধায়কৰ ভিতৰত প্ৰাক্তন মন্ত্ৰীও আছে৷ তেওঁলোকৰ ঠাইত নতুন মুখৰ প্ৰাৰ্থীক এইবাৰ দলীয় টিকট দিয়া হৈছে৷ যাৰ ফলত দলীয় টিকটৰ পৰা বঞ্চিত বিজেপিৰ এইসকল বিধায়কে গোপনে কংগ্ৰেছক সহায় কৰি থকা বুলি দলৰ ভিতৰতে অভিযোগ উঠিছে৷  ফলত বিজেপি শিবিৰত সৃষ্টি হৈছে অধিক দুঃচিন্তা৷ সুদীৰ্ঘ ২৭ বছৰ শাসনত থকাৰ পিছত গুজৰাটত এইবাৰ বৃদ্ধি পাইছে প্ৰতিষ্ঠানবিৰোধী ঢৌ৷ যাৰ বাবে বিজেপিৰ দুৰ্গ ৰক্ষাৰ বাবে বিগত সময়ছোৱাত গুজৰাটত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অধিকাংশ সদস্য, বিজেপিৰ অধিকাংশ সৰু বৰ নেতা, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায় গুজৰাটৰ চুকে-কোণে৷ বিগত দুটা দিনত প্ৰধানমন্ত্ৰী মোদীয়ে ৭খন জনসমাৱেশত অংশ লোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে অতি কমেও ২৭খন জনসভাত অংশ ল’ব বুলি দলীয় সূত্ৰত প্ৰকাশ৷ নিৰ্বাচনী পৰ্যবেক্ষকসকলৰ মতে এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ তুলনাত বিজেপিৰ আসন হ্ৰাস পোৱাৰ আশংকা আছে৷ উল্লেখ্য, আপৰ চমকপ্ৰদক আৰু আকস্মিক উত্থানে অধিক বিমোৰত পেলাইছে বিজেপিক৷ গুজৰাটৰ নিৰ্বাচনী ফলাফলে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশে¡ষকসকলে ধাৰণা কৰিছে৷ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বাবে এইবাৰৰ গুজৰাটৰ নিৰ্বাচন নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে অধিক নিৰ্ণায়ক হৈ পৰিছে৷